টেলেংগানাৰ মেদকৰ নাৰচিংগি ৰোডত সংঘটিত হোৱা এটা দুৰ্ঘটনাত আহত বাঘ এটাৰ দৃশ্য অসমৰ গুৱাহাটীৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। সেই ভিডিঅ’টোত আমি দেখোঁ যে এটা আহত নাহৰফুটুকীয়ে এখন মটৰচাইকেললৈ চোঁচা লৈছে আৰু ৰাজপথত অসহায়ভাৱে ৰৈ গৈছে। তাকেই একাংশ লোকে চাই থকা দেখা গৈছে। এই ভিডিঅ’টো অসমৰ গুৱাহাটীৰ বুল দাবী কৰা হৈছে। যোৱা ৮ মাৰ্চ ২০২৫ত এগৰাকী ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো আপলোড কৰিছে আৰু ভিডিঅ’টোৰ […]

Continue Reading

২০১৯ চনৰ লাল কপ্টান চিনেমাখনৰ ফটো এখনকে চেইফ আলী খানে দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা ফটো বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাৱে বলিউডৰ অভিনেতা চেইফ আলী খানৰ ওপৰত দুৰ্বৃত্তই আক্ৰমন কৰা ঘটনাই সমগ্ৰ দেশকে স্পৰ্শ কৰিছে। সামাজিক মাধ্যমত এই বিষয়ত বিভিন্ন আলোচনা দেখা পোৱা গৈছে। অসমৰ ফেচবুকতো এই ধৰণৰ আলোচনা পৰিলক্ষিত হৈছে। তাৰ মাজতে ১৭ জানুৱাৰী ২০২৪ত এগৰাকী ব্যৱহাৰকাৰীয়ে চেইফ আলী খানৰ এখন ফটো আপলোড কৰি সেয়া তেওঁক দুৰ্বৃত্তই আক্ৰমন কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। […]

Continue Reading

মমতা বেনাৰ্জীৰ ভৰিত প্লাষ্টাৰ লগোৱা অৱস্থাৰ ফটোখন শেহতীয়া দুৰ্ঘটনাৰ নহয়।

শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিজ বাসগৃহত এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি দক্ষিণ কলকাতাৰ বেলিগঞ্জত অনুষ্ঠিত এক অনুষ্ঠানৰপৰা উভতি অহাৰ পিছত ৬৯ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে নিজ বাসগৃহত পিছলি পৰি ঘৰৰ আচবাবত খুন্দা মৰাৰ ফলত মূৰত আঘাত পায়। ইয়াৰ পিছতে চ’চিয়েল মিডিয়াত এই সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ লগতে বিভিন্ন ফটো ভাইৰেল হৈ পৰে। […]

Continue Reading