গোৰখপুৰৰ পুৰণি ভিডিঅ’ সম্ভলৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

False Social

উত্তৰ প্ৰদেশৰ সম্ভলৰ ষোল্ল শতিকাৰ জামা মছজিদত আদালতৰ নিৰ্দেশত হোৱা এক সমীক্ষাৰ পাছত যোৱা ২৪ নৱেম্বৰ, দেওবাৰে সম্ভলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতে প্ৰতিবাদকাৰী দল এটাৰ ওপৰত পুলিচৰ লাঠী ছাৰ্জৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া সম্ভলৰ শেহতীয়া ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “জেহাদীবোৰক দীৰ্ঘদিনীয়া পিঠিৰ বিষ, কঁকালৰ বিষ, ভৰিৰ বিষৰ পৰা তৎক্ষণাত সকাহ পোৱাৰ একমাত্ৰ দৰৱ দি থকা হৈছে সম্ভলত।

উত্তৰ প্ৰদেশৰ সম্ভলত জামা মছজিদৰ প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি পুলিচৰ ওপৰত শিলগুটি নিক্ষেপ কৰাবোৰক… বিখ্যাত চিকিৎসক…

যোগী আদিত্যনাথ বাবাৰ এতিয়া চিকিৎসা চাওক…😂😂🤣😍🙆

#highlight

#followers

#highlightseveryone”

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০১৯ চনৰ ২১ ডিচেম্বৰত এটা এক্স হেণ্ডলত কৰা টুইটত এই ভিডিঅ’টো আমি পালোঁ। টুইটটোৰ কেপশ্বন অনুসৰি ভিডিঅ’টো আছিল গোৰখপুৰৰ।

যিহেতু ভিডিঅ’টো ২০১৯ চনৰপৰাই ইণ্টাৰনেটত উপলব্ধ, গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে এই ভিডিঅ’টো সম্ভলৰ শেহতীয়া ঘটনাৰ নহয়।

X Link | Archived Link.

ইয়াকে সমল হিচাপে লৈ আমি গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Live Hindustan ইউটিউব চেনেলত ২০১৯ চনৰ ২০ ডিচেম্বৰত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ আৰু এই ভিডিঅ’টোৰ দৃশ্যসমূহৰ ভাইৰেল ভিডিঅ’টোৰ দৃশ্যাংশৰ সৈতে মিল থকা দেখিলোঁ।

প্ৰতিবেদন অনুসৰি, ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত গোৰখপুৰৰ নখাছ চ’কত এই ঘটনা সংঘটিত হৈছিল য’ত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ উপৰিও আৰু লাঠি ছাৰ্জ কৰিবলগীয়া হৈছিল।

একেধৰণৰ প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব। Archived Link

আমি সেই ঠাইখন জিঅ’লকেট কৰিবলৈ সক্ষম হ’লোঁ। অনুগ্ৰহ কৰি তলত চাওক।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু গুগল মেপৰ ফটোৰ মাজত তুলনা তলত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো গোৰখপুৰৰ এক পুৰণি ভিডিঅ’। 

উল্লেখযোগ্য যে গোৰখপুৰ আৰু সম্ভলৰ মাজৰ দূৰত্ব ৬৫৩ কিলোমিটাৰ।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোৰ ২০১৯ চনত গোৰখপুৰত হোৱা “কা” বিৰোধী প্ৰতিবাদৰহে। ইয়াৰ সম্ভলৰ শেহতীয়া ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:গোৰখপুৰৰ পুৰণি ভিডিঅ’ সম্ভলৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *