২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ I.N.D.I Alliance ৰ উদ্যোগত এক মেগা ৰেলীৰ আয়োজন কৰা হয়। এনে পৰিপ্ৰেক্ষিতত বিপুল জনসমাগম দেখুওৱা এখন ফটো চ’ছিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এয়া ৰামলীলা ময়দানত আয়োজিত বিৰোধীৰ মেগা ৰেলীৰ দৃশ্য।

Twitter Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা টুইটাৰ একাউণ্টত আপলোড কৰা ভাইৰেল ফটোখন পালোঁ। ফটোখন ৭ মাৰ্চ ২০২১ তাৰিখে আপলোড কৰা হৈছে। ইয়াৰ পৰা স্পষ্ট যে এই ছবিখন পুৰণি আৰু শেহতীয়া নিৰ্বাচনী সমাৱেশৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

পোষ্টটোৰ কেপচনত লিখা আছে- বংগত মোডীসাগৰ..

Archived Link

অধিক সন্ধান কৰাৰ পিছত আমি বহু সংবাদ মাধ্যমৰ বাতৰিত এই ভাইৰেল ফটোখন পালোঁ। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত পিপলছ ডিস্পেট্চ (Archived Link), পিপলছ ডেম’ক্ৰেচি (Archived Link) আৰু চ’ছিয়েল নিউজ (Archived Link)ৰ ৱেবছাইটত প্ৰকাশ পাইছে এই ভাইৰেল ছবিখন।

প্ৰকাশিত বাতৰি অনুসৰি ২০১৯ চনৰ ৩ ফেব্ৰুৱাৰীত কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত বাওঁপন্থীৰ নেতৃত্বত এখন ৰেলীৰ আয়োজন কৰা হৈছিল। এই সমাৱেশত সহস্ৰাধিক বাওঁপন্থী কৰ্মীয়ে অংশগ্ৰহণ কৰে। খবৰ অনুসৰি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু ৰাজ্যৰ টিএমচি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে এই সমাৱেশৰ আয়োজন কৰা হৈছিল।

ইয়াৰ উপৰিও আমি এই ফটোখন Alamy Stock Images ত পাইছিলোঁ। ইয়াত দিয়া তথ্য অনুসৰি ২০১৯ চনৰ ৩ ফেব্ৰুৱাৰীত আয়োজন কৰা বাওঁ ব্ৰিগেড (চিপিআই)ৰ ৰেলীৰ এখন ছবি।

লাভ কৰা তথ্যৰ সহায় লৈ অধিক অনুসন্ধানত আমি পশ্চিম বংগ চি পি আই (এম)ৰ এটা টুইট পালোঁ। যোৱা ১০ জুন, ২০২০ত কৰা এই টুইটত ভাইৰেল ফটোখনৰ লগতে ‘কলকাতাত ২০১৯ চনৰ ব্ৰিগেড ৰেলীৰ বিহংগম দৃশ্য’ বুলি তথ্য দিয়া হৈছে। অৰ্থাৎ ফটোখন আচলতে ২০১৯ চনৰ সভাৰ।

Archived Link

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ফটোখন দিল্লীৰ ৰামলীলা ময়দানত শেহতীয়াকৈ অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সমাবেশৰ নহয় বৰং ২০১৯ চনত ক'লকাতাত অনুষ্ঠিত বামপন্থী দলৰ সমাবেশৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখন দিল্লীৰ ৰামলীলা ময়দানত শেহতীয়াকৈ অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সমাবেশৰ হয়নে?

Fact Check By: Debanjana Baishya

Result: False