ইজৰাইলৰ ব্ৰডকাষ্টিং অথৰিটিৰ ৱেবছাইট অনুসৰি গাজাত ইজৰাইলৰ অদম্য বোমাবৰ্ষণৰ মাজতে দেশখনে বাহৰেইন, জৰ্ডান, মৰক্কোকে ধৰি মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ দূতাবাস খালী কৰিছে।

এই পটভূমিত বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱাৰ চেষ্টা কৰা বুলি দাবী কৰা এটা পোষ্ট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'ৰ কেপচনত লিখা আছে, “বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱাৰ চেষ্টা কৰিছিল”।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিছিলো গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ চলাই। তেতিয়া ২০১২ চনৰ ৭ নৱেম্বৰত এটা ফেচবুক পেজত কৰা এটা পোষ্ট পালোঁ য'ত সংলগ্ন ফটোখন আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই। তাত উল্লেখ কৰা হৈছিল যে ফটোখনত বাহৰেইনৰ এখন থানা জ্বলোৱা দেখা গৈছে।

এই ইংগিত ব্যৱহাৰ কৰি আমি আৰু অধিক অনুসন্ধান কৰিলোঁ আৰু ২০১২ চনৰ ৩০ ডিচেম্বৰত ৰিভল্যুচন বাহৰেইনে আপলোড কৰা একেটা ভিডিঅ’ ইউটিউবত পালোঁ, যাৰ শিৰোনাম আছিল, “বাহৰেইন: এখন আৰক্ষী থানা ঘেৰাও কৰি জ্বলাই দিয়া হৈছিল – সিত্ৰা।”

বৰ্ণনাত কোৱা হৈছে, “বাহৰেইনৰ ৰিভল্যুচন মিডিয়া চেণ্টাৰে ৰাজধানী মানামাৰ দক্ষিণে থকা ছিট্ৰা দ্বীপৰ এখন আৰক্ষী থানাত বিক্ষোভকাৰীৰ আক্ৰমণৰ দৃশ্য লাভ কৰে। খবৰ অনুসৰি যোৱা শনিবাৰে (৩ নৱেম্বৰ, ২০১২) এই আক্ৰমণ সংঘটিত হৈছিল। আল-খালিফিয়া কাৰাগাৰত অধ্যাপক হাছান মুছাইমাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত এই আক্ৰমণ সংঘটিত হৈছে, কাৰণ কাৰাগাৰত চিকিৎসাৰ গাফিলতিৰ বাবে তেওঁৰ কৰ্কট ৰোগ ঘূৰি আহিছিল।”

ইয়াৰ পিছত আমি গুগলত সিত্ৰা থানা বিচাৰিলোঁ। ছবিখন তলত চাব পাৰিব।

অধিক স্পষ্টীকৰণৰ বাবে আমি বাহৰেইন আৰক্ষী থানাৰ ছবিখন ভাইৰেল ভিডিঅ’টোত দেখা অট্টালিকাটোৰ সৈতে তুলনা কৰিলোঁ। দুয়োটা সাইলাখ একে।

আলজাজিৰাৰ বাতৰি অনুসৰি ২০১১ চনত বাহৰেইনত আৰব স্প্ৰিঙৰ তুংগত চৰকাৰক উফৰাই পেলাবলৈ চেষ্টা কৰাৰ অভিযোগত বিৰোধী নেতা হাছান মুছাইমা (৭০)ক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল। পুত্ৰৰ মতে হাছান মুছাইমাক দীৰ্ঘদিনীয়া ৰোগৰ বাবে চিকিৎসা আৰু স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত কৰা হৈছে। জেলত থকাৰ সময়ত নেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু পুনৰ কেন্সাৰ হৈছিল। অধিক অনুসন্ধানত আমি বাহৰেইনৰ এখন বাতৰি কাকত আল আয়ামে ২০১৮ চনৰ ২ অক্টোবৰত প্ৰকাশ কৰা এই কাণ্ডৰ বাতৰি আৱিষ্কাৰ কৰিলোঁ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ'টোত বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱা নাই। এই ভিডিঅ'টো ২০১২ চনৰ আৰু বাহৰেইনৰ মানামাৰ আৰক্ষী থানা এখন জ্বলাই দিয়া দেখা গৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টোত বাহৰেইনত থকা ইজৰাইলৰ দূতাবাস জ্বলোৱা হোৱা নাই।

Written By: Debanjana Baishya

Result: False