পুৰণি ভিডিঅ’কে গাজাৰ আল শ্বিফা হাস্পতালত হোৱা গুলীবৰ্ষণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে? সত্যটো জানক।     

ইজৰাইল-পেলেষ্টাইনৰ সংঘাত এতিয়াও শান্ত হোৱা নাই। নিতৌ নতুন ভুল তথ্য সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে অসমৰ হোৱাটছএপত। দাবী কৰা হৈছে যে সেই দৃশ্যটো গাজাৰ আল শ্বিফা হাস্পতালত ইজৰাইলীয়ে কৰা গুলীবৰ্ষণৰ দৃশ্য। আমাৰ 24*7 ফেক্টলাইন নম্বৰলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দৃশ্যটো সত্য হয়নে নহয় জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।  […]

Continue Reading

গাজাত পেলেষ্টাইনৰ সমৰ্থকে গাধৰ দেহত ইজৰাইলৰ পতাকা আঁকি জীৱন্তে জ্বলাই দিছে নেকি? সত্যটো জানক।     

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স(পূৰ্বৰ টুইটাৰ) পোষ্টৰ স্ক্ৰিণশ্বট ভাইৰেল হৈ পৰিছে। টুইটটোত এখন ফটো সংলগ্ন কৰি ইংৰাজীতে লিখা কথাখিনিৰ ভাবানুবাদ এনেধৰণৰ-কল্পনা কৰকচোন, গাজাৰ এই মানুহবোৰ কিমান অসভ্য, বৰ্বৰ আৰু জন্তুৰ দৰে! এটা গাধৰ গাত ইজৰাইলৰ পতাকা আঁকি ইজৰাইল বনাই তাৰ পিছত গাধটোৰ ওপৰত পেট্ৰল ছটিয়াই জীৱিত অৱস্থাত জ্বলাই দিলে। এই জন্তুবোৰ জীৱনত কেতিয়াও মানুহ নহয়।  […]

Continue Reading

ইউক্ৰেইনত হোৱা আক্ৰমণৰ পুৰণি ভিডিঅ’ গাজা আক্ৰমণৰ বুলি ভাইৰেল কৰা হৈছে।  

ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনে সমগ্ৰ বিশ্বকে এক প্ৰকাৰ জোকাৰি গৈছে। দেশে দেশে প্ৰতিক্ৰিয়া দেখা গৈছে। সমান্তৰালভাৱে সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত কিছুমান আলোক দেখা গৈছে আৰু দাবী কৰা হৈছে যে সেয়া গোজাত হোৱা এক ৰাসায়নিক অস্ত্ৰ আক্ৰমণ।  ভিডিঅ’টোত […]

Continue Reading