হাৰিয়ানাৰ নৃত্যশিল্পী পলক চাইনীৰ এটা ভিডিঅ’ স্বামীহন্তা মুস্কান ৰস্তোগীৰ বুলি মিছা দাবীৰে প্ৰচাৰ।  

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অলপতে চাহিল নামৰ নিজৰ পৰকীয়া প্ৰেমিকৰে মিলি নিজৰ স্বামী সৌৰভক হত্যা কৰি ১৫টুকুৰাকৈ কাটি পেলোৱা মুস্কান ৰস্তোগীৰ নৃত্যৰত ভিডিঅ’। স্বামীক হত্যা কৰি মুস্কানে এইদৰে নৃত্য কৰা বুলি দাবী কৰি লিখিছেঃ- কেনেকৈ সম্ভৱ বাৰু? নিজৰ গিৰিয়েক সৌৰভক পৰকীয়া প্ৰেমিক চাহিলৰ লগ লাগি হত্যা কৰি […]

Continue Reading

বিহাৰৰ পুৰ্ণিয়াত এমাহ পূৰ্বে সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ ভিডিঅ’ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰত হিন্দু মহিলাক ধৰ্ষণ আৰু শিশু হত্যা বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ বুলি দাবী কৰিছে। কোৱা হৈছে যে এটা হিন্দু পৰিয়ালৰ তিনিটি শিশু আৰু দুগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যা কৰা হৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এইদৰে লিখিছে- এয়া আজিৰ বাংলাদেশৰ মৈমনসিং-গিৰিপুৰৰ কাণ্ড য’ত স্থানীয় ধৰ্মান্দ্ব জেহাদীৰ একাংশ লোকে হিন্দুৰ ঘৰলৈ গৈ নিষ্ঠুৰ ভাৱে আক্ৰমণ […]

Continue Reading

অন্ধ্ৰপ্ৰদেশৰ পুৰণি ভিডিঅ’ কটন বিশ্ববিদ্যালয়ৰ ধ্ৰুৱজ্য়োতি বৰ্মন হত্যাকাণ্ড বুলি অসমৰ হোৱাটছএপত ভাইৰেল।

২ অক্টোবৰ ২০২৪ বুধবাৰে ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত অসমৰ ৰাজধানী গুৱাহাটীৰ গাতে লাগি থকা যোৰাবাটত এটা ঘটনা সংঘটিত হয়। খবৰ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনক ৰডেৰে মৰিয়াই হত্যা কৰে কোনো ট্ৰাক চালকে। তাৰ পাছতে বিয়লিৰ ভাগলৈ অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত ব্যৱহাৰকাৰীৰ হোৱাটছএপতো বিয়পি পৰা […]

Continue Reading

ইজৰাইলী সেনাই পানী আনিবলৈ যোৱা পেলেষ্টাইনী ভাই-ভনী এহালক হত্যা কৰাটো সত্যনে?

শেহতীয়াকৈ অসমৰ ফেচবুকত এখন বিশেষ ফটো প্ৰচাৰ হোৱা দেখা গৈছে। দুটি কণমানিৰ মৃতদেহৰ ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ইজাইৰলী সেনাই সেই ভাতৃ-ভগ্নীহালক পানী আনিবলৈ যাওকে হত্যা কৰিছে। ফটোখন শ্বেয়াৰ কৰি কেপছনত লিখিছে –এহাল পেলেষ্টাইনী ভাই-ভনী পানী আনিবলৈ গৈছিল আৰু ইজৰাইলী সৈন্যই সিহঁতক হত্যা কৰিছিল। সৰু ভাইটিয়ে ভনীয়েকৰ মৃতদেহ ঘৰলৈ টানি লৈ গ’ল। ইজৰাইলে […]

Continue Reading

এই ফটোখনত মণিপুৰৰ ছাত্ৰ -ছাত্ৰী দুগৰাকীৰ হত্যাকাৰী হাতত বটল আৰু বন্দুক লৈ সঁচাকৈয়ে বহি আছেনে?

মণিপুৰৰ পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত। শেহতীয়াকৈ দুগৰাকী নিখোজ মেইটেই ছাত্ৰ- ছাত্ৰীৰ মৃতদেহৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে সকলো স্তম্ভিত হৈ পৰিছে। এই ছাত্ৰ – ছাত্ৰী দুগৰাকী হ’ল ১৭ বছৰীয়া লুৱাংগবি লিনথৈংগাম্বি হিজাম আৰু ২০বছৰীয়া  ফিজাম হেমনজিৎ সিং। এনে সময়তে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- The two teenager was killed by Arambai Tengol […]

Continue Reading

মণিপুৰত সঁচাকৈ এইদৰে এগৰাকী মেইতেই মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে নেকি?

অতি শেহতীয়াভাৱে মণিপুৰত জনজাতিকৰণক লৈ যি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় প্ৰতিদিনেই ন ন খবৰে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ শিৰোনাম দখল কৰিছে। মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ All-Tribal Students’ Union Manipurএ ৩ মে ২০২৩ ত উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক উত্তেজনাৰ সৃষ্টি হয় আৰু তাৰ পৰা এই হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। […]

Continue Reading

অসমত কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা সংঘটিত হোৱা নাই

শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত ‘লাভ জেহাদ’ দাবীৰে কেইবাটাও অভিযোগ বৃদ্ধি পোৱা দেখা গৈছে। এই অভিযোগসমূহৰ অধিকাংশৰে একে ধৰণৰ আৰ্হি আছে,য’ত থাকে এজন মুছলমান পুৰুষ, এগৰাকী হিন্দু মহিলা আৰু এক ভয়ংকৰ হত্যাকাণ্ড। ইয়াৰ মাজতে অসমত সাতজন মুছলমান পুৰুষে কাজল নামৰ ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত […]

Continue Reading