উত্তৰ ২৪ পৰগনাৰ সন্দেশখালি বিধান সভা সমষ্টি বিগত কিছুদিনৰ পৰা উত্তপ্ত হৈ পৰিছে। স্থানীয় টিএমচিৰ নেতাসকলৰ ওপৰত যৌন নিৰ্যাতন আৰু ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ মহিলাসকলে। গাঁওবাসীৰ এটা অংশই কয় যে এই অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীয়ে গাঁওবাসীক সহায় কৰা নাছিল। ইফালে মহিলা আয়োগে নিজাকৈ প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়ে স্পষ্ট কৰি দিয়া হৈছে। এই পৰিস্থিতিত বিৰোধীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এই অপৰাধৰ নীৰৱ দৰ্শক বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে আনফালে মুখ্যমন্ত্ৰীয়ে সন্দেশখালিত বিৰোধীয়ে সংঘৰ্ষত উচটনি দিয়া বুলি দাবী কৰে। এই প্ৰসংগত সন্দেশখালিত মহিলাৰ ওপৰত কৰা নিৰ্যাতনৰ ভিডিঅ' বুলি দাবী কৰি এটা ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মহিলাই সংবাদ মাধ্যমৰ আগত কিবা এটা ক’বলৈ গৈ থকা অৱস্থাত এজন লোকে মহিলাগৰাকীক কেমেৰাৰ সন্মুখত ঠেলি দি ৰাজপথত পেলাই দিয়ে।

এই ভিডিঅ'টো সন্দেশখালিৰ শেহতীয়া ঘটনা বুলি দাবী কৰি ফেচবুকতো পোষ্ট শ্বেয়াৰ কৰা হৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি পোৱা ফেচবুক পোষ্টটোত মুঠ পাঁচটা ভিডিঅ' আপলোড কৰা হৈছিল।

আমি প্ৰথমে প্ৰথমটো ভাইৰেল ভিডিঅ' কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া পশ্চিম বংগ বিজেপিৰ সংবাদ মাধ্যমৰ মিডিয়া কো-ইনছাৰ্জ কায়া ঘোষৰ এক্স (টুইটাৰ) হেণ্ডেলত এই ভিডিঅ’টো পালোঁ। ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত তেওঁ ভিডিঅ'টো পোষ্ট কৰি কেপশ্বন দিছিল - "এইগৰাকী মহিলা নীলিমা দে সৰকাৰ যিগৰাকীক তৃণমূলৰ নেতা আৰ্ছাদুজ্জামানে 'লঠিয়াইছিল'। চাওকচোন তেওঁৰ সহযোগী কুতুবুদ্দিনে কেনেকৈ ৰাজহুৱাভাৱে তেওঁক মাৰপিট কৰে তেওঁ এই ঘটনা সংবাদ মাধ্যমৰ আগত উত্থাপন কৰাৰ সময়ত"।

ওপৰৰ তথ্যৰ ভিত্তিত গুগলত প্ৰাসংগিক কীৱৰ্ড সন্ধানৰ জৰিয়তে ভাইৰেল ভিডিঅ’ সম্পৰ্কে বহু বাতৰিৰ প্ৰতিবেদন আমি পালোঁ। ২০১৮ চনৰ ১ অক্টোবৰ তাৰিখে ‘G24 Hours’ ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভিডিঅ’টোত দেখা মহিলাগৰাকী হৈছে বিজেপি নেত্ৰী নীলিমা দে সৰকাৰ। সেই সময়ত বিজেপি কৰ্মীয়ে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ বৰাছাটৰ পীৰগাছা ৰেলগেট ঘেৰাওত অংশ লৈছিল। স্থানীয় টিএমচি নেতা আছাৰাদুজ্জামানে নীলিমাক লঠিয়াইছিল। এই ঘটনাৰ কিছুদিন পিছত যেতিয়া নীলিমাই সংবাদ মাধ্যমৰ আগত অভিযোগ প্ৰকাশ কৰিবলৈ গৈছিল, তেতিয়া আছাৰাদুজ্জামানৰ অনুগামী কুতুবুদ্দিনে কেমেৰাৰ সন্মুখত ৰাস্তাত ঠেলি দিছিল।

এই সম্পৰ্কে আন এক বাতৰি তলত চাব পাৰিব।

একেটা বাতৰি ইয়াতো চাব পাৰিব।

এইবাৰ আমি পোষ্টটোত থকা আন ভিডিঅ'কেইটাৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

পোষ্টটোত থকা আন ভিডিঅ'কেইটাৰ উৎস ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাওক।

এই ভিডিঅ'টোসমূহ সন্দেশখালিৰ ঘটনা সন্দৰ্ভত কৰা বাতৰিৰ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল পোষ্টটোত কৰা দাবীটো আংশিকভাৱে মিছা। এগৰাকী মহিলাক কেমেৰাৰ সমুখত প্ৰহাৰ কৰা এই ভিডিঅ'টো পুৰণি আৰু সন্দেশখালিৰ শেহতীয়া ঘটনাৰ লগত কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কেমেৰাৰ সমুখত মহিলাক প্ৰহাৰ কৰা এই ভিডিঅ'টো সন্দেশখালিৰ নহয়।

Fact Check By: FactCrescendo Team

Result: Partly False