বাংলাদেশৰ এই ভিডিঅ’টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ।

হিংসাজৰ্জৰ বাংলাদেশৰ এটা খুব আমনিদায়ক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মৃতপ্ৰায় ব্যক্তিক এটা মূৰ্তিত ওলোমাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কিছুমান লোকে। দাবী কৰা হৈছে এই ব্যক্তিজন হিন্দু আৰু তেওঁক মুছলমান লোকে বাংলাদেশত এইদৰে অত্যাচাৰ কৰিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত অশান্তিৰ ধৰ্মৰ মুছলমানে হিন্দু পুৰুষ এজনক মজিবৰ ৰহমানৰ […]

Continue Reading

মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

দেশত কা বলৱৎ হোৱাৰ পিছতে আইনখনৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এনে সময়তে মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ চেপ্তেম্বৰৰ প্ৰাৰ্থনা সভাত কৰা বক্তব্য বুলি ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত লিখা আছে এইদৰে,”মহাত্মা গান্ধীৰ ২৬ ছেপ্তেম্বৰ ১৯৪৭ চনৰ এখন প্ৰাৰ্থনা সভাৰ বক্তব্যত কৈছিল -‘যি সকল হিন্দু আৰু শিখ পাকিস্তানত […]

Continue Reading

পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া হিংসাত্মক ঘটনাৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ উত্তৰাখণ্ড চৰকাৰে হালদ্বানীত অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ ফলত চহৰখনত অশান্তিৰ সৃষ্টি হয়। অঞ্চলটোত দুষ্কৃতিকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা আৰু বাহনত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে। এই ঘটনাত বহু আৰক্ষী বিষয়া আহত হয়। এই সম্পৰ্কে বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তদুপৰি শেহতীয়াকৈ উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল ক’ড বলৱৎ হোৱাৰ […]

Continue Reading

এই ভিডিঅ’টো স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্যৰ নহয়।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত স্বামী বিবেকানন্দৰ চিকাগো ভাষণ বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত স্বামী বিবেকানন্দৰ নিচিনা পোছাক পৰিহিত এজন ব্যক্তিয়ে ভাষণ আৰম্ভ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ’টো স্বামী বিবেকানন্দই চিকাগোত দিয়া ভাষণৰ দৃশ্যৰ। ভিডিঅ’টো ফেচবুকতো আমি পালোঁ। Facebook Link | Archived Link কিন্তু সঁচাকৈয়ে সেয়া স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্য হ‌য়নে? […]

Continue Reading

জৱাহৰলাল নেহৰুৰ ১৯৬২ চনৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে ১৯৬২ চনৰ পৰাজয়ৰ পিছত স্বামী বিদ্যানন্দ বিদেহে জৱাহৰলাল নেহৰুক চৰ মাৰিছিল। জৱাহৰলাল নেহৰুৱে ১৯৬২চনত আৰ্যসকলৰ বিৰুদ্ধে মন্তব্য কৰিছিল আৰু তেতিয়া স্বামী বিদ্যানন্দ বিদেহে তেওঁক চৰ মাৰিছিল। তেতিয়া জৱাহৰলাল নেহৰুৱে প্ৰতিশোধ ল’বলৈ বুলি আগবাঢ়ি গৈয়ো উভতি আহিছিল। লগতে […]

Continue Reading

কেৰেলাৰ সবৰীমালা মন্দিৰৰ দৰ্শনাৰ্থীক মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৰা দাবীটো সত্য নহয়।

ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এজন শিশুৱে পুলিচৰ ভেনত উঠি পিতৃক বিচাৰি কান্দি চিঞৰি থকা এটা হৃদয়বিদাৰক ভিডিঅ’। চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মতে, এই ভিডিঅ’টো সবৰীমালা মন্দিৰৰ, য’ত যোৱা এসপ্তাহ ধৰি প্ৰতিদিনে লাখ লাখ ভক্তই দৰ্শনৰ বাবে আহি আছে। শিশুটিয়ে পিতৃ আৰু পৰিয়ালক বিচাৰিবলৈ হাত জোৰ কৰি আৰক্ষীক অনুৰোধ কৰি থকা দেখা যায়। এই ভিডিঅ’টো শ্বেয়াৰ কৰি […]

Continue Reading

এই ফটোখনৰ নুহৰ শেহতীয়া হিংসাত্মক ঘটনাৰ লগত সম্পৰ্ক নাই।

হাৰিয়ানাৰ নুহত হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে সংঘৰ্ষকাৰীক দমন কৰিবলৈ প্ৰশাসনে বুলডজাৰ ব্যৱহাৰ কৰাৰ লগতে প্ৰায় ৭৫৩টা নিৰ্মাণকাৰ্য ভাঙি পেলায়। কিন্তু সোমবাৰে উচ্চ ন্যায়ালয়ে হাৰিয়ানা চৰকাৰক ধমক দি বুলডজাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে। ইফালে এখন ছবি শ্বেয়াৰ কৰি নুহত হোৱা বেদখলৰ কথা কৈ ভাইৰেল কৰা হৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে – अगली शोभायात्रा के लिए […]

Continue Reading

এই ভিডিঅ’টো হাৰিয়ানাত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ নহয়।

শেহতীয়াকৈ হাৰিয়ানাৰ নুহ জিলাত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হয় য’ত ভিএইচপি আৰু বজৰংগ দলৰ উদ্যোগত আয়োজিত এক শোভাযাত্ৰাত আন এটা সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে অস্ত্ৰ-শস্ত্ৰ লৈ অহা বুলিও খবৰ পোৱা গৈছে। ইয়াৰ পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এজন মুছলমান লোকক ৰাইজে খেদি খেদি মাৰপিট কৰা ভিডিঅ’। এই ভিডিঅ’টো হাৰিয়ানাৰ বুলি দাবী […]

Continue Reading

অসমত কোনো ধৰণৰ লাভ জেহাদৰ ঘটনা সংঘটিত হোৱা নাই

শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ পিছত ছ’চিয়েল মিডিয়াত ‘লাভ জেহাদ’ দাবীৰে কেইবাটাও অভিযোগ বৃদ্ধি পোৱা দেখা গৈছে। এই অভিযোগসমূহৰ অধিকাংশৰে একে ধৰণৰ আৰ্হি আছে,য’ত থাকে এজন মুছলমান পুৰুষ, এগৰাকী হিন্দু মহিলা আৰু এক ভয়ংকৰ হত্যাকাণ্ড। ইয়াৰ মাজতে অসমত সাতজন মুছলমান পুৰুষে কাজল নামৰ ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত […]

Continue Reading

সূৰ্য্য আৰু চন্দ্ৰৰ পৃথিৱীৰ পৰা নিজ নিজ ব্যাসৰ দূৰত্বৰ অনুপাত ১০৮ ত স্থিৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত সনাতন ধৰ্ম (হিন্দু ধৰ্ম)ত ১০৮ নম্বৰৰ তাৎপৰ্য্যৰ বিষয়ে কোৱা পোষ্টাৰ এখন আছিল। ইয়াত উল্লেখ কৰা হৈছিল যে কেনেকৈ হিন্দুৱে প্ৰাৰ্থনাত ব্যৱহাৰ কৰা জাপমালাত ১০৮ টা মণি থাকে। আয়ুৰ্বেদত ১০৮ টা মৰ্ম (শৰীৰৰ বিশেষ অংশ) থকাৰ বাহিৰেও নাট্যশাস্ত্ৰত (নৃত্যৰ শাস্ত্ৰ) ১০৮ টা কৰ্ণ (হাত-ভৰিৰ সমন্বয়ৰ গতি) […]

Continue Reading