এই ফটোখন ৰাছিয়াৰ কামছাটকাৰ নহয়। বৰং হাৱাইৰ ক্ৰেটাৰ ৰিম ড্ৰাইভৰহে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২৯জুলাই ২০২৫ত ৰাছিয়াৰ কামছাটকা অঞ্চলত হোৱা প্ৰৱল ভূমিকম্পৰ এটা বাতৰি প্ৰকাশ কৰি তাত এখন ফটো ব্যৱহাৰ কৰা হৈছে। দাবী কৰা হৈছে যে সেইখন কামছাটকাৰ ভূমিকম্পৰ পাছৰ ফটো। Facebook Link Archived Link  ফেচবুক পোষ্টটোৰ লগত সংলগ্ন ৱেবছাইটৰ বাতৰিটোতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে।  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

এই ভিডিঅ’টো ২০২৩চনৰ আগষ্টৰে। ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।  

যোৱা ৩১ জুলাই ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱাৰ দৰে ৰাছিয়াত যোৱা ২৯ জুলাইত হোৱা ভূমিকম্পৰ পূৰ্বে মাজ সাগৰৰ পৰা কেইটামান বেলুগা তিমি মাছ পাৰলৈ উঠি আহিছিল আৰু ভূমিকম্পৰ আগজাননী দিছিল। Facebook Link Archived Link Facebook Link Archived Link ১ আগষ্ট ২০২৫তো একেধৰণৰ দাবীৰে এটা ফেচবুক ৰীল […]

Continue Reading

এই ভিডিঅ’টোত থকা এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। ৩০ চেকেণ্ডৰ এই ভিডিঅ’টোত মুঠ ছয়টা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’ কৰি সেই দৃশ্যসমূহ ২৯জুলাইৰ ৰাছিয়াৰ ভূমিকম্পৰ সময়ৰ বুলি দাবী কৰিছে। লিখিছে- ৰাছিয়াত যোৱা কালি হোৱা ৮.৮ […]

Continue Reading

এয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি কৰা দাবীটো আংশিকভাৱে মিছা। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। গোটেই ভিডিঅ’টোত মুঠ চাৰিটা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত লিখিছে-  ৮.৭ প্ৰাব্যলৰ ভূমিকম্পত ৰাছিয়াত ভয়ংকৰ পৰিস্থিতি ভয়ংকৰ ভূমিকম্পৰ পাছতে ৰাছিয়াৰ সাগৰত ছুনামিৰ প্ৰভাৱ সাগৰপৃষ্ঠৰ পৰা ১৩ ফুট পৰ্যন্ত উঠিছে […]

Continue Reading