টাইটানিক জাহাজৰ শতিকা পুৰণি ধ্বংসাৱশেষ চাবলৈ যাত্ৰা কৰা পাঁচজন লোকক কঢ়িয়াই নিয়া ছাবমেৰিন 'টাইটান' 'কেটাষ্ট্ৰফিক ইমপ্লোজন' (বিপৰ্যয়জনক বিস্ফোৰণ)ৰ ফলত ভাঙি টুকুৰা টুকুৰ হোৱাত ছাবমেৰিনখনত থকা কেওজন যাত্ৰীৰ মৃত্যু হৈছিল।বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে আমেৰিকাৰ ক’ষ্ট গাৰ্ডে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী অ’চেন গেট এক্সপেডিচনে পৰিচালনা কৰা টাইটান জাহাজখন দেওবাৰে পুৱা (১৮ জুন) পৃষ্ঠ সমৰ্থন জাহাজৰ সৈতে যোগাযোগ হেৰুৱাৰ পৰাই নিৰুদ্দেশ হৈছিল।

ইয়াৰ পিছতে শেহতীয়াকৈ এটা ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। "টাইটান ছাবমেৰিনৰ ধ্বংসৰ আগমুহুৰ্ত" বুলি শ্বেয়াৰ হোৱা ভিডিঅ'টোত এখন ছাবমেৰিনৰ ভিতৰত কেইগৰাকীমান ব্যক্তিক দেখা গৈছে। এই ভিডিঅ'টো হোৱাটছ‌এপতো শ্বেয়াৰ হোৱা দেখা গ'ল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ভিডিঅ'টো লক্ষ্য কৰি আমি তাত এগৰাকী মহিলা দেখা পালোঁ, কিন্তু দূৰ্ঘটনাগ্ৰস্ত টাইটান ছাবমেৰিনত কোনো মহিলা নাছিল। শেহতীয়াকৈ দুৰ্ঘটনাত মৃত্যু হোৱা পাঁচজন লোকৰ ভিতৰত আছে অ’চেনগেটৰ চিইঅ’ ষ্টকটন ৰাছ, ব্ৰিটিছ ব্যৱসায়ী হামিছ হাৰ্ডিং, ফ্ৰান্সৰ নৌসেনাৰ প্ৰাক্তন ডুবাৰু পল-হেনৰী নাৰ্জিঅ’লেট, ব্ৰিটিছ-পাকিস্তানী ব্যৱসায়ী শ্বাহজাদা ডাউড আৰু তেওঁৰ ১৯ বছৰীয়া পুত্ৰ চুলেমান ডাউড।

সেয়েহে আমি গুগলত আনুষংগিক ভিডিঅ' বিচাৰি দুসপ্তাহ আগতে চিবিএছ নিউজে ইউটিউবত শ্বেয়াৰ কৰা এটা ভিডিঅ' পালোঁ আমি জানিব পাৰিলোঁ যে এই ভিডিঅ'টো এটা সাক্ষাৎকাৰৰ,য’ত এজন ব্যক্তিৰ সাক্ষাৎকাৰ দেখুওৱা হৈছে। সেয়া আছিল টাইটানৰ এজন প্ৰাক্তন যাত্ৰী এৰন নিউমেনৰ সৈতে হোৱা এক সাক্ষাৎকাৰ। টাইটানিক চাবলৈ ২০২১ চনৰ অভিযানত তেওঁ যোগদান কৰিছিল। সেই ভিডিঅ' টোৰ প্ৰায় ৪৫ ছেকেণ্ডৰ পিছত আমি একেটা ভিডিঅ’ পাইছিলোঁ যিটোৰ ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল আছিল। আনহাতে ভিডিঅ’টোৰ ওপৰৰ বাওঁফালৰ চুকত লিখা আছিল “Courtesy of Aaron Newman 2021 ” ইয়াৰ পৰা আমি বুজিলোঁ যে ভাইৰেল ভিডিঅ’টো আচলতে ২০২১ চনৰ।

তাৰ পিছত আমি ভাইৰেল ভিডিঅ’ আৰু অৰিজিনেল ভিডিঅ’টোৰ তুলনা কৰিলোঁ। মূল ভিডিঅ'টোত চিবিএছ নিউজৰ ল'গ'টো দেখা গৈছে ৷ তুলনাত্মক ভিডিঅ'টো চাবলৈ তলত ক্লিক কৰক।

আমি দুসপ্তাহৰ আগতে ফক্স নিউজৰ ইউটিউব চেনেলত আপলোড কৰা এৰন নিউমেনৰ টাইটান ভ্ৰমণৰ ভিডিঅ’ আৰু সাক্ষাৎকাৰ পাইছিলোঁ। যিটো আছিল শেহতীয়াকৈ টাইটান দুৰ্ঘটনাৰ সময়ৰ বিষয়ে।

ভাইৰেল ভিডিঅ’টোত দেখা বাকী লোকসকল শেহতীয়া ঘটনাৰ নহয়, গতিকে আমি অধিক তদন্ত কৰিলোঁ। য'ত আমি ২০২১ চনৰ অভিযানৰ সৈতে জড়িত ডেইলীমেইলৰ এটা বাতৰিৰ প্ৰবন্ধ পাইছিলোঁ ৷ প্ৰবন্ধটোত এই অভিযানৰ সকলো মিছন বিশেষজ্ঞৰ ফটো দেখুওৱা হৈছে। লগতে, প্ৰতিবেদন পঢ়ি, জনা যায় যে এই অভিযানৰ দলটোত মুখ্য কাৰ্যবাহী বিষয়া ষ্টকটন ৰাছ , এৰন নিউমেন , ডেভিদ ৰড, ডাগ জেকচন আৰু এগৰাকী মহিলা ব্ৰীজেট বাক্সটনক অন্তৰ্ভুক্ত কৰা হৈছিল। এই প্ৰতিবেদনত অভিযানৰ আৰু ফটোৰ লগতে এটা ভিডিঅ'ও আছে।

ইয়াৰদ্বাৰা ক'ব পাৰি যে ভাইৰেল ভিডিঅ'টো শেহতীয়া ঘটনাৰ নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে দাবী কৰাৰ নিচিনাকৈ ভাইৰেল ভিডিঅ'টো শেহতীয়া টাইটান ছাবমেৰিনৰ ধ্বংসৰ আগমুহুৰ্তৰ নহয়। এয়া এক পুৰণি ভিডিঅ'।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো টাইটান ছাবমেৰিনৰ নহয়।

Written By: Debanjana Baishya

Result: False