শেহতীয়াকৈ ডুবাইত হোৱা বানপানী সম্পৰ্কে চ'ছিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে। ফেচবুকত এখন ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,

"প্ৰকৃতিৰ লগত খেলা কৰাৰ শিক্ষা ডুবাইয়ে ভালকৈ পালে। বৰষুণ নহয় কাৰণে ডুবাইত cloud☁️ seeding কৰে, মানে আৰ্টিফিচিয়েল মেঘৰ সৃষ্টি কৰি বৰষুণ পেলাই।

এইবাৰো কৰিছিল বহুত বাৰ cloud seeding..

তাৰ কেইদিনমান পিছত প্ৰকৃতিৰ এনেকুৱা তাণ্ডব হ'ল যে ২/৩ বছৰৰ বৰষুণ এদিনতে দি দিলে ডুবাইক।

বতৰ ভাল কৰি ৰখাৰ কাৰণে ৭২ বছৰে cloud seeding কৰি অসময়ত বৰষুণ আনে । কিন্তু প্ৰকৃতিয়ে এইবাৰ যেন শিকাই দিলে আমাৰ লগত ধেমালি কৰি নাথাকিবা বুলি।

কিন্তু ডুবাই হয়, য'ত আটাইতকৈ দুখিয়া মানুহ জন লাখ পতি হয়। সাধাৰণ মানুহ বোৰ কোটি পতি আৰু ধনী বোৰ আৰব পতি। গতিকে তেনেকুৱা এখন দেশত বানপানী হ'লে কি চাই থাকিব নেকি?

৪৮ঘন্টাৰ ভিতৰত পানী বোৰ ক'ত নাইকীয়া কৰি দিলে দেখি আচৰিত। আগদিনা খন গাড়ী বোৰ ডুবি যোৱা পথ বোৰ পিছদিনা এনেকুৱা হ'ল যে দেখিলে গম নাপায় যোৱাকালি তাতে বানপানী হৈছিল। এয়াই ডুবাইৰ মহিমা।

#জয়_শ্ৰী_ৰাম 😊🙏"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া মুম্বাই মিৰ'ৰত ২০১৬ চনৰ ১০ মাৰ্চত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। তাত সংলগ্ন ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে একেই।‌ প্ৰতিবেদন অনুসৰি ২০১৬ চনৰ ৯ মাৰ্চত হোৱা মুষলধাৰ বৰষুণৰ ফলত ইউনাইটেড আৰৱ এমিৰেটছৰ বহু অংশত বানপানীৰ সৃষ্টি হৈছিল।

Archived Link

একেখন ফটো ডন (Dawn) কাকতৰ ৱেবছাইটত ২০১৬ চনৰ ১০ মাৰ্চত প্ৰকাশিত প্ৰতিবেদনত সংলগ্ন কৰা হৈছিল। তাত উল্লেখ কৰা হৈছিল যে সেয়া আবু ধাবিৰ দৃশ্য।

Archived Link

ইউনাইটেড আৰৱ এমিৰেটছত ২০১৬ চনৰ মাৰ্চত হোৱা বানপানীৰ বিষয়ে এক খবৰ এন ডি টিভিৰ এক্স হেণ্ডলতো আমি পালোঁ। তাত সংলগ্ন ফটোসমূহৰ মাজত ভাইৰেল ফটোখনৰ নিচিনা এখন ফটো আছিল।

Archived Link

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

Archived Link

উল্লেখযোগ্য যে ২০১৬ চনৰ ৯ মাৰ্চত ইউনাইটেড আৰৱ এমিৰেটছত হোৱা ধাৰাষাৰ বৰষুণ আৰু বানপানীৰ ফলত বিদ্যালয়, বিমান সেৱা আৰু শ্বেয়াৰ মাৰ্কেট কিছুসময়ৰ বাবে বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো মিছা। ফটোখন ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয় বৰং ২০১৬ চনৰ মাৰ্চ মাহত আবু ধাবিত হোৱা বানপানীৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখন ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়।

Fact Check By: Debanjana Baishya

Result: False