এই ফটোখন ৰাছিয়াৰ কামছাটকাৰ নহয়। বৰং হাৱাইৰ ক্ৰেটাৰ ৰিম ড্ৰাইভৰহে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২৯জুলাই ২০২৫ত ৰাছিয়াৰ কামছাটকা অঞ্চলত হোৱা প্ৰৱল ভূমিকম্পৰ এটা বাতৰি প্ৰকাশ কৰি তাত এখন ফটো ব্যৱহাৰ কৰা হৈছে। দাবী কৰা হৈছে যে সেইখন কামছাটকাৰ ভূমিকম্পৰ পাছৰ ফটো। Facebook Link Archived Link  ফেচবুক পোষ্টটোৰ লগত সংলগ্ন ৱেবছাইটৰ বাতৰিটোতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে।  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত কেইবাটাও দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে সেয়া ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link কিন্তু এই […]

Continue Reading

এই ভিডিঅ’টো ২০২৩চনৰ আগষ্টৰে। ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।  

যোৱা ৩১ জুলাই ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱাৰ দৰে ৰাছিয়াত যোৱা ২৯ জুলাইত হোৱা ভূমিকম্পৰ পূৰ্বে মাজ সাগৰৰ পৰা কেইটামান বেলুগা তিমি মাছ পাৰলৈ উঠি আহিছিল আৰু ভূমিকম্পৰ আগজাননী দিছিল। Facebook Link Archived Link Facebook Link Archived Link ১ আগষ্ট ২০২৫তো একেধৰণৰ দাবীৰে এটা ফেচবুক ৰীল […]

Continue Reading

এই ভিডিঅ’টোত থকা এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। ৩০ চেকেণ্ডৰ এই ভিডিঅ’টোত মুঠ ছয়টা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’ কৰি সেই দৃশ্যসমূহ ২৯জুলাইৰ ৰাছিয়াৰ ভূমিকম্পৰ সময়ৰ বুলি দাবী কৰিছে। লিখিছে- ৰাছিয়াত যোৱা কালি হোৱা ৮.৮ […]

Continue Reading

এয়া ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি কৰা দাবীটো আংশিকভাৱে মিছা। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। গোটেই ভিডিঅ’টোত মুঠ চাৰিটা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত লিখিছে-  ৮.৭ প্ৰাব্যলৰ ভূমিকম্পত ৰাছিয়াত ভয়ংকৰ পৰিস্থিতি ভয়ংকৰ ভূমিকম্পৰ পাছতে ৰাছিয়াৰ সাগৰত ছুনামিৰ প্ৰভাৱ সাগৰপৃষ্ঠৰ পৰা ১৩ ফুট পৰ্যন্ত উঠিছে […]

Continue Reading

ম্যানমাৰৰ পুৰণি ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বিভিন্ন ফটো আৰু ভিডিঅ’। তেনে এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে কোনো এক বিপনীত ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আলমিৰা তথা আন বয়-বস্তু […]

Continue Reading

AI Generated ভিডিঅ’ৰে গোৱাত ভূমিকম্প অহা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে  যোৱা ১৫জুন ২০২৫ত ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা এক ভূমিকম্পত ৭০  হেজাৰ লোকৰ মৃত্যু ঘটিছে। ভিডিঅ’টোত দেখা গৈছে যে বৰ বৰ অট্টালিকা খহি পৰিছে আৰু বিভিন্ন লোক তথা যান বাহন তীব্ৰ গতিত অহা-যোৱা কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

যোৱা ২৩ এপ্ৰিল ২০২৫ৰ ভিডিঅ’কে ১৬ মে’ ২০২৫ৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ১৬ মে ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাতৰি পঢ়ি থকা এগৰাকী মহিলা সাংবাদিকৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো সেইদিনটোৰ অৰ্থাত ১৬মে’ৰ। তুৰস্কত অহা ভূমিকম্পত এইদৰে বাতৰিৰ মাজতে কম্পিত হৈছিল বুলি কোৱা হৈছে পোষ্টটোত।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

ম্যানমাৰৰ শেহতীয়া ভূমিকম্পৰ সময়ত চীনৰ ৰুইলি চহৰৰ হস্পিতালৰ দৃশ্য ম্যানমাৰৰ বুলি ভাইৰেল।

ম্যানমাৰত শেহতীয়াকৈ হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক হস্পিতালৰ এটা ৱাৰ্ডৰ ভূমিকম্পৰ সময়ৰ  চিচিটিভি ফুটেজ দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে তীব্ৰ ভূমিকম্পৰ সময়ত এগৰাকী নাৰ্ছে নৱজাতক এটিক কোচত লৈ মজিয়াত আঁঠু কাঢ়ি বহি পৰিছে আৰু আন […]

Continue Reading

২০১৮ চনত হাৱাইৰ কিলিউত ক্ষতিগ্ৰস্থ হোৱা ক্ৰেটাৰ ৰিম ড্ৰাইভৰ দৃশ্যকে ম্যানমাৰত হোৱা ভূমিকম্পত ক্ষতিগ্ৰস্থ হোৱা পথৰ বুলি মিছা দাবীৰে প্ৰচাৰ।  

শেহতীয়াভাবে ২৮ মাৰ্চ ২০২৫ শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত এক ভূমিকম্পই ম্যানমাৰ,থাইলেণ্ড আদি ৰাষ্ট্ৰ জোকাৰি যায়। তাৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলতো পৰে। এই পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে। অসমৰ বহুতো ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে তেনেকুৱা ফটো আৰু ভিডিঅ’ আপলোড কৰি সেয়া ম্যানমাৰৰ বুলি দাবী কৰা দেখা গৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা […]

Continue Reading