মক্কাৰ ক্লক টাৱাৰৰ এবছৰ পূৰণি ঘটনাৰ দৃশ্যক শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে ফেচবুকত। 

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে।  ফটোখন আপলোড কৰি এটা ফেচবুক পেজে দাবী কৰিছে যে সেয়া মক্কাৰ ক্লক টাৱাৰত হোৱা শেহতীয়া বিজুলী ধেৰেকনীৰ দৃশ্য। ২৯ আগষ্টত ফটোখন আপলোড কৰি সেই দৃশ্য শেহতীয়া বুলি দাবী কৰা হৈছে। ফটোখনৰ ওপৰত লিখি দিয়া হৈছে- মক্কাৰ ক্লক টাৱাৰত বিজুলীৰ চুম্বন। Archived Link  আমি সেই ফটোখনৰ মূল ভিডিঅ’টো […]

Continue Reading

২০১৬ চনতে পেলেট গানত আহত কাশ্মীৰৰ লোকৰ ফটো বৰ্তমানৰ কৃষক আন্দোলনকাৰীৰ বুলি প্ৰচাৰ কৰা হৈছে মিছাকৈ। 

দেশত চলি থকা কৃষক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন মিছা খবৰ, তথ্য বিয়পি পৰিছে। কৃষকৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে হাৰিয়ানা আৰু পঞ্জাৱৰ শম্ভু আৰু খানাউৰী সীমান্তত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগো বিভিন্ন মাধ্যমত উত্থাপন হৈছে। আনহাতে হাৰিয়ানাৰ ডিজিপি শত্ৰুজীত কাপুৰে এই অভিযোগ খণ্ডন কৰিছে যদিও আহত প্ৰতিবাদকাৰীসকলৰ চিকিৎসা পৰীক্ষাত পেলেট ব্যৱহাৰৰ প্ৰমাণো পোৱা গৈছে। ইয়াৰ মাজতে এজন […]

Continue Reading

ইজৰাইলী সৈন্যই পেলেষ্টাইনৰ নিৰীহ শিশুক গ্ৰেপ্তাৰ কৰাটো সত্য হয়নে? জানক। 

ইজৰাইলী সেনাই পেলেষ্টাইনৰ নিৰ্দোষ শিশুসকলকো গ্ৰেপ্তাৰ কৰি নিৰ্যাতন কৰা বুলি এটা দাবী এখন ফটোৰে সৈতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এক্স(পূৰ্বৰ টুইটাৰ)ত সেই দাবী কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে ISRAEL arresting INNOCENT PALESTINIAN CHILDREN!(ইজৰাইলৰে নিৰীহ পেলেষ্টাইনী শিশুক  গ্ৰেপ্তাৰ কৰিছে!)  Archived Link Xৰ সেই লিংকটো আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবীৰ সত্যাসত্য […]

Continue Reading

আইছিছে ছিৰিয়াত ধ্বংস কৰা মছজিদৰ ভিডিঅ’ পেলেষ্টাইনত ইজৰাইলে কৰা আক্ৰমণ বুলি ভাইৰেল।  

অতি শেহতীয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মছজিদত নামাজ পঢ়ি থকাৰ সময়তে এক বিস্ফোৰণ হয়। ভিডিঅ’টোত দাবী কৰা হৈছে যে পেলেষ্টাইনৰ এই মছজিদটো বৰ্তমানৰ যুদ্ধৰ সময়ত ইজৰাইলীসকলে ধ্বংস কৰিছে । […]

Continue Reading

দুৰ্গা পূজা, দীপাৱলী, ৰাখী বন্ধন, ষঠ পূজা আদিৰ বন্ধ সঁচাকৈয়ে কৰ্তন কৰিলে নেকি শিক্ষা বিভাগে? 

যোৱা ৩০ আগষ্ট ২০২৩ বুধবাৰে অসমৰ ডিজিটেল সংবাদ প্ৰতিস্থান TIME8 এ কৰা এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোৰ শিৰোনাম লিখা হৈছে- “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ।” তদুপৰি বৰ্ণনাত লিখা হৈছে – “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ, ষঠ পূজাতো খোলা ৰাখিব লাগিব স্কুল, গৰজি […]

Continue Reading