যোৱা ২৪ মাৰ্চ ২০২৩ৰ সন্ধিয়া ৮ বাজি ২৬ মিনিটত অসমTime নামৰ অসমৰ এটা ডিজিটেল সংবাদ প্ৰতিস্থানৰ ফেচবুক পেজত এটা পোষ্ট দিছিল এই দাবীৰে যে সেই দিনটোত পশ্চিম আকাশত দেখা দিয়া পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ(জোন) তলত এটা বিন্দুৰ অৱস্থিতিৰ দৃষ্টিনন্দন পৰিঘটনাটো ৮০০ বছৰৰ পাছত দেখা পোৱা গৈছে। সেই সন্ধিয়াটোৰ এখন ফটোও পোষ্টটোত সংলগ্ন কৰি কথাখিনি লিখা হৈছে। সেই সন্ধিয়াটোত অসম তথা বিশ্বৰ ভিন্ন প্ৰান্তত সেই দৃশ্য দেখা গৈছিল। বহুতে এয়া পৱিত্ৰ ৰমজান মাহৰ জোনৰ মাহাত্ম্য বুলিও অভিহিত কৰিছিল। আন বহুতে এয়া হিন্দু দেৱ দেৱীৰ কপালত থকা তিলকৰ লগত তুলনা পৰি পৱিত্ৰ বুলি অভিহিত কৰি বিভিন্ন ফেচবুক পোষ্ট কৰাও দেখা গৈছিল। সেই একেখন ফটোৱে শ্বেয়াৰচাট আদি ছোচিয়েল মিডিয়া এপতো ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছিল। ফেচবুক পোষ্টটোত ৮০০ বছৰৰ মূৰত এই পৰিঘটনা সংঘটিত হোৱা বুলি লিখা আমাৰ চকুত পৰাত আমি ইয়াক ভালকৈ পৰীক্ষা কৰিলোঁ।

Facebook LinkArchived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ফেচবুক পোষ্টটোতৰ তলত বিভিন্ন লোকে কৰা কমেণ্টসমুহ পৰীক্ষা কৰি চালোঁ। তাত দেখিলোঁ গোপাল বৰা নামৰ এজন লোকে কমেণ্টত উল্লেখ কৰিছে যে “আঠশ বছৰ নহয় বছৰৰ কোনোবা দ্বিতীয়/তৃতীয় শুক্লা তিথিত এনেদৰে শুক্ৰ গ্ৰহটোক দেখা যায়। কেতিয়াবা চন্দ্ৰৰ তলত সৰুকৈ আৰু দিন বাঢ়ি গ'লে অলপ ইয়াতকৈ ডাঙৰকৈ দেখা যায়। তাৰোপৰি এই শুক্ৰ গ্ৰহটোক সন্ধিয়া সূৰ্যাস্তৰ পিছত পশ্চিম আকাশত আৰু সূৰ্যোদয়ৰ আগে আগে পূৱ আকাশত দেখিবলৈ পোৱা যায়। ইয়াক সাধাৰণতে ভোটা তৰা বুলি জনা যায়।”

Archived Link

আমাৰ সন্দেহ ওপজাত আমি এই বিষয়ত অধিক তথ্য আহৰণ কৰাৰ বাবে গুগলত কেইটামান প্ৰাসংগিক কী-ৱৰ্ড ছাৰ্চ কৰি চোৱাত কিছুমান ৱেবচাইট লিংক পালোঁ। সেই লিংকসমুহত নিৰ্দিষ্ট সেই দিনটোৰ সেই পৰিঘটনাটো সন্দৰ্ভত বিস্তৃত তথ্য আছিল থিকেই, কিন্তু ক’তো এই কথা উল্লেখ নাছিল যে প্ৰতি ৮০০ বছৰৰ মূৰে মূৰে এই পৰিঘটনা সংঘটিত হয় অথবা ২৪ মাৰ্চৰ ঘটনাটো ৮০০ বছৰৰ মূৰত সংঘটিত হৈছে। শুক্ৰ গ্ৰহটোৱে সেই দিনটোত চন্দ্ৰৰ একেবাৰে ওচৰলৈ আহি একেটা শাৰীতে অৱস্থিতি গ্ৰহন কৰা বুলিয়ে প্ৰায় সকলো স্থানতে আমি পঢ়িবলৈ পালোঁ।

INDIA TODAYএই বিষয়ে লিখিছে যে এক বিৰল পৰিঘটনা হিচাপে শুক্ৰ গ্ৰহটোৱে চন্দ্ৰৰ আঁৰত লুকায় যায়। সেই লেখাটো ইয়াতে পঢ়িব পাৰিব

লেখাটোত Astronomical Society India Outreach and Education ৰ উদ্ধৃতি দি লিখা হৈছে যে “ আজি চন্দ্ৰ আৰু শুক্ৰ এক সংযোগত একোবাৰে ওচৰলৈ আহিব আৰু একেটা শাৰীতে অৱস্থিতি গ্ৰহন কৰিব।”

তদুপৰি Vatican Observatory নামৰ ৱেবচাইটটোত Robert Trembleyই ২২ মাৰ্চ,২০২৩ত Conjunction of the Moon and Venus- 24 March নামৰ প্ৰৱন্ধটোত ২৪ মাৰ্চত হ’বলগীয়া এই পৰিঘটনাটো সন্দৰ্ভত লিখিছিল। তাতো ৮০০ বছৰৰ কথাটোৰ কোনো উল্লেখ নাই। সেই লেখাটো ইয়াত পঢ়িবলৈ পাৰিব

