অপ্ৰাসংগিক ভিডিঅ’ SIR ৰ ভয়ত পশ্চিমবংগৰ পৰা বাংলাদেশী নাগৰিকৰ পলায়নৰ ভিডিঅ’ বুলি ভাইৰেল।

২০২৫ চনৰ ২৭ অক্টোবৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ঘোষণা কৰে যে পশ্চিম বংগকে ধৰি ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) কৰা হ’ব। বিশেষ নিবিড় পুনৰীক্ষণ হৈছে ভাৰতীয় নিৰ্বাচন আয়োগৰ এক প্ৰক্ৰিয়া য’ত ভোটাৰ তালিকাৰ বিস্তৃত পৰ্যালোচনা কৰা হয়, য’ত তালিকাৰ সঠিকতা নিশ্চিত কৰিবলৈ স্থানীয় পৰ্যায়ত বিতং পৰীক্ষা কৰা […]

Continue Reading

হাৱাইৰ কিলোৱেয়া আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য শেহতীয়াকৈ ইথিওপিয়াৰ হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ২৩ নৱেম্বৰত ইথিওপিয়াত ১২০০০ বছৰৰ পাছত হেইলি গুব্বি (Hayli Gubbi) নামৰ এক আগ্নেয়গিৰিৰ উদ্গিৰণ হয়। ইয়াৰ পাছতে  এই আগ্নেয়গিৰি উদ্গিৰণৰ দৃশ্য বুলি ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  ভাইৰেল ভিডিঅ’টোত হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ […]

Continue Reading

ইউনাইটেড কিংডমৰ ৰয়েল এয়াৰ ফৰ্চৰ ভিডিঅ’ গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ৰ দৃশ্য বুলি ভাইৰেল।

ভাৰতীয় বায়ু সেনাৰ ৯৩ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ অংশ হিচাপে যোৱা ৯ নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত এয়াৰ শ্ব’ অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে য’ত দাবী কৰা হৈছে যে সেয়া গুৱাহাটীৰ লাচিত ঘাটত ভাৰতীয় বায়ু সেনাৰ এয়াৰ শ্ব’ত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ দৃশ্য। Facebook […]

Continue Reading

ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ বাবে নিজৰ কোনো ৰোগ নহয় বুলি ৰাহুল গান্ধীয়ে কৈছিল নেকি? জানক সত্যতা।

শেহতীয়াকৈ ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে য’ত ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ বাবে তেওঁৰ কোনো ৰোগ নাই বুলি তেওঁ কোৱা শুনা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “”মোৰ কোনো বেমাৰ নহয় “- ৰাহুল গান্ধী”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

পাকিস্তানে অভিনেতা ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

কিছুদিন পূৰ্বে ছৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত “জয় ফ’ৰাম ২০২৫” অনুষ্ঠানত শ্বাহৰুখ খান আৰু আমিৰ খানকে ধৰি বলীউডৰ আন ছুপাৰষ্টাৰৰ সৈতে অংশগ্ৰহণ কৰি অভিনেতা ছলমান খানে নিজৰ ভাষণত বেলুচিস্তান আৰু পাকিস্তানৰ কথা পৃথকে পৃথকে উল্লেখ কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁ কৈছিল, “এতিয়াই যদি আপুনি হিন্দী ছবি এখন নিৰ্মাণ কৰি ইয়াত (ছৌদি আৰৱত) মুক্তি দিয়ে তেন্তে ই […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ “মন্থা ঘূৰ্ণীবতাহ”ৰ বুলি ভাইৰেল।

২০২৫ চনৰ অক্টোবৰৰ শেষৰ ফালে বংগৰ দক্ষিণ-পূব উপসাগৰৰ ওপৰত ‘মন্থা’ ঘূৰ্ণীবতাহ আৰম্ভ হৈছিল। ই নিম্ন চাপ (low pressure system) হিচাপে আৰম্ভ হৈছিল যদিও উষ্ণ সাগৰৰ উষ্ণতা আৰু অনুকূল বতাহৰ আৰ্হিৰ বাবে ই দ্ৰুতগতিত শক্তি লাভ কৰিছিল। তীব্ৰতৰ হোৱাৰ লগে লগে আইএমডিয়ে পূৰ্বাভাস দিছিল যে ‘মন্থা’ এটা ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহাত পৰিণত হ’ব, যিটো ২৮ অক্টোবৰৰ আশে-পাশে […]

Continue Reading

আতচবাজী প্ৰদৰ্শনৰ এই দৃশ্য আৰৱত দেৱালী উদযাপনৰ নহয়।

শেহতীয়াকৈ আতচবাজী প্ৰদৰ্শনৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া ছৌদি আৰৱত দেৱালী উদযাপন কৰাৰ দৃশ্য।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৩ চনৰ […]

Continue Reading

অৰুণাচলৰ নামছাইত আলফা (স্বাধীন)ৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযান।

যোৱা ২২ অক্টোবৰ, ২০২৫ত অৰুণাচল প্ৰদেশৰ নামছাই জিলাত সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ইৱন অসমৰ মৃত্যু হয়। এই সম্পৰ্কে আমাৰ এক বিশেষ লেখা- কি আছিল ঘটনাটো:  আলফা(স্বাধীন)ৰ দল এটা নামছাই পাৰ হোৱা বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতেই যোৱা ২১ অক্টোবৰৰ মাজনিশা ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ উদ্যোগত […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ “জুবিন ক্ষেত্ৰ”ত অনুষ্ঠিত অনুষ্ঠানৰ বুলি ভাইৰেল।

যোৱা ১৯ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে সোণাপুৰৰ “জুবিন ক্ষেত্ৰত” শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে বোকাত লুতুৰি-পুতুৰি হৈ নাম পৰিবেশন কৰিছে। দাবী‌ কৰা হৈছে যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই “জুবিন ক্ষেত্ৰ”ত এই নাম পৰিবেশন কৰা হৈছিল। Facebook Link | […]

Continue Reading

ভাৰতৰ ৰাজস্থানৰ পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। আফগানিস্তানে ডুৰাণ্ড লাইন দখল কৰা বুলিও খবৰ আহিছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোৰ প্ৰথম দৃশ্যাংশত এখন বিমান ধ্বংসপ্ৰাপ্ত হৈ জ্বলি থকা দেখা গৈছে আৰু আনটো দৃশ্যাংশত টেংকাৰ আৰু অন্যান্য গাড়ীৰ কনভয় এটা গৈ থকা দেখা গৈছে। দাবী কৰা হৈছে […]

Continue Reading