প্ৰায় এবছৰ পুৰণি ভিডিঅ’ আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ শেহতীয়া হিংসাত্মক ঘটনাৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ১৪ এপ্ৰিলৰ পুৱা মুখা পৰিহিত পেলেষ্টাইন সমৰ্থক বিক্ষোভকাৰীয়ে আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ মাগডেনহুইছ দখল কৰে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে মুখত কাপোৰ বান্ধি হাতত লাঠী লৈ এদল লোকে আন কিছুমানক আক্ৰমণ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া শেহতীয়াকৈ আমষ্টাৰডাম বিশ্ববিদ্যালয়ত ঘটা হিংসাত্মক ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো […]

Continue Reading

আহত পেলেষ্টাইনী কিশোৰৰ ফটো হামাছ সন্ত্ৰাসবাদী বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত এজন ব্যক্তিক দেখা গৈছে যাৰ দুয়োখন হাত কটা আৰু বেণ্ডেজ লগোৱা। তদুপৰি দেহৰ আন অংশতো বেণ্ডেজ লগোৱা আছে। ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ফটোখনৰ ব্যক্তিজন হামাছ সন্ত্ৰাসবাদী যাৰ দুয়োখন হাত ইজৰাইলী সেনাই কাটি পেলায় আৰু লগতে শৰীৰৰ আন অংগ‌ও কাটি […]

Continue Reading

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এটা মিছাইল উৎক্ষেপণৰ কিছু সময়ৰ পাছতে পুনৰ উৎক্ষেপণস্থলীলৈ ঘূৰি আহি বিস্ফোৰিত হৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  […]

Continue Reading

ইজৰাইলী মহিলাই আৰবৰ পুৰুষক প্ৰত্যাক্ৰমণ কৰা বুলি ভাইৰেল হোৱা এই ভিডিঅ’টো এখন সমৰ কলা বিদ্যালয়ৰ স্ক্ৰিপ্টেড ষ্টাণ্ট ভিডিঅ’হে।

অলপতে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোত তিনিগৰাকী ছোৱালীক কেইজনমান ব্যক্তিয়ে আগচি ধৰি দুৰ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁতে ছোৱালীকেইজনীয়ে আটাইকেইজন ব্যক্তিক মৰিয়াই পলাবলৈ সক্ষম হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেই ছোৱালীকেইগৰাকী ইজৰাইলী আৰু ব্যক্তিকেইজন আছিল আৰবৰ। তেনে এটা পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

হিজবুল্লাহৰ এণ্টি শ্বিপ ক্ষেপনাস্ত্ৰৰ এই ভিডিঅ’টো পুৰণি।

ইজৰাইল আৰু হামাছৰ সংঘাতৰ পটভূমিত কিছুমান এণ্টি শ্বিপ ক্ৰুজ ক্ষেপণাস্ত্ৰ দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইবুলি যে হিজবুল্লাহে তেওঁলোকৰ এণ্টি শ্বিপ ক্ষেপণাস্ত্ৰৰ ফুটেজ প্ৰকাশ কৰিছিল যেতিয়া আমেৰিকাৰ বাহক গোটসমূহে পূব ভূমধ্যসাগৰত আছিল। হিজবুল্লাহ হৈছে লেবাননৰ ছিয়া ইছলামিক ৰাজনৈতিক দল আৰু উগ্ৰপন্থী সংগঠন। পোষ্টটোৰ কেপশ্বনত লিখা আছিল এইদৰে – ““Hezbollah published footage of […]

