কানাডাৰ শিখ সম্প্ৰদায়ৰ মাজত খালিস্তান বিষয়ক লৈ ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ (শ্ৰী হৰমন্দিৰ চাহাব)ৰ পৰা অহা বুলি দাবী কৰা এখন জাননী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভাইৰেল জাননী অনুসৰি বহিঃৰাজ্যৰ সকলো গুৰুদ্বাৰে ভাৰত বিৰোধী যিকোনো কাৰ্যকলাপৰ সমৰ্থন তৎক্ষণাত বন্ধ কৰিব লাগিব যিয়ে পৃথক জাতিৰ আহ্বান জনায় আৰু শিখ ধৰ্ম ব্যৱহাৰ কৰি যিকোনো ধৰণৰ সন্ত্ৰাসবাদক সমৰ্থন কৰে, বিশেষকৈ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন বাব্বৰ খালছা ইণ্টাৰনেশ্যনেলক।

জাননীখনত লিখা আছে, “বব্বৰ খালছা ইণ্টাৰনেশ্যনেল আৰু অন্যান্য সংগঠনে শিখ ধৰ্ম ব্যৱহাৰ কৰি ভাৰতক বদনাম কৰা যিকোনো ধৰণৰ সন্ত্ৰাসবাদক আমি গৰিহণা দিছো। ভাৰতৰ শিখ সম্প্ৰদায়ক বিদেশত বাস কৰা, আমাৰ বাবে ন্যায় বা পৃথক জাতিৰ দাবী কৰা কোনো কাপুৰুষ এজেণ্টৰ প্ৰয়োজন নাই। ননকনা চাহেবকে ধৰি পঞ্জাৱৰ অধিকাংশই এতিয়াও পাকিস্তানত বাস কৰে। সন্ত্ৰাসবাদী সংগঠনসমূহে কেতিয়াও পাকিস্তানৰ বৃহত্তৰ পঞ্জাৱৰ দাবী কৰা নাই, যিয়ে তেওঁলোকৰ প্ৰকৃত ভাৰত বিৰোধী উদ্দেশ্য উদঙাই দিয়ে। আফগানিস্তানত আমাৰ শিখ সম্প্ৰদায়ৰ আক্ৰমণৰ বলি হোৱাৰ সময়তো এনে সংগঠনবোৰে মৌনতা অৱলম্বন কৰিছিল, আৰু কেতিয়াও কোনো সহায় বা ন্যায় প্ৰদান কৰা নাছিল, যিটো তেওঁলোকৰ মূলমন্ত্ৰ। আমাৰ সমাজৰ বাবে যিকোনো ৰাজনৈতিক আকাংক্ষা আৰু উত্থান সাধন কৰিবলৈ গণতান্ত্ৰিক পথ অনুসৰণ কৰিবলৈ ভাৰতৰ সমগ্ৰ শিখ সম্প্ৰদায়ক আমি অনুৰোধ জনাইছো। শিখ সম্প্ৰদায় আমাৰ প্ৰিয় মাতৃভূমিৰ সৈতে থিয় দিছে যাৰ বাবে, আমাৰ মহান গুৰু’সকলে ইয়াৰ ঐক্য, অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছে। আমি ইয়াৰ দ্বাৰা অৱগত কৰোঁ যে, সকলো আন্তঃৰাষ্ট্ৰীয় গুৰুদ্বাৰে ভাৰত বিৰোধী আন্দোলনৰ যিকোনো ধৰণৰ সমৰ্থন তৎক্ষণাত বন্ধ কৰিব লাগিব, যিয়ে পৃথক জাতিৰ দাবী কৰে আৰু শিখ ধৰ্ম ব্যৱহাৰ কৰি যিকোনো ধৰণৰ সন্ত্ৰাসবাদক সমৰ্থন কৰে।”

Twitter Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে স্বৰ্ণ মন্দিৰ সম্পৰ্কে এই জাননীৰ কথা উল্লেখ থকা বাতৰি বিচাৰিলোঁ ,কিন্তু কোনো বিশ্বাসযোগ্য লেখা দেখা নাপালোঁ। পঞ্জাৱ, চণ্ডীগড় আৰু হিমাচল প্ৰদেশৰ শিখ পূজাস্থলী পৰিচালনাৰ দায়িত্বত থাকে শিৰোমণি গুৰদ্বাৰা পৰভণ্ডক কমিটি (এছজিপিচি)। পিছত আমি দাবীত উল্লেখ কৰা ধৰণৰ ঘোষণা বা জাননীৰ বাবে এছজিপিচিৰ ৱেবছাইটত বিচাৰিলোঁ, কিন্তু আমি একো বিচাৰি নাপালোঁ। আনকি আমি তেওঁলোকৰ ছ’চিয়েল মিডিয়া হেণ্ডেলবোৰো চালোঁ কিন্তু কোনো প্ৰাসংগিক পোষ্ট বিচাৰি নাপালোঁ।

অধিক জানিবলৈ আমি এছ জি পি চিৰ কাৰ্যালয়লৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে আমাক জনাইছিল যে, “এয়া ভুৱা। এনে কোনো জাননী আমাৰ দ্বাৰা জাৰি কৰা হোৱা নাই”।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল আৰু অন্যান্য সংগঠনে শিখ ধৰ্ম ব্যৱহাৰ কৰি ভাৰতক বদনাম কৰা যিকোনো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দি স্বৰ্ণ মন্দিৰৰ লেটাৰহেড থকা জাননীখন ভুৱা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:স্বৰ্ণ মন্দিৰে জাৰি কৰা বুলি ভাইৰেল হোৱা এই জাননীখন ভুৱা।

Written By: Debanjana Baishya

Result: False