হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে আক্ৰমণ কৰি জুই লগাই দিয়া নাই। দাবীটো মিছা।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে অগ্নিসংযোগ কৰি আক্ৰমণ কৰিছে। ভিডিঅ’টোত অগ্নিকাণ্ডৰ দৃশ্য দেখা গৈছে। ছাৰমিনাৰৰ সমীপত এই অগ্নিকাণ্ড দেখা গৈছে ভিডিঅ’টোত। পোষ্টটোত লিখা হৈছে- মুছলমানে #ভাগ্যলক্ষ্মী_মন্দিৰত অগ্নিসংযোগ কৰি আক্ৰমণ কৰিলে … হায়দৰাবাদত। #মিলাদ_নবী নে কিবা দিন উদযাপনৰ আনন্দ কৰিবলৈ #হিন্দুৰ_মন্দিৰ_আক্ৰমণ Facebook Link […]

Continue Reading

মুছলমান টুপী পৰিহিত লোকে এখন তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এই ভিডিঅ’টো বাংলাদেশৰ নহয়। তদুপৰি ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।

মুছলমান টুপী পৰিহিত কিছু লোকে এখন পকী তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে বাংলাদেশত এইদৰে মুছলমানে হিন্দুৰ মন্দিৰ ভাঙিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত এফালৰ পৰা জ্বলাই বা ভাঙি দিয়া হৈছে হিন্দুৰ মন্দিৰ।হিংসাত্মক প্ৰতিবাদৰ মাজতে চলিছে হিন্দুৰ ওপৰত অত্যাচাৰ”। Facebook Link | […]

Continue Reading

ভিডিঅ’টোত বাংলাদেশৰ হিন্দু মন্দিৰত জুই লগা দেখা গৈছে নেকি?

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত এটা ভৱনত জুই লগা দেখা গৈছে। দাবী কৰা হৈছে যে এইটো বাংলাদেশৰ এটা হিন্দু মন্দিৰ আৰু মুছলমানে সেই মন্দিৰটো জ্বলাই দিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত মন্দিৰ জ্বলাই দিয়া হল । হিন্দুৰ অস্তিত্ব বিপন্ন । সমগ্ৰ বিশ্বত৫৮খন ইছলামিক ৰাষ্ট্ৰ থকা পিছত শ্বেখ হাচিনা শেষ আশ্ৰয় […]

Continue Reading

বাংলাদেশৰ এই ভিডিঅ’টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ।

হিংসাজৰ্জৰ বাংলাদেশৰ এটা খুব আমনিদায়ক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মৃতপ্ৰায় ব্যক্তিক এটা মূৰ্তিত ওলোমাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কিছুমান লোকে। দাবী কৰা হৈছে এই ব্যক্তিজন হিন্দু আৰু তেওঁক মুছলমান লোকে বাংলাদেশত এইদৰে অত্যাচাৰ কৰিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত অশান্তিৰ ধৰ্মৰ মুছলমানে হিন্দু পুৰুষ এজনক মজিবৰ ৰহমানৰ […]

Continue Reading

পানীৰ গিলাচত থু পেলোৱা ব্যক্তিজনৰ এই ভিডিঅ’টো পুৰণি আৰু ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।

এজন ব্যক্তিয়ে এগিলাচ পানীত থুৱাই দিয়া এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী আলিগড় কোৰ্টত‌ কৰ্মৰত এজন মুছলমান পিয়ন আৰু “থু জেহাদ”ৰ অংশ হিচাপে তেওঁ ন্যায়াধীশৰ পানীৰ গিলাচত থু পেলাই ন্যায়াধীশগৰাকীক খাবলৈ দিছিল। এই ভিডিঅ’টো আমাৰ 24*7 হোৱাটচ‌এপ নম্বৰলৈ (9049053770) প্ৰেৰণ কৰা হৈছিল আৰু কেপশ্বনত লিখা […]

Continue Reading

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক তথা জৱাহৰলাল নেহৰুৰ পৰিয়াল আৰু ফিৰোজ গান্ধী সম্পৰ্কে ভুৱা তথ্য ভাইৰেল।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পোষ্ট চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। এনে সময়তে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকক লৈও এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভাইৰেল পোষ্টটোত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক সদৃশ এখন হাতৰ ফটো শ্বেয়াৰ কৰা হৈছে। ফটোখনত থকা হাতখন কোনো ধাতুৰে নিৰ্মিত যেন অনুমান হয়। হাতখনৰ ওপৰত আৰবী […]

Continue Reading

জাপানৰ এই ভিডিঅ’সমূহ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত কেইটামান বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’সমূহ জাপানৰ আৰু ইয়াত মুছলমান জেহাদীয়ে স্হানীয় লোকক আক্ৰমণ কৰা দেখা গৈছে।  ফেচবুকত ভিডিঅ’সমূহ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইউৰোপ আমেৰিকাৰ দেশ সমূহৰ পিছত এইবাৰ জাপানত মুছলমান জিহাদীৰ আক্ৰমণ।  জাপানৰ স্থানীয় নাগৰিকৰ লগত সংঘৰ্ষত লিপ্ত মুছলমান জিহাদী বোৰ। ভাৰতত মুছলমানৰ সাহস […]

Continue Reading

এই ফটোখনত থকা ব্যক্তি দুগৰাকী ইন্দিৰা গান্ধীৰ শহুৰ আৰু পতি নহয়।

শেহতীয়াকৈ এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু আন দুজন ব্যক্তি আছে। দাবী কৰা হৈছে যে সেই ব্যক্তি দুগৰাকী হ’ল ক্ৰমে ইন্দিৰা গান্ধীৰ শহুৰ ইউনুছ খান আৰু পতি ফিৰোজ খান।  ফেচবুকত এই ফটোখন শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে -বহুত কষ্ট কৰি পাইছো এইখন […]

Continue Reading

জৱাহৰলাল নেহৰুৰ পিতৃ মুছলমান নাছিল। নেহৰু পৰিয়াল সম্পৰ্কে কৰা ভাইৰেল দাবীটো ভুৱা।

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সম্পৰ্কে এটা বিশেষ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। পোষ্টটোত জৱাহৰলাল নেহৰুৰ পৰিয়াল সম্পৰ্কে কিছুমান দাবী উত্থাপন কৰা হৈছে। যেনে মতিলাল নেহৰুৰ পাঁচগৰাকী পত্নী আছিল, জৱাহৰলাল নেহৰুৰ প্ৰকৃত পিতৃৰ নাম আছিল মোবাৰক আলী, জৱাহৰলাল নেহৰু আৰু মহম্মদ আলী জিন্না সম্পৰ্কীয় ভাতৃ আছিল ইত্যাদি। এই সকলো তথ্যৰ উৎস জৱাহৰলাল নেহৰুৰ ব্যক্তিগত সচিব […]

Continue Reading