প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা মন্তব্যত মানহানিৰ গোচৰ ৰুজু হোৱাৰ পাছত দোষমুক্ত হোৱা ৰাহুল গান্ধীয়ে সংসদৰ সদস্যপদ ১৩৬ দিনৰ অন্তত পুনৰ ঘূৰাই পালে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে সংসদৰ চলি থকা অধিৱেশনত উপস্থিত হয়। বিশেষকৈ তেওঁ মণিপুৰৰ বিষয়টো সদনৰ সন্মুখত দাখিল কৰে। সেই সময়ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। ইফালে ৰামায়ণৰ লংকা দাহ সন্দৰ্ভত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যিটোৰ দৈৰ্ঘ্য প্ৰায় ৯ ছেকেণ্ড। ভিডিঅ’টোত ৰাহুল গান্ধীয়ে কোৱা শুনা যায় যে লংকাক হনুমানে জ্বলাই দিয়া নাছিল। এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীক ইতিকিং কৰিছে।

ভিডিঅ'টোৰ লগতে কেপছনত ব্যৱহাৰকাৰীয়ে লিখিছে, "কোনখন ৰামায়ণ তেওঁ পঢ়িছে?

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

এই ভিডিঅ'টোত সংসদ টিভি লিখা দেখা গৈছে, গতিকে আমি প্ৰথমে সংসদ টিভিৰ অফিচিয়েল ইউটিউব চেনেলত গৈ এই ভাইৰেল ভিডিঅ'টো বিচাৰিলোঁ। তেতিয়া আমি ৯ আগষ্ট ২০২৩ তাৰিখে আপলোড কৰা এই ভিডিঅ'টোৰ দীঘলীয়া সংস্কৰণটো পালোঁ । ইউটিউবত আপলোড কৰা ৰাহুল গান্ধীৰ ভাষণৰ এই ভিডিঅ'টো প্ৰায় ৩৭ মিনিটৰ। য’ত ৰাহুল গান্ধীয়ে ৩৫ মিনিট ১৮ ছেকেণ্ডৰ পৰা কোৱা শুনা যায় যে ৰাৱণে আগতে দুজন মানুহৰ কথা শুনিছিল মেঘনাথ আৰু কুম্ভকৰ্ণ। একেদৰে নৰেন্দ্ৰ মোদীয়ে দুজন ব্যক্তিৰ কথা শুনে অমিত শ্বাহ আৰু আদানী। তাৰ পিছত ৰাহুল গান্ধী কেই ছেকেণ্ডমানৰ বাবে মনে মনে থাকে। কেইছেকেণ্ডমান পিছত তেওঁ কয় যে হনুমানে ৰাৱণৰ লংকা দাহ কৰা নাছিল, কিন্তু তেওঁৰ অহংকাৰে দাহ কৰিছিল। ৩৫ মিনিট ৪৩ ছেকেণ্ডত এই বাক্যটোৱে কোৱা শুনা যায়। যাৰ পৰা বুজা যায় যে এই বাক্যটো অসম্পূৰ্ণ। মূল বাক্যৰ পৰা কাটি পাছত ভাইৰেল কৰা হৈছে।

মণিপুৰৰ হিংসা সন্দৰ্ভত এই কথা কৈ আছিল ৰাহুল গান্ধীয়ে। সেই সময়ত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি তেওঁ এই সকলোবোৰ কথা কৈছিল।

ভাইৰেল ভিডিঅ’টো বিচাৰি থাকোঁতে আমি ৰাহুল গান্ধীৰ অফিচিয়েল ইউটিউব চেনেলতো একেটা ভিডিঅ’ পালোঁ। যিটো ভাৰত মাতাক মণিপুৰত বিজেপিয়ে হত্যা কৰিছে বুলি কেপশ্বন দি বুধবাৰে আপলোড কৰা হৈছে । ইয়াত ভাইৰেল ভিডিঅ’টোৰ এটা অংশও আছে। য'ত ৰাহুলে ৩০ মিনিট ২১ ছেকেণ্ডৰ পাছত একেটা বাক্য কোৱা শুনা যায়।

আমি ভাইৰেল ভিডিঅ’ আৰু অৰিজিনেল ভিডিঅ’টোৰ মাজত তুলনা কৰিছোঁ। যাৰ পৰা স্পষ্ট হৈ পৰে যে ৰাহুল গান্ধীৰ ভাষণৰ ভিডিঅ’ ক্লিপটো কাটি অসম্পূৰ্ণ আৰু ভুল প্ৰসংগত শ্বেয়াৰ কৰা হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোত ৰাহুল গান্ধীয়ে লংকা দহনৰ বিষয়ে কোৱা কথাখিনি অসম্পূৰ্ণ ৰূপে প্ৰচাৰ কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হনুমানে লংকা দহন কৰা নাছিল বুলি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে কৈছিলনে?

Written By: Debanjana Baishya

Result: False