অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিবেশনলৈ এজনো ইছলামধৰ্মী সাহিত্যিকক আমন্ত্ৰণ জনোৱা হোৱা নাই বুলি মিছা দাবীৰে বাতৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাৱে  যোৱা ৩০ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজে এটা পোষ্ট কৰি দাবী কৰিছে যে অসমৰ পাঠশালাত আয়োজন কৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিবেশনত এজনো ইছলামধৰ্মী সাহিত্যিক তথা বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনোৱা হোৱা নাই। অধিবেশনৰ মূল কাৰ্যসূচীৰ প্ৰথম পৃষ্ঠাটো আপলোড কৰি তেওঁলোকে লিখিছেঃ- শ্বহীদ মোজাম্মিল হ’কে প্ৰাণ দি ৰক্ষা কৰিছিল অসমীয়া ভাষা। আজি অসম […]

Continue Reading

ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰা লোৱা বুলি কোৱা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীয়ে ভাষণ দি থকা এটা ভিডিঅ’ আপলোড কৰিছে, যিটো ভিডিঅ’ত ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলাম ধৰ্মৰ পৰা লৈছিল বুলি কোৱা শুনা হৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰাহে লৈছিল বুলি কৈছিল। কেপছনত লিখিছেঃ- ৰাহুল গান্ধীয়ে কৈছে মহাত্মা […]

Continue Reading

এখন মাদ্ৰাছাৰ বাৰ্ষিক প্ৰতিযোগিতাৰ নাটকৰ দৃশ্যকে বাংলাদেশত আইছিছ, আল-কাইডাৰ কাৰ্যকলাপ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ চৰ্চিত হৈছে। ভিডিঅ’টোত দেখা গৈছে যে পৰিধানত ইছলাম ধৰ্মীয় পোচাকৰ সৈতে একাংশ লোক এখন মঞ্চত বহি আছে। মঞ্চৰ ভাষণস্থলিত এগৰাকী লোকে আৰবী ভাষাত ভাষণ দিছে আৰু তেওঁৰ দুয়োকাষে হাতত উদ্যত মাৰনাস্ত্ৰ ৰৈ আইছিছ আদি সন্ত্ৰাসবাদী সংগঠনৰ দৰে পোচাক পৰিচ্ছদ কৰা দুজন লোক। মঞ্চৰ পিছফালে বৰ বৰ হৰফেৰে লিখা আছে […]

Continue Reading

বাংলাদেশৰ ইছলামিক ধৰ্মগুৰু আৰু শিক্ষাবিদৰ সন্মিলনৰ ফটো আল-কাইডাৰ নতুন সংগঠনৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেয়া বাংলাদেশত আল-কাইডাই নতুন সংগঠন খোলা দৃশ্য। পোষ্টটোত লিখিছে- #বাংলাদেশত আৰম্ভ হৈছে #আল_কায়দা ৰ সংগঠন ..এয়া ভাৰতৰ অংগ  ৰাজ্য পশ্চিমবঙ্গ আৰু অসমৰ বাবে #অশনি_সংকেত Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক তথা জৱাহৰলাল নেহৰুৰ পৰিয়াল আৰু ফিৰোজ গান্ধী সম্পৰ্কে ভুৱা তথ্য ভাইৰেল।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পোষ্ট চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। এনে সময়তে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকক লৈও এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভাইৰেল পোষ্টটোত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক সদৃশ এখন হাতৰ ফটো শ্বেয়াৰ কৰা হৈছে। ফটোখনত থকা হাতখন কোনো ধাতুৰে নিৰ্মিত যেন অনুমান হয়। হাতখনৰ ওপৰত আৰবী […]

Continue Reading