শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিজ বাসগৃহত এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি দক্ষিণ কলকাতাৰ বেলিগঞ্জত অনুষ্ঠিত এক অনুষ্ঠানৰপৰা উভতি অহাৰ পিছত ৬৯ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে নিজ বাসগৃহত পিছলি পৰি ঘৰৰ আচবাবত খুন্দা মৰাৰ ফলত মূৰত আঘাত পায়।

ইয়াৰ পিছতে চ'চিয়েল মিডিয়াত এই সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ লগতে বিভিন্ন ফটো ভাইৰেল হৈ পৰে।

ফেচবুকত এটা নিউজ প'ৰ্টেলে প্ৰকাশ কৰা এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হ'ল। তাত আঘাতপ্ৰাপ্ত মমতা বেনাৰ্জীৰ বিভিন্ন ফটো সংলগ্ন কৰা হৈছিল।

Facebook Link | Archived Link

এই ফটো সমূহ সঁচাকৈয়ে মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ আঘাত পোৱা অৱস্থাৰ হয়নে নহয় সেয়া জানিবলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ আঘাতপ্ৰাপ্ত হোৱা সম্পৰ্কে তৃণমূল কংগ্ৰেছে এক্সত যোৱা ১৪ মাৰ্চত কৰা এটা টুইট পালোঁ। টুইটটোত সংলগ্ন ফটোসমূহত দেখা গৈছিল যে মমতা বেনাৰ্জীয়ে মূৰত আঘাত পাইছিল।

https://twitter.com/AITCofficial/status/1768286010264502610

Archived Link

এই সম্পৰ্কে প্ৰকাশিত প্ৰতিবেদন ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ভাইৰেল ভিডিঅ'টোত দেখুওৱা মমতা বেনাৰ্জীয়ে মূৰত আঘাত পোৱা ফটোসমূহ শেহতীয়া বুলি আমি জানিব পাৰিলোঁ।

প্ৰতিবেদনসমূহত প্ৰকাশিত তথ্য অনুসৰি মমতা বেনাৰ্জীয়ে মূৰত আঘাত পাইছিল। কিন্তু ভাইৰেল ভিডিঅ'টোত সংলগ্ন এখন ফটোত দেখা গৈছিল যে মমতা বেনাৰ্জীয়ে হস্পিতালৰ বিচনাত নীলা ৰঙৰ কাপোৰ গাত লৈ আছে আৰু তেওঁৰ এখন ভৰিত প্লাষ্টাৰ লগোৱা আছে।

ভাইৰেল ভিডিঅ'টোৰ ০:৩৪, ১:২৫, ২:০৭ আৰু ২:৫৮ টাইমষ্টেম্পত এই ফটোখন সংলগ্ন কৰা হৈছিল।

এই ফটোখন আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।

আমি ২০২১ চনৰ ১১ মাৰ্চত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য'ত সংলগ্ন ফটোখন আছিল ভাইৰেল ভিডিঅ'টোত থকা ফটোখনৰ সৈতে একেই।

খবৰ অনুসৰি ১০ মাৰ্চত নন্দীগ্ৰামৰ এটা মন্দিৰত সেৱা ল'বলৈ সোমাব ল‌ওতে চাৰি পাঁচজন ব্যক্তিয়ে মমতা বেনাৰ্জীক ঠেলা মৰাৰ ফলত তেওঁ ভৰি আৰু মূৰত আঘাত পোৱা বুলি তেওঁ কয়। সেই সময়ত মমতা বেনাৰ্জীক এছ এছ কে এম হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

একেখন ফটো সংলগ্ন কৰি ইণ্ডিয়া টুডেয়ে ২০২১ চনৰ ১২ মাৰ্চত প্ৰকাশ কৰা এক প্ৰতিবেদনো আমি পালোঁ।

এনেধৰণৰ প্ৰতিবেদন ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ মমতা বেনাৰ্জীৰ ভৰিত প্লাষ্টাৰ লগোৱা অৱস্থাৰ ফটোখন শেহতীয়া দুৰ্ঘটনাৰ নহয় বৰং এয়া ২০২১ চনৰে ফটো।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মমতা বেনাৰ্জীৰ ভৰিত প্লাষ্টাৰ লগোৱা অৱস্থাৰ ফটোখন শেহতীয়া দুৰ্ঘটনাৰ নহয়।

Fact Check By: Debanjana Baishya

Result: Partly False