যুদ্ধবিদ্ধস্ত গাজাৰ পুৰণি দৃশ্যকে পানীৰ অভাৱত পৰা পাকিস্তানী নাগৰিকৰ শেহতীয়া পৰিস্থিতি বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানলৈ যোৱা পানী বন্ধ কৰি দিয়াৰ পাছত পাকিস্তানৰ নাগৰিকৰ মাজত পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ পুৰুষ-মহিলাই হাতে হাতে পাত্ৰ লৈ কোনো সামগ্ৰীৰ বাবে হাহাকাৰ কৰিছে। কন্দা কটা কৰিছে। সেই ভিডিঅ’টোৰে ব্যৱহাৰকাৰীয়ে সেয়া পাকিস্তানৰ শেহতীয়া পানীৰ […]

Continue Reading

যুদ্ধ বিধ্বস্ত গাজাৰ অৱস্থাক লৈ নিৰ্মাণ কৰা বাস্তৱভিত্তিক তথ্যচিত্ৰৰ দৃশ্যকে পাকিস্তানী নাগৰিকে দেশ এৰি পলায়ন কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক যুদ্ধ বিধ্বস্ত অঞ্চলৰ পৰা শিশু-মহিলাকে ধৰি অসংখ্য […]

Continue Reading

১ এপ্ৰিলত জম্মু-কাশ্মীৰৰ কথুৱাত হোৱা এক সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ ভিডিঅ’ পেহেলগাম কাণ্ডৰ পাছৰ অভিযান বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক দুৰ্গম সীমান্তৱৰ্তী অঞ্চলত কেইজনমান মানুহৰ দৌৰা ঢপৰা […]

Continue Reading

২০২০চনৰ মালাবাৰ নৌসেনা অনুশীলনৰ দৃশ্যকে পাকিস্তানলৈ শেহতীয়াকৈ গতি কৰি INS Vikrant আৰু INS Suratৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। মাজ সাগৰত দুখন যুঁজাৰু জাহাজৰ কুছকাৱাজৰ দৃশ্য দেখা গৈছে। দাবী কৰা হৈছে […]

Continue Reading

২০২১ চনৰে পুৰণি ভিডিঅ’ পেহেলগাম কাণ্ডত জৰিত সন্ত্ৰাসবাদীৰ ঘৰৰ ওপৰত ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল। তাৰ পাছতেই সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। অতি শেহতীয়াকৈ ভাৰতীয় সেনাই বোমা আৰু গুলীৰে আক্ৰমণ কৰি ধ্বংস কৰা এটা ঘৰৰ ভিডিঅ’ আপলোড কৰি সেয়া পেহেলগাম আক্ৰমণত জৰিত থকা সন্ত্ৰাসবাদীৰ ঘৰ বুলি দাবী কৰি প্ৰচৰা কৰা হৈছে। পেহেলগামৰ প্ৰতিশোধ কল্পে ভাৰতীয় সেনাই এই […]

Continue Reading

অন্য দম্পতীৰ নৃত্যৰত ভিডিঅ’কে পেহেলগামত প্ৰাণ হেৰুওৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ শেষ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল যাৰ ভিতৰত ভাৰতীয় নৌসেনাৰ এজন বিষয়া বিনয় নৰৱালেও প্ৰাণ হেৰুৱাইছিল। এই পটভূমিত পেহেলগামত পত্নীৰ সৈতে বিনয় নৰৱালৰ শেষ ভিডিঅ’ বুলি দাবী কৰি এক দম্পতীয়ে ঘাঁহনিত নাচি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানেও সেই ভিডিঅ’টো বিনয় নৰৱালৰ শেষ ভিডিঅ’ […]

Continue Reading

ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে? Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

এয়া চন্দ্ৰযান ৩ প্ৰকল্পৰ মহিলা বিজ্ঞানীৰ আনন্দ প্ৰকাশৰ সময়ৰ ফটো নেকি? সত্যটো কি?  

যোৱা ২৩ আগষ্ট ২০২৩, বুধবাৰে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে ভাৰতৰ বিজ্ঞানীসকলে চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা কৰিলে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। চৌপাশে আনন্দৰ ৰোল উঠিল। কিন্তু ইয়াৰ […]

Continue Reading

চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণৰ দৃশ্য বুলি এনিমেটেড দৃশ্য প্ৰচাৰ কৰিছে নেকি? সত্যটো কি?  

২৩ আগষ্ট ২০২৩, বুধবাৰে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে পৃথিৱীৰ বিজ্ঞানীসকলৰ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা হৈছে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। সন্ধিয়া থিক ৬বজাৰ লগে লগে লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। […]

Continue Reading

কাশ্মীৰত এইদৰে শাৰী পাতি বিলাহী কিনিবলগীয়া পৰিস্থিতি হৈছে নেকি? সত্যটো কি?

শেহতীয়াকৈ কেইবাটিও বহুমহলীয়া অট্টালিকা থকা এটি হাউছিং ছ’চাইটিত এখন গাড়ীৰ সন্মুখত দীঘলীয়া শাৰীত থিয় হৈ থকা একাংশ মহিলাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া, বিশেষকৈ ফেচবুকত শ্বেয়াৰ কৰা হৈছে আৰু দাবী কৰা হৈছে যে  কাশ্মীৰী মহিলাসকলে বিলাহী কিনিবলৈ দীঘলীয়া শাৰী পাতি থিয় হৈ আছে। ভিডিঅ’টোত শ্বেয়াৰ লিখা হৈছে, “৩৭০ অনুচ্ছেদ বাতিলৰ হোৱাৰ পাছত লোকে কাশ্মীৰত মাটি কিনিম বুলি […]

Continue Reading