ইছৰোৰ মুৰব্বী এচ সোমনাথ আৰ এছ এছৰ কাৰ্যালয়লৈ যোৱা নাছিল।

শেহতীয়াকৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত কেপশ্বন দিয়া আছিল এইদৰে – “বাংগালুৰুত আৰ এছ এছৰ (RSS)কাৰ্যালয়ত ইছৰোৰ (ISRO)মুৰব্বী সোমনাথ জী।বামপন্থী,চেকুলাৰ,সমাজবাদী সকলক কঠিন হৃদস্পন্দন দিব এই ভিদিঅ টোৱে 😂 #জয়মাভাৰতী 🚩🚩”। ভিডিঅ’টোত ইছৰোৰ মুৰব্বী এচ সোমনাথক এজন ব্যক্তিয়ে সম্বৰ্ধনা জনোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংগালুৰুৰ আৰ এছ এছ […]

Continue Reading

এই ফটোকেইখন বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰপৰা লোৱা পৃথিৱীৰ দৃশ্যৰ নহয়।

চন্দ্ৰযান ৩ৰ বিক্ৰম লেণ্ডাৰে যোৱা ২৩আগষ্টত চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰাৰ পিছত সকলো উৎসুক হৈ পৰিছে এই কথা জানিবলৈ যে পৃথিৱীখন চন্দ্ৰৰপৰা দেখিবলৈ কেনে হ’ব। ইয়াৰ লগে লগে কিছুমান ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে চন্দ্ৰৰপৰা পৃথিৱীৰ দৃশ্য বুলি দাবী কৰি। এনে পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading

দ্য গাৰ্ডিয়ানৰ পুৰণি প্ৰতিবেদন শেহতীয়া বুলি দাবী কৰা হৈছে।

চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰাৰেপৰা চ’চিয়েল মেডিয়া বিভিন্ন ধৰণৰ ফটো, ভিডিঅ’ আদিৰে ভৰি পৰিছে। এনে সময়তে আমাৰ চকুত পৰিল এটা ফেচবুক পোষ্ট। “মানুহৰ মল,মূত্ৰ ,বমিৰ ৯৬টা পেকেট মানৱসৃষ্ট আৱৰ্জনাই প্ৰদূষিত কৰিছে চন্দ্ৰ পৃষ্ঠ” এই কেপশ্বনেৰে প্ৰাগ নিউজ নামৰ প’ৰ্টেল এটাই পৰিবেশন কৰিছে এক বাতৰি। সংবাদপত্ৰ দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনৰ উদ্ধৃতি […]

Continue Reading

এই ফটোখন চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিনৰ নহয়।

যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতে সমগ্ৰ দেশতে আনন্দ -উল্লাসৰ পৰিবেশ সৃষ্টি হৈছে। চ’চিয়েল মেডিয়াতো ব্যৱহাৰকাৰীসকলে চন্দ্ৰযানৰ লগত জড়িত বিভিন্ন ফটো, ভিডিঅ’ শ্বেয়াৰ কৰা দেখা গৈছে। এনে সময়তে এখন বিশেষ ফটো শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- “চন্দ্ৰপৃষ্ঠত ভাৰতৰ অশোক স্তম্ভ আৰু ‘ইছৰো’ৰ চিন”। Facebook Link | Archived Link এই একেটা মেচেজ আমাৰ হোৱাটচ‌এপ নম্বৰলৈও […]

Continue Reading

সঁচাকৈয়ে চন্দ্ৰযানৰ বিজ্ঞানীয়ে ১৭মাহ ধৰি দৰমহা পোৱা নাই নেকি?

২৩ আগষ্টত চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ বুকুত সফলতাৰে অৱতৰণ কৰাৰ পিছতে এটা বিশেষ বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰিটোত কোৱা হৈছিল যে ১৭ মাহ ধৰি চন্দ্ৰযান-৩ৰ বিজ্ঞানীসকলে দৰমহা পোৱা নাই। Facebook Link | Archived Link কিন্তু আচলতে চন্দ্ৰযানৰ লঞ্চপেড নিৰ্মাণ কৰা পি এছ ইউ হেভী ইঞ্জিনিয়াৰিং কৰ্প’ৰেশ্বনৰ বিষয়া-কৰ্মচাৰীসকলেহে কেইবামাহ ধৰি দৰমহা পোৱা নাছিল। ২০২৩ চনৰ ১৮ […]

Continue Reading

এই ভিডিঅ’টো চন্দ্ৰযান ৩য়ে পঠিওৱা নাই।

ক্ৰমান্বয়ে চন্দ্ৰৰ ইঞ্চি ওচৰ চাপি অহাৰ লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঐতিহাসিক অভিযান চন্দ্ৰযান-৩ সন্দৰ্ভত নতুন আপডেট শ্বেয়াৰ কৰিছিল। চন্দ্ৰযান-৩য়ে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চললৈ প্ৰথমবাৰৰ বাবে কোমল অৱতৰণৰ প্ৰচেষ্টা চলাব। উৎক্ষেপণৰ পিছত মহাকাশৰ পৰা পৃথিৱীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈছে চন্দ্ৰযান ৩য়ে বন্দী কৰা বুলি দাবী কৰি।কেপচনত লিখা আছে “Amezing […]

Continue Reading