
ইজৰাইল-হামাছৰ সংঘাত অব্যাহত থকাৰ সময়তে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত পেলেষ্টাইনীসকলে ভুৱা অন্ত্যেষ্টিক্ৰিয়া চলোৱাৰ ফুটেজ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ইজৰাইলী বিমান আক্ৰমণৰ বলি হোৱা এজন সৰু ল’ৰাৰ “মৃতদেহ” কঢ়িয়াই লৈ ফুৰিছে এদল যুৱকে। কিন্তু শেষত এয়াৰ ৰেইডৰ চাইৰেন বজোৱাৰ লগে লগে ষ্ট্ৰেচাৰখন পেলাই “মৃতদেহ”টো এৰি থৈ যায়, কিন্তু তাৰ পিছত নিৰ্জীৱ ল’ৰাটো হঠাতে উঠি পলাই যায়।
এই একেটা ভিডিঅ’ আমাৰ হোৱাটচএপ নম্বৰলৈও আহিছিল।
ভিডিঅ’টোৰ কেপচনত লিখা আছিল,”পেলেষ্টাইনৰ ভুৱা অন্ত্যেষ্টিক্ৰিয়া” ।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া ডুবাইৰ আলৰোয়েয়া নামৰ কাকতখনে ২০২০ চনৰ ২৪ মাৰ্চত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা দেখিলোঁ যে জৰ্ডানৰ এদল যুৱকে দেশখনৰ ক’ভিড ১৯ৰ নিষেধাজ্ঞা আওকাণ কৰি ভুৱা অন্ত্যেষ্টিক্ৰিয়া কৰি দেখুৱাইছিল।

অধিক অনুসন্ধানত আমি জৰ্ডানৰ কাকত, ৰ’য়া নিউজ ইংলিছেও ২৩মাৰ্চ, ২০২০ তাৰিখে ফেচবুকত একেটা ভিডিঅ’ শ্বেয়াৰ কৰা দেখিলোঁ। কেপচনত লিখা আছে, “ভুৱা অন্ত্যেষ্টিক্ৰিয়া! সতৰ্কবাণীৰ পিছতো মানুহে এতিয়াও আইন ভংগ কৰি আছে”, যিয়ে নিশ্চিত কৰিলে যে ভাইৰেল ভিডিঅ’টো বৰ্তমান চলি থকা হামাছ- ইজৰাইল সংঘাতৰ সৈতে জড়িত নহয়।
জৰ্ডানবাসীয়ে ক’ভিড-১৯ৰ নিয়ম ভংগ কৰাৰ সৃষ্টিশীল উপায় বিচাৰি উলিওৱাৰ এক ব্যংগ উদাহৰণ হিচাপে আপলোড কৰা হৈছিল এই ভিডিঅ’টো। সেই সময়ত বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে জৰ্ডানৰ এদল যুৱকে ক’ভিড লকডাউন ভংগ কৰিবলৈ ভুৱা অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ আয়োজন কৰিছিল।

ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত জৰ্ডানৰ এদল যুৱকে ২০২০ চনৰ মাৰ্চ মাহত ক’ভিড লকডাউন ভংগ কৰিবলৈ ভুৱা অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাৰ আয়োজন কৰা দেখা গৈছে। ইয়াৰ হামাছ-ইজৰাইল সংঘাতৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টোৰ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই।
Written By: Debanjana BaishyaResult: False