EarthSky নামৰ এই বিষয়ৰ ৱেবচাইটটোত সেই দিনটোৰ বিভিন্ন ফটোসহ পৰিঘটনাটো উল্লেখ কৰা হৈছে যদিও তাতো ৮০০ বছৰৰ মূৰত এই দৃশ্য দেখা পোৱা বুলি উল্লেখ নাই। সেই লেখাটোও ইয়াতে পঢ়িবলৈ পাৰিব।

তদুপৰি আমি এই সম্পৰ্কে অধিক অনুসন্ধান কৰোঁতে একাধিক ইউটিউব লিংকো লাভ কৰিলোঁ। তাৰে Ashikur Rahman NaziL নামৰ চেনেল এটাৰ ভিডিঅ’ লাভ কৰিলোঁ, য’ত সেই দিনটোত চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ সেই বিৰল দৃশ্য দেখুওৱা দৃশ্য আমি দেখিবলৈ পালোঁ। কিন্তু তাতো ৮০০ বছৰৰ মূৰত এই ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰা আমি নেদেখিলোঁ।

এই সকলো তথ্য়তে আমি ৮০০ বছৰৰ অন্তত এই পৰিঘটনা সংঘটিত হোৱাৰ কোনো ধৰণৰ উল্লেখ নাপালোঁ। কোনো লেখা বা ভিডিঅ’তে এই কথা উল্লেখ নাই যে এই ঘটনাতো ৮০০ বছৰৰ মূৰত সংঘটিত হৈছে।

ইয়াৰ উপৰিও আমি এই কথাটোৰ নিশ্চিতিৰ বাবে গুৱাহাটীস্থিত তাৰকাগৃহৰ কিউৰেটৰ বিপুল বৰাৰ সৈতে যোগাযোগ কৰি তেখেতৰ পৰা এই সম্পৰ্কত অধিক তথ্য জানিবলৈ বিচাৰোঁতে তেখেতে আমাক জানিবলৈ দিয়ে যে ২৪ মাৰ্চ,২০২৩ত সংঘটিত পৰিঘটনাটো এক বিৰল পৰিঘটনা হয়, যদিও ই অস্বাভাৱিক নহয়। সময়ে সময়ে এইদৰে বিভিন্ন গ্ৰহ চন্দ্ৰৰ ওচৰ চাপে আৰু আকাশত চন্দ্ৰৰ কাষত এটি তৰাৰ দৰে দেখা যায়। কেইমাহমান পূৰ্বে মংগল গ্ৰহও এইদৰে চন্দ্ৰৰ ওচৰ চাপিছিল। “সেইদিনাৰ পৰিঘটনাটো বিৰল হয়। কিন্তু এনেকুৱা কথা নাই যে ৮০০ বছৰৰ মূৰে মূৰে এনেকুৱা হয়। এয়া এক স্বাভাৱিক মহাজাগতিক পৰিঘটনা যাক ইংৰাজীত Occultation বুলি কোৱা হয়।”- বৰাই কয়।

গুৱাহাটী তাৰকাগৃহৰ কিউৰেটৰ বিপুল বৰাই উল্লেখ কৰাৰ দৰে Griffith Observatoryয়ে ২০২৩ৰ ৩১ মাৰ্চত কৰা মংগল গ্ৰহৰ Occultationৰ এক ইউটিউব লাইভ ষ্ট্ৰিমিং দেখিলোঁ। সেই লাইভ ষ্ট্ৰিমিঙত দেখা গৈছিল ৩০ মাৰ্চ, ২০২৩ত কিদৰে মংগল গ্ৰহটো চন্দ্ৰৰ ওচৰ চাপিছিল।

অৰ্থাত এইদৰে সময়ে সময়ে বিভিন্ন গ্ৰহ চন্দ্ৰৰ কাষ চাপে আৰু আকাশত সেই দৃশ্য দেখা যায়। ২৪মাৰ্চত অসম তথা বিশ্বৰ ভিন্ন প্ৰান্তৰ আকাশত দেখা দিয়া সেই নান্দনিক দৃশ্যও এই ধৰণৰ এক পৰিঘটনা হে। যিটো ঘটনা মহাজগতত তেনেই স্বাভাৱিক। ই বিৰল যদিও অসম্ভৱ নহয়। কিন্ত এই ঘটনা ৮০০ বছৰৰ মূৰত সংঘটিত হৈছে বা এইদৰে ৮০০ বছৰৰ মূৰত সংঘটিত হয় বুলি কোনো নিৰ্দিষ্ট কথা নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ২৪ মাৰ্চ ২০২৩ৰ সন্ধিয়া আকাশত দেখা দিয়া চন্দ্ৰৰ তলৰ বিন্দুটো ৮০০ বছৰৰ মূৰত সংঘটিত হোৱা কোনো পৰিঘটনা নহয়। ই হৈছে শুক্ৰ গ্ৰহ আৰু চন্দ্ৰ একেটা শাৰীতে অৱস্থিতি হোৱা এক বিৰল কিন্তু স্বাভাৱিক মহাজাগতিক পৰিঘটনা হে হয়। ইয়াৰ লগত কোনো ধৰ্মীয় সংযোগ নাই। অসমTime নামৰ ডিজিটেল সংবাদ প্ৰতিস্থানটোৰ ফেচবুক পোষ্টত কৰা দাবীটো সত্য নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে ৮০০ বছৰৰ মূৰত চন্দ্ৰ আৰু শুক্ৰৰ এই ৰূপ দেখা যায় নেকি?

Fact Check By: Pranjal Sharma

Result: False