বৰ্তমান বহু সংবাদ মাধ্যমত পুনৰ শিৰোনামৰ শীৰ্ষত আছে ডাউদ ইব্ৰাহিম। বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দীৰ্ঘদিনীয়া মষ্ট ৱাণ্টেড গেংষ্টাৰ ডাউদ ইব্ৰাহিমক পাকিস্তানত কোনো অজ্ঞাত ব্যক্তিয়ে বিষাক্ত দ্ৰব্যৰে হত্যাৰ চেষ্টা কৰিছিল।

এই পটভূমিত পাকিস্তানৰ এজন বিষয়াৰ টুইট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। টুইটটোত নিশ্চিত কৰা হৈছে যে সঁচাকৈয়ে ডাউদক কোনো অচিনাকি ব্যক্তিয়ে বিষাক্ত দ্ৰব্য খুৱাইছিল আৰু তাৰ পিছত তেওঁৰ মৃত্যু হয়।

টুইটটোত লিখা আছিল এইদৰে - “The Messiah of humanity, dear to every Pakistani, our beloved His Excellency Dawood Ibrahim passed away due to poisoned by unknown. He breathed his last breath in a hospital in Karachi. May Allah grant him the highest position in Jannat”।

এই টুইটটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে,"আনুষ্ঠানিক নিশ্চিতকৰণ: ডাউদ ইব্ৰাহিমৰ

ইতিমধ্যে মৃত্যু হৈছে ।

মানৱতাৰ মচীহ, প্ৰতিজন পাকিস্তানী হৃদয়ৰ প্ৰিয়, আমাৰ প্ৰিয় মহামহিম দাউদ ইব্ৰাহিম অজ্ঞাত দ্বাৰা বিষক্ৰিয়াৰ বাবে শেষ নিশ্বাস ত্যাগ কৰে । কৰাচীৰ এখন চিকিৎসালয়ত শেষ উশাহ লৈছিল । আল্লাহে তেওঁক জান্নাতত সৰ্বোচ্চ পদবী প্ৰদান কৰক । ইন্না লিল্লাহী ৱা ইন্না ইলাইহি ৰাজিউন ।

ওপৰৰ ভাষ্যখিনি মোৰ নহয় এজন ডাউদৰ শুভাকাংশী আনৱৰ উল হক ককৰৰ হে !!!"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি জানিবলৈ চেষ্টা কৰিলোঁ যে এই টুইটটো মূল অফিচিয়েল একাউণ্টৰ পৰা আহিছে নেকি? গতিকে, আমি আনোৱাৰ উল হক ককৰৰ টুইটাৰ একাউণ্ট বিচাৰিলোঁ৷ আমি দেখিলোঁ যে আনোৱাৰ ককৰৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ ইউজাৰ নেম ভাইৰেল টুইটটোৰ পৰা পৃথক। ভাইৰেল টুইটটোৰ স্ক্ৰীণশ্বটতো আমি কেইটামান ব্যাকৰণগত ভুল পাইছিলোঁ।

আমি এইটোও দেখিলোঁ যে যিটো একাউণ্টৰ পৰা ভাইৰেল টুইটটো পোষ্ট কৰা হৈছিল সেয়া কেইমাহমান আগতে সৃষ্টি কৰা হৈছিল আনহাতে আনোৱাৰ ককৰৰ মূল একাউণ্টটো ২০১৬ চনত সৃষ্টি হৈছিল।দুয়োটা একাউণ্টৰ ফ’ল’ৱাৰৰ সংখ্যাৰ মাজত ডাঙৰ পাৰ্থক্য আছে। তলত পাৰ্থক্যটো চাব পাৰিব।

ডাউদ ইব্ৰাহিমৰ মৃত্যু হৈছে নেকি?

জি নিউজৰ এক প্ৰতিবেদন অনুসৰি, ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ সহযোগী ছোটা শ্বাকিলে বিষক্ৰিয়াৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি কৰা দাবী খণ্ডন কৰিছিল। এই দাবীক কেৱল উৰাবাতৰি বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ডাউদ একেবাৰে ভাল আৰু জীয়াই আছে।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদনত কোৱা হৈছে যে চ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা দাবীটো ভিত্তিহীন আৰু কেৱল উৰাবাতৰি বুলি ছোটা শ্বাকিলে নিশ্চিত কৰিছে। পাকিস্তান ভ্ৰমণ কৰি তেওঁ ডাউদৰ মংগলৰ কথা নিশ্চিত কৰে। অৱশ্যে শেহতীয়াকৈ ডাউদ ইব্ৰাহিমক সামৰিক চিকিৎসালয়ত ভৰ্তি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চোৰাংচোৱা সূত্ৰই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ডাউদ ইব্ৰাহিমৰ মৃত্যুৰ বিষয়ে কৰা টুইটটো পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ তত্ত্বাৱধায়কৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা কৰা হোৱা নাছিল। এই টুইটটো এটা ভুৱা একাউণ্টে প্ৰকাশ কৰিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ডাউদ ইব্ৰাহিমৰ মৃত্যু হোৱা বুলি পাকিস্তানৰ এজন বিষয়াই টুইট কৰিছে নেকি?

Written By: Debanjana Baishya

Result: False