শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ বাৰ্তা। বাৰ্তাটো এনেধৰণৰ, "আৰক্ষীয়ে বিনামূলীয়া ভ্ৰমণ আঁচনি আৰম্ভ কৰিছে য'ত যিকোনো মহিলাই অকলে থাকি ঘৰলৈ যাবলৈ গাড়ী বিচাৰি নাপালে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আৰক্ষীৰ হেল্পলাইন নম্বৰ (১০৯১ আৰু ৭৮৩৭০১৮৫৫৫) আৰু বাহনৰ অনুৰোধ কৰিব পাৰিব ।

তেওঁলোকে ২৪x৭ ঘন্টা কাম কৰিব। কন্ট্রল ৰুমৰ বাহন বা নিকটতম পিচিআৰ বাহন/এছ এইচ অ' বাহনে সেই গৰাকীক নিৰাপদে গন্তব্যস্থানলৈ লৈ যাব। এই কাম বিনামূলীয়াকৈ কৰা হ'ব । এই বাৰ্তা আপোনাৰ চিনাকি সকলোকে বিয়পাই দিয়ক। আপোনাৰ পত্নী, কন্যা, ভনীয়েক, মাক, বন্ধু-বান্ধৱী আৰু আপুনি চিনি পোৱা সকলো মহিলালৈ নম্বৰটো পঠাওক । তেওঁলোকক বচাবলৈ কওক। সকলো পুৰুষে আপোনালোকে চিনাকি সকলো মহিলাৰ লগত শ্বেয়াৰ কৰক ।।"

Facebook Link | Archived Link

এই বাৰ্তাটো‌ অসমৰ ফেচবুক ব্যৱহাৰকাৰীসকলে বহুলভাৱে শ্বেয়াৰ কৰা দেখা গৈছে।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ। আমি ২০১৯ চনৰ ১ ডিচেম্বৰত হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি ১০৯১, ১১২ আৰু ৭৮৩৭০১৮৫৫৫ এই নম্বৰকেইটা লুধিয়ানা পুলিচে মহিলা সুৰক্ষাৰ বাবে ২০১৯ চনত মুকলি কৰিছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link.

আমি পুনৰ কী-ৱ'ৰ্ড ছাৰ্চ কৰি লুধিয়ানা আৰক্ষী আয়ুক্তৰ ফেচবুক পেজত ২০১৯ চনৰ ২২ ডিচেম্বৰত কৰা এটা পোষ্ট পালোঁ। পোষ্টটোৰ কেপশ্বনত লিখা আছিল যে লুধিয়ানা পুলিচৰদ্বাৰা মহিলাৰ বাবে নিশাৰ ভাগত "পিক আপ আৰু ড্ৰপ" সুবিধা আৰম্ভ কৰা হৈছে আৰু তাত থকা নম্বৰ দুটা আছিল ৭৮৩৭০১৮৫৫৫ আৰু ১০৯১।

Facebook Link | Archived Link

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। Archived Link

ইয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে ভাইৰেল নম্বৰটো আচলতে লুধিয়ানা পুলিচৰহে।

এই একেটা বাৰ্তা বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পুলিচৰ হেল্পলাইন বুলি ভাইৰেল হৈ আহিছে। পূৰ্বে এই নম্বৰটো বাংগালুৰু, মুম্বাই আৰু হায়দৰাবাদ আদি ঠাইৰ পুলিচ হেল্পলাইন নম্বৰ বুলি ভাইৰেল হৈছিল। এই সম্পৰ্কে বাংগালুৰু, মুম্বাই আৰু হায়দৰাবাদ পুলিচৰ স্পষ্টীকৰণ তলত চাব পাৰিব।

Archived Link

Archived Link

Archived Link

এই সম্পৰ্কে ফেক্ট ক্ৰেছেণ্ড ইংৰাজীৰ দ্বাৰা পূৰ্বে কৰা এক ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

অনুৰূপ ভাৱে নাগপুৰ পুলিচেও এটা হেল্পলাইন নম্বৰ মুকলি কৰিছিল নিশাৰ ভাগত মহিলাক "পিক আপ আৰু ড্ৰপ" সুবিধা প্ৰদান কৰিবলৈ।

উল্লেখযোগ্য যে ১০৯১ নম্বৰটো হৈছে মহিলাৰ কল্যাণ আৰু সুবিধাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ দ্বাৰা মুকলি কৰা সৰ্বভাৰতীয় নম্বৰ।

তদুপৰি অসম আৰক্ষীৰ লগতো আমি যোগাযোগ কৰিছিলোঁ ভাইৰেল দাবীটো সম্পৰ্কে জানিবলৈ। তেওঁলোকৰ পৰা সঁহাৰি পালেই আমি ইয়াত আপডেট কৰিম।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল বাৰ্তাটোত থকা নম্বৰটো আচলতে লুধিয়ানা পুলিচৰহে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল বাৰ্তাটোত থকা নম্বৰটো আচলতে লুধিয়ানা পুলিচৰহে। ২০১৯ চনত লুধিয়ানা পুলিচে মহিলাৰ সুৰক্ষাৰ বাবে নিশাৰ ভাগত "পিক আপ আৰু ড্ৰপ" সুবিধা প্ৰদান কৰিবলৈ এই নম্বৰ মুকলি কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:লুধিয়ানা পুলিচৰদ্বাৰা মহিলাৰ বাবে নিশাৰ ভাগত বিনামূলীয়া যাতায়তৰ বাবে মুকলি কৰা নম্বৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Fact Check By: Debanjana Baishya

Result: Misleading