Continue Reading

অন কেমেৰা সাংবাদিকৰ মৃত্যু হোৱা এই ভিডিঅ’টো ইজৰাইল আৰু হামাছৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুজন পেলেষ্টাইনী লোকে মিছাইলৰ আঘাত পোৱাৰ ভিডিঅ’। ভিডিঅ’টোত দুজন লোকক সংঘাতজৰ্জৰ অঞ্চলৰ পৰা পলাই যোৱা দেখা গৈছে। কেমেৰা কঢ়িয়াই নিয়া ব্যক্তিজনে বোমাবৰ্ষণৰ পৰা হাত সাৰিবলৈ আলোচনা কৰা শুনা যায়। হঠাৎ এটা ডাঙৰ শব্দ হয় আৰু কেমেৰাটো মাটিত বাগৰি পৰে। ৰেকৰ্ডিং চলি থাকে […]

Continue Reading

এই ভিডিঅ’টো পেলেষ্টাইনৰ সমৰ্থনত ফ্ৰান্সত হোৱা প্ৰতিবাদৰ নহয়।

৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰাৰ পিছত ফ্ৰান্স চৰকাৰে ১২ অক্টোবৰত পেলেষ্টাইনৰ সমৰ্থন কৰা সকলো প্ৰতিবাদ নিষিদ্ধ কৰিছিল, কাৰণ ইয়াৰ ফলত জনশৃংখলা বিঘ্নিত হোৱাৰ সম্ভাৱনা আছিল। তথাপিও পেৰিছ আৰু দেশৰ অন্যান্য অঞ্চলত প্ৰতিবাদ সংঘটিত হৈছে। এই পৰিস্থিতিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত শেহতীয়াকৈ সংঘাতৰ মাজত পেলেষ্টাইনীসকলৰ সমৰ্থনত ফৰাচী নাগৰিকসকলে সমদল চলোৱাৰ […]

Continue Reading

এই ভিডিঅ’টো পুৰণি আৰু হামাছ-ইজৰাইলৰ লগত সম্পৰ্কিত নহয়।

এতিয়ালৈকে ইজৰাইল আৰু হামাছৰ যুদ্ধত গাজাত সাত হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। এতিয়া এই যুদ্ধ কেৱল ইজৰাইল আৰু হামাছৰ মাজৰ হৈ থকা নাই। কাৰণ এই বিষয়ত ইছলামিক দেশবোৰ ইজৰাইলৰ বিৰুদ্ধে আছে আৰু তুৰস্কই ইজৰাইলক অহৰহ আক্ৰমণ কৰি আছে। এই প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত দাবী কৰা হৈছে যে পেলেষ্টাইন সমৰ্থক প্ৰতিবাদকাৰীয়ে […]

Continue Reading

এই ভিডিঅ’টোত দেখা মহিলাগৰাকীক হামাছে অপহৰণ কৰিছিলনে?

সাক্ষাৎকাৰৰ সময়ত এগৰাকী মহিলাই কান্দি কান্দি এটা বেদনাদায়ক অভিজ্ঞতাৰ কথা কোৱাৰ ভিডিঅ’ সম্প্ৰতি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই মহিলাগৰাকী এগৰাকী ইজৰাইলী মহিলা যাক হামাছে বন্দী কৰি নিজৰ সন্তানৰ মাংস খুৱাইছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে হামাছৰ সন্ত্ৰাসবাদীয়ে এই ইজৰাইলী মহিলাগৰাকীক অপহৰণ কৰি বলপূৰ্বকভাৱে ১ […]

Continue Reading

এই কোম্পানীসমূহ ইজৰাইলৰ নহয়।

বৰ্তমান ইজৰাইলৰ সামগ্ৰী বৰ্জন কৰাৰ ওপৰত পোষ্ট বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফৰ্মত ট্ৰেণ্ডিং হৈ আছে। ইজৰাইলৰ সামগ্ৰী বৰ্জন কৰিবলৈ আনক উৎসাহিত কৰি মানুহে পেলেষ্টাইনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। তেনে এটা পোষ্টত ১৯টা কোম্পানীৰ নাম উল্লেখ কৰা হৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই ১৯টা কোম্পানী ইজৰাইলৰ আৰু মানুহে ইয়াক বৰ্জন কৰাটো প্ৰয়োজন। Facebook Link | Archived Link […]

Continue Reading