
শেহতীয়াকৈ চ’চিয়েল মিডিয়াত কেইটামান বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’সমূহ জাপানৰ আৰু ইয়াত মুছলমান জেহাদীয়ে স্হানীয় লোকক আক্ৰমণ কৰা দেখা গৈছে।
ফেচবুকত ভিডিঅ’সমূহ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইউৰোপ আমেৰিকাৰ দেশ সমূহৰ পিছত এইবাৰ জাপানত মুছলমান জিহাদীৰ আক্ৰমণ।
জাপানৰ স্থানীয় নাগৰিকৰ লগত সংঘৰ্ষত লিপ্ত মুছলমান জিহাদী বোৰ।
ভাৰতত মুছলমানৰ সাহস হোৱা নাই”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’কেইটা কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।
প্ৰথম ভিডিঅ’
পোষ্টটোত থকা প্ৰথম ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰাত আমি ইউটিউবত এটা ভিডিঅ’ পালোঁ য’ত ভাইৰেল দৃশ্যাংশ আছিল। ভিডিঅ’টো আপলোড কৰা হৈছিল ২০১৫ চনৰ অক্টোবৰ মাহৰ ২৫ তাৰিখে। এই ভিডিঅ’টোৰ ১:১৯ টাইমষ্টেম্পত ভাইৰেল ভিডিঅ’টো আমি পালোঁ। ইউটিউবত পোৱা ভিডিঅ’টোত তুৰ্কী ভাষাত থকা বিৱৰণ অসমীয়ালৈ অনুবাদ কৰিলে এনেধৰণৰ হয়,”এইদৰেই টকিঅ’ দূতাবাসৰ সন্মুখত হোৱা নিৰ্বাচনী যুঁজখন পেৰিস্কোপ আৰু জাপানী সংবাদ মাধ্যমত প্ৰতিফলিত হৈছিল”।
যিহেতু এই ভিডিঅ’টো ২০১৫ চনৰেপৰা ইউটিউবত আছে, গতিকে ইয়াৰপৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো জাপানৰ শেহতীয়া ভিডিঅ’ নহয়।
ইউটিউবত পোৱা ভিডিঅ’টোৰ বিৱৰণৰ আঁত ধৰি আমি গুগলত প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই সময়ত প্ৰকাশিত কেইবাটাও বাতৰি পালোঁ।
খবৰ অনুসৰি, আজি টকিঅ’ত থকা তেওঁলোকৰ দূতাবাসত সাধাৰণ নিৰ্বাচনত ভোটদানৰ বাবে শতাধিক তুৰ্কী নাগৰিকে সমবেত হোৱাৰ সময়তে তুৰ্কী আৰু কুৰ্দ জনগোষ্ঠীৰ মাজত হোৱা কাজিয়াত কমেও ১২ জন লোক আহত হয়।

এই সম্পৰ্কে আৰু প্ৰতিবেদন ইয়াত আৰু ইয়াত চাওক।
দ্বিতীয় ভিডিঅ’
এইবাৰ আমি পোষ্টটোত থকা দ্বিতীয় ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ।
তেতিয়া আমি ইউটিউবত ২০১৮ চনৰ ডিচেম্বৰ মাহৰ ১২ তাৰিখে আপলোড হোৱা এটা ভিডিঅ’ পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই। ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল এইদৰে,”Unruly Foreigner Arrested in Starbucks By Tokyo Police” (অবাধ্য বিদেশীক ট’কিঅ’ পুলিচে গ্ৰেপ্তাৰ কৰিছে ষ্টাৰবাক্ছত)।
এই ভিডিঅ’টোৰ পৰা পোৱা তথ্যক সম্বল হিচাপে লৈ আমি গুগলত প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া soranews24 নামৰ এটা ৱেবছাইটত ২০১৮ চনৰ ১০ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি টকিঅ’ৰ মেগুৰো ৱাৰ্ডৰ নাকামেগুৰো ষ্টেচনৰ বিপৰীতে থকা চুটায়া বুকছ কমপ্লেক্সৰ ভিতৰৰ ষ্টাৰবাকছত ২০১৮ চনৰ ১০ অক্টোবৰত এই কাণ্ড সংঘটিত হয়।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
গতিকে ইয়াৰপৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় বৰং ২০১৮ চনৰে।
তৃতীয় ভিডিঅ’
এইবাৰ আমি পোষ্টটোত থকা তৃতীয় ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া ২০২৪ চনৰ ২০ ফেব্ৰুৱাৰীত ইউটিউবত আপলোড হোৱা ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল এইদৰে,”BREAKING: Illegal Kurdish immigrants in Japan shout: Japanese must die!
এইবাৰ আমি গুগলত প্ৰাসংগিক কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু ২০২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত এটা এক্স হেণ্ডলৰপৰা কৰা এটা টুইট পালোঁ য’ত সংলগ্ন ফটোসমূহৰ এখনত থকা দৃশ্যৰ ভাইৰেল ভিডিঅ’ৰ সৈতে মিল আছিল। টুইটটোৰ কেপশ্বনত লিখা আছিল যে ৱাৰাবি ষ্টেচনৰ সমুখত এক বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে কুৰ্দিছসকলৰ ক্ষেত্ৰত কৰা বৈষম্যৰ বিৰুদ্ধে।
এইবাৰ আমি এক্সত ভাইৰেল ভিডিঅ’টো পালোঁ যিটো আপলোড কৰা হৈছিল ২০২৪ চনৰ ১৯ ফেব্ৰুৱাৰীত। পোষ্টটোৰ কেপশ্বনত লিখা হৈছিল যে জাপানত অবৈধ কুৰ্দিছ অনুপ্ৰৱেশকাৰীয়ে বিক্ষোভৰ সময়ত “জাপানীসকলৰ মৃত্যু উচিত” বুলি চিঞৰিছে।
আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া ameba নামৰ এটা ৱেবছাইটত ২০২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰকাশিত এটা ব্লগ পালোঁ। তাত ১৮ ফেব্ৰুৱাৰীত ৱাৰাবি ষ্টেচনৰ সমুখত হোৱা বিক্ষোভ প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰা হৈছিল।
আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু ২০২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত আৰব নিউজত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ।
কিন্তু ক’তো সমবেত লোকসকলক জেহাদী বুলি উল্লেখ কৰা হোৱা নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল পোষ্টটোত কৰা দাবী বিভ্ৰান্তিকৰ। পোষ্টটোৰ প্ৰথম দুটা ভিডিঅ’ জাপানৰ পুৰণি ভিডিঅ’। প্ৰথম ভিডিঅ’ টোত তুৰস্কৰ নিৰ্বাচনক লৈ জাপানত তুৰ্কী আৰু কুৰ্দিছৰ মাজত হোৱা সংঘৰ্ষ দেখুওৱা হৈছে, দ্বিতীয় ভিডিঅ’টোত এজন অবাধ্য বিদেশীক ট’কিঅ’ পুলিচে গ্ৰেপ্তাৰ কৰা দেখা গৈছে আৰু তৃতীয় ভিডিঅ’টো হ’ল জাপানৰ ৱাৰাবি ষ্টেচনৰ সমুখত কুৰ্দিছসকলে শেহতীয়াকৈ কৰা বিক্ষোভৰ দৃশ্যৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:জাপানৰ এই ভিডিঅ’সমূহ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।
Fact Check By: FactCrescendo AssameseResult: Misleading
