হস্পিটেলত বান্দৰৰ উপদ্ৰৱৰ এই ভিডিঅ’টো ভাৰতৰ নহয়!

False International
WhatsApp Image 2020-07-16 at 19.28.05.jpeg

সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত কিছু বান্দৰক এটা হস্পিটেলৰ ৱাৰ্ডৰ পৰা খোৱা বস্তু চুৰ কৰি থকা দেখা গৈছে আৰু ইয়াৰ ফলত কিছুমান ৰোগীক ভয়ত পেপুৱা লাগি বিচনা চাদৰৰ তলত লুকাব ধৰা দেখা গৈছে । ভিডিঅ’টোত বান্দৰবোৰক আমি পৰ্দাৰ ৰ’ডত উঠি আৰু মজিয়াত দৌৰি খোৱা বস্তু কাঢ়িবলৈ চেষ্টা কৰা দেখা পাইছোঁ । ভিডিঅ’টোত ‘ভাৰতৰ হস্পিটেল’ বুলি ইংৰাজীত লিখা আছে । 

যিসময়ত ক’ৰনা ভাইৰাছে সমগ্ৰ দেশতে আতংকৰ সৃষ্টি কৰিছে আৰু সকলোৰে দৃষ্টি আমাৰ হস্পিটেল বোৰৰ ওপৰত আছে, সেই সময়তে এনে ধৰণৰ ভিডিঅ’ ভাইৰেল হোৱাত স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি হৈছে । 

এই ভিডিঅ’টো ফেক্ট ক্ৰেছচেণ্ড অসমীয়াৰ সৈতে এজন লোকে শ্বেয়াৰ কৰি ইয়াৰ সত্যতাৰ সম্পৰ্কে প্ৰশ্ন তুলিলে । আমি সেইবাবে এই ভিডিঅ’টোৰ সত্যতা নিৰূপন কৰিবলৈ ঠিৰাং কৰিলোঁ । সঁচাকৈ এই ভিডিঅ’টো ভাৰতৰ এখন হস্পিটেলৰ নেকি ? সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি প্ৰথমে বিশেষ ছফ্টৱেৰৰ সহায়ত ভাইৰেল ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি প্ৰকৃত ভিডিঅ’টো ফেচবুকত এপ্ৰিল, ২০১৯ চনত আপলোড হোৱা দেখিলোঁ । উক্ত ভিডিঅ’টোত হস্পিটেলৰ এজন ৰোগীয়ে জুলু ভাষাত কিবা কোৱা শুনিলোঁ । উল্লেখযোগ্য যে জুলু ভাষাটো দক্ষিণ আফ্ৰিকাত কোৱা হয় । 

WhatsApp Image 2020-07-16 at 19.45.53.jpeg

ফেচবুক লিংকসংৰক্ষিত লিংক

ইয়াৰ পাছতেই আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে উক্ত ভাইৰেল ভিডিঅ’টোৰ পৰা কিছু ফটো ডেইলি মেইল নামৰ নিউজ ৱেবচাইটত এক বাতৰিৰ সৈতে প্ৰকাশ পাইছিল । বাতৰিটোৰ মতে কিছুমান বান্দৰে দক্ষিণ আফ্ৰিকাৰ চহৰ ডাৰবানৰ এখন হস্পিটেলত ৩ মাহ মানৰ পৰা আতংকৰ সৃষ্টি কৰি আছে । উক্ত হস্পিটেলখন ‘আৰ কে খান হস্পিটেল’ বুলি বাতৰিটোত উল্লেখ আছে । 

mail monkey.png

এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি আৰু চাৰ্ছ কৰাত আমি দক্ষিণ আফ্ৰিকাৰ চৰকাৰী বিষয়ে এক টিম লৈ পৰিস্থিতিৰ বুজ লবলৈ আৰু বান্দৰৰ উপদ্ৰৱ বন্ধ কৰিবলৈ হস্পিটেলখনত উপস্থিত হোৱা এক ভিডিঅ’ আমি ফেচবুকত পালোঁ । 

WhatsApp Image 2020-07-16 at 19.37.13.jpeg

ফেচবুক লিংকসংৰক্ষিত লিংক

ফলাফল

উক্ত ভাইৰেল ভিডিঅ’টো ভাৰতৰ নহয় বৰঞ্চ দক্ষিণ আফ্ৰিকাৰ এখন হস্পিটেলৰ ভিডিঅ’ হয় । যিসময়ত ক’ৰনা ভাইৰাছে সমগ্ৰ দেশতে আতংকৰ সৃষ্টি কৰিছে আৰু সকলোৰে দৃষ্টি আমাৰ হস্পিটেল বোৰৰ ওপৰত আছে, সেই সময়তে এনে ধৰণৰ ভিডিঅ’ ভাইৰেল কৰি সাধাৰণ মানুহৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে । 

Avatar

Title:হস্পিটেলত বান্দৰৰ উপদ্ৰৱৰ এই ভিডিঅ’টো ভাৰতৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *