কৃষকৰ আন্দোলন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈ আছে। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে মোডী চৰকাৰক লক্ষ্য কৰি লৈছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ট্ৰেক্টৰৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ পুতলা বান্ধি দিয়া হৈছে আৰু তাৰ লগত চেন্দেলৰ মালা সংলগ্ন কৰা হৈছে যাৰ লগতে লিখা আছে ‘এজেণ্ট অৱ আৰ এছ এছ’। এই ভিডিঅ'টো বৰ্তমানৰ কৃষক আন্দোলনৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে।

Twitter Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

তদন্তৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ বিষয়ে জানিবলৈ ভিডিঅ’টোৰ কিছু স্ক্ৰীণশ্বট লৈছিলোঁ। সেই ফটোবোৰৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ফেচবুকত ভাইৰেল ভিডিঅ’টোৰ দৰেই এটা ভিডিঅ’ পালোঁ। ভিডিঅ'টো ২৬ মাৰ্চ ২০২০ তাৰিখে আপলোড কৰা হৈছিল। এই ভিডিঅ’টোত দেখা পোৱা ফুড ট্ৰেক্টৰখনৰ ভাইৰেল ভিডিঅ’টোত দেখা ফুড ট্ৰেক্টৰৰ সৈতে মিল আছে। পোষ্টটোৰ কেপচনত লিখা আছে- পাঞ্জাবী ধাবা i5 Exit 278 ৰ দ্বাৰা ট্ৰাক চালকৰ বাবে বিনামূলীয়া খাদ্য।

ইয়াৰ উপৰিও আমি এই ভিডিঅ’টো ‘ইউনাইটেড ট্ৰাকাৰছ’ ফেচবুক পেজতো পাইছিলোঁ। পোষ্টটোৰ সৈতে দিয়া তথ্য অনুসৰি ক'ভিডৰ সময়ছোৱাত ট্ৰাক চালকৰ বাবে বিনামূলীয়া ভাৰতীয় খাদ্য বিলোৱা হৈছিল। এওঁলোকে ৪ দিনৰ বাবে এক্সিট ২৭৮, আই৫, অৰেগনত বিনামূলীয়া খাদ্য পৰিবেশন কৰিছিল।

প্ৰাপ্ত তথ্যৰ সহায় লৈ আমি অধিক তদন্ত চলালোঁ। তেতিয়া আমি ট্ৰিপ এডভাইজাৰৰ ৱেবছাইটত ভাইৰেল ভিডিঅ’টোত দেখুওৱা ৰেষ্টুৰেণ্টখনৰ বিষয়ে তথ্য পালোঁ। আচলতে ভিডিঅ’টোত দেখা ঠাইখন আমেৰিকাৰ অৰেগন চহৰৰ এখন ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টখনৰ নাম ‘চিজলিং টাণ্ডুৰী হাট’।

অধিক তদন্ত আৰু কীৱৰ্ড সন্ধানৰ জৰিয়তে আমি ইনষ্টাগ্ৰামত একেখন ৰেষ্টুৰেণ্টৰ ফটো পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ পৰা ট্ৰেক্টৰখনো দেখা গৈছে। পোষ্টটোৰ কেপশ্বনত লিখা আছে- অৰেগনৰ ৰোডছাইড পাঞ্জাবী ধাবা। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে এই ঠাইখন ভাৰতৰ নহয়।

আমি গুগল মেপত এই ঠাইখন বিচাৰিবলৈ চেষ্টা কৰিলোঁ। গুগলত এই ধাবাৰ স্থান বিচাৰি আমি আমেৰিকাৰ অৰেগনত পালোঁ। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টোৰ ভাৰত বা কৃষক আন্দোলনৰ লগত কোনো সম্পৰ্ক নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ'টো পুৰণি আৰু আমেৰিকাৰ অৰেগণ চহৰৰ এখন ৰেষ্টুৰেণ্টৰ, ভাৰতৰ নহয়। ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আমেৰিকাৰ পুৰণি ভিডিঅ' কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

Fact Check By: Debanjana Baishya

Result: False