
শেহতীয়াকৈ ডুবাইত ২৪ ঘণ্টাৰ ভিতৰত ১৪২ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই পৰিপ্ৰেক্ষিতত চ’ছিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে। ফেচবুকত তেনে ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ডুবাইত হোৱা বানপানীৰ দৃশ্য বুলি দাবী কৰা হৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি পোৱা ফেচবুক পোষ্টটোত দুটা ভিডিঅ’ সংলগ্ন কৰা হৈছিল।
প্ৰথম ভিডিঅ’
প্ৰথম ভিডিঅ’টোত বহুতো উটক বানপানীত আবদ্ধ হৈ থকা আৰু কিছুসংখ্যকক উটি যোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এয়া ডুবাইৰ মৰুভূমিত হোৱা বানৰ দৃশ্য।
আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।
আমি এক্সত ২০১৮ চনৰ ২৫ অক্টোবৰত এজন ব্যৱহাৰকাৰীয়ে কৰা এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো সংলগ্ন কৰা হৈছিল। কেপশ্বনটোৰ অনুবাদ কৰি আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টো চৌদি আৰৱৰ টাবুকত হোৱা বানপানীৰ।
এই সম্পৰ্কে ২০১৮ চনৰ ২৫ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন আমি পালোঁ য’ত একেটা ভিডিঅ’ৰ বিষয়ে উল্লেখ কৰা হৈছিল। প্ৰতিবেদন অনুসৰি সেই ভিডিঅ’টো টাবুকত হোৱা বানপানীৰ দৃশ্যৰ।
এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
গতিকে আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয় বৰং ২০১৮ চনৰ অক্টোবৰ মাহত চৌদি আৰৱৰ টাবুকত হোৱা বানপানীৰহে।
দ্বিতীয় ভিডিঅ’
দ্বিতীয় ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি আমি ২০২৪ চনৰ ২৬ মাৰ্চত ইউটিউবত আপলোড কৰা এটা ভিডিঅ‘ পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই। কিন্তু ভিডিঅ’টো সম্পৰ্কে কোনো তথ্য কিন্তু তাত উল্লেখ কৰা হোৱা নাছিল।
আমি পুনৰ চাৰ্চ কৰি আন এটা ইউটিউব চেনেলত ২০২৪ চনৰ ১৪ মাৰ্চত আপলোড হোৱা একেটা ভিডিঅ’ পালোঁ। ভিডিঅ’ টোৰ কেপশ্বনত ইণ্ডোনেছিয়ান ভাষাত লিখা আছিল “মাৰ্চ ১৪, ২০২৪” বুলি। কিন্তু তাতো ভিডিঅ’টোৰ বিষয়ে কোনোধৰণৰ তথ্য উল্লেখ কৰা হোৱা নাছিল। কিন্তু যিহেতু ভিডিঅ’টো ডুবাইত হোৱা বানপানীৰ ঘটনাৰ পূৰ্বৰে পৰা আছিল গতিকে এই ভিডিঅ’টো ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয় বুলি আমি ক’ব পাৰোঁ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। পুৰণি ভিডিঅ’ ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি ভাইৰেল হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পুৰণি ভিডিঅ’ ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি ভাইৰেল।
Written By: Debanjana BaishyaResult: Missing Context
