চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে আয়োজন কৰা এক সমাৱেশৰ ফটো সম্পাদনা কৰি ভুৱা দাবী বিয়পোৱা হৈছে।

Altered Social

২০২৩ চনৰ ২৯ জুলাইত মণিপুৰৰ ইম্ফলত চিন-কুকি নাৰ্কো-সন্ত্ৰাসবাদৰ বিৰুদ্ধে COCOMI সংগঠনে এক বিশাল ৰেলী উলিয়াইছিল। বৃহৎ সংখ্যক লোকে এই সমাৱেশত অংশ লৈছিল।ছ’চিয়েল মিডিয়াত এই সমাৱেশৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে, য’ত একাংশ লোকে বেনাৰ লৈ থিয় হৈ আছে। বেনাৰত লিখা আছে (Kukis are foreigner and Meiteis are refugee) কুকিসকল বিদেশী আৰু মেইটেইসকল শৰণাৰ্থী।

ব্যৱহাৰকাৰীয়ে পোষ্টটোৰ সৈতে লিখিছে – এই প্ৰতিবাদৰ প্ৰতি মোৰ কৌতুহল আছে, যদি কুকি বিদেশী আৰু মেইটেই শৰণাৰ্থী, তেন্তে প্ৰকৃত খিলঞ্জীয়া কোন? স্থিতি আৰু পৰিস্থিতিৰ কথা নাজানিলে নিৰক্ষৰ জনসাধাৰণক কিয় উত্তেজিত কৰে!!!

Facebook Link | Archived Link 

এই পোষ্টটো টুইটাৰতো শ্বেয়াৰ কৰা হৈছে।

Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া খা-পোটছাংবাম টাইমছৰ ফেচবুক পেজত আমি ভাইৰেল ফটোখন পাইছিলোঁ। 

খবৰ অনুসৰি এই গণ সমাৱেশৰ আয়োজন কৰিছিল কোকোমিয়ে চিন-কুকি নাৰ্কো-সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে।

এই ভাইৰেল ফটোখন পোষ্টটোৰ চতুৰ্থ ফটোখনত দেখা পোৱা গৈছে।

কিন্তু আমি পোৱা ফটোখনত ভাইৰেল ফটোখনত লিখাৰ দৰে লিখা হোৱা নাই। ভাইৰেল ফটোখনত লিখা আছে, কুকি বিদেশী আৰু মেইটেই শৰণাৰ্থী… আৰু আমি পোৱা ফটোখনত লিখা আছে, Kusis are foreigner in Manipur chapter (মণিপুৰ অধ্যায়ত কুকি বিদেশী)।

ইয়াৰ বাহিৰেও ভাইৰেল ছবিখন ভালদৰে চালে দেখা যায় যে ছবিখনৰ তলৰ শাৰীটো সম্পাদনা কৰা হৈছে। তলৰ শাৰীত লিখা আখৰবোৰ ওপৰৰ শাৰীত লিখা আখৰবোৰতকৈ পৃথক। তদুপৰি দুয়োখন ছবিতে মানুহ আৰু চাৰিওফালৰ দৃশ্য একেই।

আমি ভাইৰেল ফটোখন আৰু মূল ফটোখন বিশ্লেষণ কৰিলোঁ। যাৰ পৰা স্পষ্ট হৈ পৰে যে মূল ফটোখন সম্পাদনা কৰি ভুৱা দাবী বিয়পোৱা হৈছে।

চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইম্ফলত ব্যাপক শান্তি সমাৱেশ

২০২৩ চনৰ ২৯ জুলাইত মণিপুৰৰ ইম্ফলত চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে। মেইটেই জনগোষ্ঠীৰ মূল নাগৰিক সমাজৰ সংগঠন মণিপুৰ অখণ্ডতা সমন্বয় সমিতি (COCOMI)কে ধৰি বিভিন্ন সংগঠনৰ উদ্যোগত এই সমাৱেশ কৰা হৈছিল।

পুৰুষ-মহিলা আৰু বয়োজ্যেষ্ঠসকলে অংশগ্ৰহণ কৰিছিল এই সমাৱেশত। এই সমাৱেশত ৰাইজে ‘মণিপুৰ জীয়াই থাকক’, ‘অবৈধ অনুপ্ৰৱেশ বন্ধ কৰক’, ‘ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এন পি আৰ) ৰূপায়ণ কৰক),’ ‘মণিপুৰৰ কোনো বিভাজন নাই’, ‘খিলঞ্জীয়া লোকক সুৰক্ষা দিয়ক’ ‘বন আৰু পৰিৱেশ ৰক্ষা কৰক’ আদি ধ্বনি দি , আৰু ‘মহিলাৰ বিৰুদ্ধে অপৰাধ বন্ধ কৰক’ আদি শ্লোগান দিছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল ফটোখনত Kusis are foreigner Meiteis are Refugee বুলি নহয় বৰং Kukis are foreigner in Manipur chapter বুলিহে লিখা আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে আয়োজন কৰা এক সমাৱেশৰ ফটো সম্পাদনা কৰি ভুৱা দাবী বিয়পোৱা হৈছে।

Written By: Debanjana Baishya 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *