শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এখন বিশেষ গাড়ীৰ ফটো ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এইখন টাটা নেন'ৰ নতুন মডেল আৰু ইয়াৰ দাম ১.৬৫ লাখ টকা। ফেচবুকত এই গাড়ীখনৰ ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "আহি আছে New model Tata nano prize money 1.65 Lakhs

নেনো খন থাকিলে ৰদ-বৰষুণৰ পৰাও বাচিব পাৰি। বাইক খন লোৱাতকৈ নেনো খন বেছি গ্ৰহণ জগ্য বুলি মই ভাবোঁ"।

Facebook Link | Archived Link

কিন্তু সঁচাকৈয়ে এইখন টাটা নেন'ৰ নতুন মডেল হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০২৩ চনৰ ২৪ এপ্ৰিলত নৱভাৰত টাইমছত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি "চাংহাই অটো এক্সপ’ত বিৱাইডিয়ে মুকলি কৰিছিল নিজৰ চাব-কম্পেক্ট ইলেক্ট্ৰিক গাড়ী ছিগাল, যাৰ মূল্য মাত্ৰ ৯.৩৫ লাখ টকা আৰু এবাৰ চাৰ্জ কৰিলে ৪০০ কিলোমিটাৰতকৈ অধিক চলিব পাৰে। প্ৰতিবেদনত সংলগ্ন ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে একেই।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এইবাৰ আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া Rushlane ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য'ত সংলগ্ন ফটোসমূহ আছিল ভাইৰেল ফটোখনত থকা গাড়ীৰ ফটোখনৰ সৈতে একেই। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল চীনা গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান বিৱাইডিয়ে (BYD) ছিগাল নামৰ ইলেকট্ৰিক গাড়ীখন নিৰ্মাণ কৰিছে।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

বিৱাইডি ছিগাল (BYD Seagull) গাড়ীখনৰ বিষয়ে ইয়াত আৰু ইয়াত চাব পাৰিব।

উল্লেখযোগ্য যে বিৱাইডি (BYD) কোম্পানীটো স্থাপন কৰা হৈছিল ১৯৯৫ চনত চীনৰ শ্বেনজেনত।

তলত ভাইৰেল ফটোখন আৰু বিৱাইডি ছিগালৰ তুলনা চাব পাৰিব।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখনত বিৱাইডি ছিগালৰ ল'গ'টো সম্পাদনা কৰি টাটা নেন' কৰা হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। ফটোখনত দেখুওৱা গাড়ীখন টাটা নেন'ৰ নতুন মডেল নহয় বৰং, চীনা প্ৰতিষ্ঠান বিৱাইডি(BYD)ৰ ইলেকট্ৰিক গাড়ী বিৱাইডি ছিগালহে (BYD Seagull)। ভাইৰেল ফটোখনত বিৱাইডি ছিগালৰ ল'গ'টো সম্পাদনা কৰি টাটা নেন' কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই গাড়ীখন টাটা নেন' নহয়।

Fact Check By: Debanjana Baishya

Result: Altered