স্তম্ভ লেখক অমূল্যা গোপালকৃষ্ণনৰ ফটো জৰ্জ চৰোচৰ সঞ্চালক অমৃত সিং বুলি দাবী কৰি প্ৰচাৰ।  

শেহতীয়াভাবে অসমত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বিশেষ এখন ফটো শ্বেয়াৰ কৰি দাবী কৰিছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সৈতে সেয়া জৰ্জ চৰোচ নামৰ সংগঠনটোৰ এগৰাকী সঞ্চালক অমৃত সিং। ফটোখনত সেউজীয়া বৰণৰ চোলা পিন্ধি থকা ৰাহুল গান্ধীৰ কাষত এগৰাকী মহিলাক দেখা গৈছে। তেওঁকেই অমৃত সিং বুলি দাবী কৰি অমৃত সিঙৰ এখন ফটো কাষত সংলগ্ন কৰি দিয়া হৈছে […]

Continue Reading

ফটোখনত ৰাহুল গান্ধীৰ সৈতে থকা মহিলাগৰাকী কোন?

এগৰাকী মহিলাৰ সৈতে ৰাহুল গান্ধীৰ এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত দাবী কৰা হৈছে যে মহিলাগৰাকী ৰাহুল গান্ধীৰ পত্নী। তেওঁ এগৰাকী কলম্বিয়ান আৰু তেওঁলোকৰ দুটি সন্তান আছে যি লণ্ডনত থাকে। দাবীটোত উল্লেখ কৰা হৈছিল যে ৱিকিলিকছে ৰাহুল গান্ধীৰ বিবাহৰ তথ্য উন্মোচন কৰিছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) প্ৰেৰণ কৰা হৈছিল। Archived Link. আমি […]

Continue Reading

উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত মুৰ দোৱাই হাতজোৰ কৰি শৰণাপন্ন হৈছিল নেকি।

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত দেখা গৈছে যে ৰাহুল গান্ধীৰ সমুখত হাতজোৰ কৰি নতশীৰ হৈ থিয় হৈ আছে উদ্ধৱ থাকৰে। দাবী কৰা হৈছে যে উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত শৰণাপন্ন হৈছে।  আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে।  Archived Link  কিন্তু এই দাবী সত্য […]

Continue Reading

ফটোখনত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে এয়া কুলৱিন্দৰ কৌৰ নহয়। সেইগৰাকী ৰাজস্থানৰ কংগ্ৰেছ সাংসদ বিদ্যা মাদেৰ্না হে। 

শেহতীয়াভাবে অসমত এখন ফটো বিয়পি পৰিছে । ফটোত দেখা গৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ মাজত এগৰাকী মহিলা থিয় হৈ আছে। ফটোখনত হিন্দীতে লিখি দাবী কৰা হৈছে যে সেইগৰাকী হৈছে কুলৱিন্দৰ কৌৰ যিয়ে কংগনা ৰানাৱতক শাৰীৰিক আক্ৰমণ কৰিছিল।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেইখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি সেয়া […]

Continue Reading

২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।” Facebook Link | Archived […]

Continue Reading

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। দাবীটো ভুৱা।

ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ নিশ্চিত হোৱাৰ পাছৰেপৰা ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীক কটাক্ষ কৰি বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বৰ্তমান পৰিৱেশ টোৱে ৰাজনীতিৰ হয়। গতিকে যিফালে চাওঁ ৰাজনীতিৰে কথা। কালি দেখিলো আমেঠীত স্মৃতি ইৰাণীৰ লগত প্ৰতিযোগিতা কৰি ২০১৯ পৰাস্ত হোৱা ৰাহুল গান্ধীয়ে […]

Continue Reading

ৰাহুল গান্ধীৰ সমৰ্থকে কেৰেলাত ইছলামিক পতাকা লৈ ৰেলী কৰিছিল নেকি?

শেহতীয়াকৈ ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত এক ৰাজনৈতিক ৰেলীত সেউজীয়া পতাকা লৈ এদল মানুহে শ্লোগান দিয়া দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কেৰেলাৰ ৰাহুল গান্ধীৰ সমৰ্থক মুছলমান লোকৰ ৰেলী। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ […]

Continue Reading

ৰাহুল গান্ধীৰ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ হায়দৰাবাদত কংগ্ৰেছ দলৰ নিৰ্বাচনী ঘোষণাপত্ৰ উন্মোচন কৰি ৰাহুল গান্ধীয়ে দিয়া এক ভাষণ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা গৈছে,”আমি দেশৰ এক্স-ৰে কৰিম আৰু স্পষ্ট হ’ব — সংখ্যালঘুসকলে গম পাব যে দেশত তেওঁলোকৰ অংশ কি।” তাৰ পিছত তেওঁ কয় যে তেওঁলোকে ভাৰতৰ সম্পদ কোনটো গোটৰ হাতত আছে সেইটো জানিবলৈ বিত্তীয় […]

Continue Reading

দেশক একত্ৰিত কৰা বুলি বিজেপিক প্ৰশংসা কৰিছিল নেকি ৰাহুল গান্ধীয়ে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাহুল গান্ধীৰ আন এটা ভিডিঅ’। এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে মানুহক একত্ৰিত কৰাৰ বাবে বিজেপিক প্ৰশংসা কৰি কংগ্ৰেছে ধৰ্ম আৰু জাতিৰ নামত মানুহক বিভাজন কৰে বুলি একমত হোৱা শুনা যায়। ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া কংগ্ৰেছৰ বাস্তৱ আৰু ৰাহুল গান্ধীয়ে নিজৰ দলটো উদঙাই দিলে। Facebook Link […]

Continue Reading

এই ভিডিঅ’টো মহাৰাষ্ট্ৰত হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ নহয়।

শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বহুতো ফটো আৰু ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে সময়তে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মহাৰাষ্ট্ৰত হোৱা সমাবেশ বুলি এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা আমি দেখিলোঁ।  ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে, “BJNY IN MAHARASHTRA❤️” BJNY অৰ্থাৎ ভাৰত জোড়ো ন্যায় যাত্ৰা। পোষ্টটোৰ কমেণ্টসমূহতো এইদৰে লিখা আছিল। Facebook Link | Archived […]

Continue Reading