এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত কোনো সম্পৰ্ক নাই।

Misleading Social

এক বহল পথত বিপুল জনসমাগমৰ এখন ফটো চ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ফটোখনৰ সৈতে দাবী কৰা হৈছে যে অযোধ্যাত ৰাম মন্দিৰৰ অভিষেকৰ বাবে সমবেত হৈছে ভক্তৰ ভিৰ।

 তামিলনাডু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকে ভাইৰেল ফটোখন শ্বেয়াৰ কৰাৰ সময়ত লিখিছে – “ফটোখন ২২-০১-২০২৪ তাৰিখে সন্ধিয়া ৬-০০ বজাত লোৱা হৈছে। অযোধ্যাৰ ছবি, ভক্তৰ সাগৰ ৭.৫ কিলোমিটাৰ জুৰি”।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

তদন্তৰ আৰম্ভণিতে আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ভাইৰেল ফটোখন ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ অফিচিয়েল টুইটাৰ একাউণ্টত পালোঁ। ২০ জুন, ২০২৩ তাৰিখে আপলোড কৰা হৈছিল ফটোখন। তথ্য অনুসৰি, জনসমাগমৰ এই ছবিখন ২০২৩ চনত অনুষ্ঠিত হোৱা ৰথ যাত্ৰাৰ।

যাৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ছবিখনৰ শেহতীয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা বা অযোধ্যাৰ লগত কোনো সম্পৰ্ক নাই।

পুনৰ অনুসন্ধান কৰি আমি এটা ইনষ্টাগ্ৰাম একাউণ্ট পালোঁ য’ত ২০২৩ চনৰ ২০ জুনত ভাইৰেল ফটোখন আপলোড কৰা হৈছিল। ইয়াত তথ্যও দিয়া হৈছিল যে ভাইৰেল ফটোখন অযোধ্যাৰ নহয়।

আমি ইউটিউব চেনেল এটাতো ভাইৰেল ফটোখন দেখিলোঁ। প্ৰতিবেদন অনুসৰি এইখন ভগৱান জগন্নাথৰ বাৰ্ষিক ৰথ যাত্ৰাৰ পুৰণি ফটো। ৰাম মন্দিৰ আৰু অযোধ্যাৰ লগত কোনো সম্পৰ্ক নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ এক পুৰণি ফটো, ইয়াৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত কোনো সম্পৰ্ক নাই।

Written By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *