
অহা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। এই সন্দৰ্ভত ইণ্টাৰনেটত বহুতো ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে এখন ট্ৰাকত বহুতো ঘণ্টা আৰু টিলিঙা লৈ যোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। দাবী কৰা হৈছে যে BHELএ অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ঘণ্টা আৰু টিলিঙা নিৰ্মাণ কৰিছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি এই ভিডিঅ’টো বিচাৰিলোঁ। আমি একেটা ভিডিঅ’ ২৫ ডিচেম্বৰত মোজো ষ্ট’ৰীৰ অফিচিয়েল চেনেলত প্ৰচাৰ হোৱা দেখিলোঁ। সংলগ্ন তথ্যত উল্লেখ আছে যে ২৪ ডিচেম্বৰত ২ৰ পৰা ২.৫ টন ওজনৰ ৪২টা ঘণ্টা কঢ়িয়াই অনা এখন ট্ৰাক অযোধ্যাৰ ৰাম মন্দিৰলৈ ৰাওনা হৈছিল। ঘণ্টা পঠোৱাৰ আগতে পূজাৰীসকলে পৰম্পৰাগত ৰীতি-নীতি পালন কৰি আনুষ্ঠানিক পূজা কৰিছিল। তাত উপস্থিত থকা ৰাইজে অতি উৎসাহেৰে জয় শ্ৰী ৰামৰ শ্লোগান দিছিল।
অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে নামক্কল জিলাত নিৰ্মিত মুঠ ৪২টা ঘণ্টা বিশেষ পূজাৰ অন্তত বাংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে বুলি ১৪ ডিচেম্বৰত দ্য হিন্দুৱে প্ৰকাশ কৰিছে। বাংগালুৰুৰ ৬৯ বছৰীয়া ভক্ত ৰাজেন্দ্ৰ প্ৰসাদে নৱেম্বৰ মাহত নামক্কল জিলাৰ মোহানুৰ পথত থকা অন্দাল মল্ডিং ৱৰ্কছক মন্দিৰত স্থাপন কৰিবলৈ ৪৮টা ঘণ্টা নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল। অৰ্ডাৰ সম্পূৰ্ণ হোৱাৰ পিছত বাংগালুৰুলৈ আৰু তাৰ পৰা অযোধ্যালৈ ঘণ্টাবোৰ পঠিওৱা হ’ল।
ইয়াৰ পিছত আমি গুগলত কীৱৰ্ড চাৰ্চ কৰিলোঁ। তাত আমি এনে কোনো খবৰ পোৱা নাছিলো য’ত কোৱা হৈছিল যে BHELএ ৰাম মন্দিৰৰ বাবে ঘণ্টা বনাইছে। আমি BHEL ৰ ৱেবছাইটতো চেক কৰিলোঁ আৰু তাতো তেনে কোনো খবৰ নাপালোঁ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত দেখা ঘণ্টা আৰু টিলিঙাবোৰ BHELএ নহয় বৰং বাংগালুৰুৰ এজন ভক্ত ৰাজেন্দ্ৰ প্ৰসাদে নিৰ্মাণ কৰাইছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
