শেহতীয়াকৈ চ'চিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে য'ত জোন আৰু জলপ্ৰপাতৰ এক সুন্দৰ দৃশ্য দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, " আমেৰিকাৰ কেলিফৰ্ণিয়াৰ চেণ্টিনেল ৰকৰ ঠিক পশ্চিমে ইয়োচেমাইটৰ দক্ষিণ দিশত এঞ্জেল জলপ্ৰপাতৰ ওপৰেৰে পূৰ্ণিমাৰ জোন নামি আহিছে। প্ৰতি বছৰে কেইদিনমানৰ বাবে এনে লাগে যেন চন্দ্ৰটো গলি জলপ্ৰপাতৰ মাজেৰে নামি আহিছে"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ফটোখন ভালদৰে লক্ষ্য কৰি আমি দেখিলোঁ ওচৰৰ পাহাৰৰ চূড়াত এজন ব্যক্তি থিয় হৈ আছে। কিন্তু ফটোখনত জোনৰ আকাৰ অনুযায়ী ব্যক্তিজনৰ আকাৰ অস্বাভাৱিক যেন লাগিল।

আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া ষ্টক ইমেজ ৱেবছাইট alamy ত ভাইৰেল ফটোখনৰ সৈতে একেই ফটো এখন পালোঁ। ফটোখনৰ কেপশ্বনত লিখা আছিল, "A melting moon with impressive colors" এইদৰে।

কিন্তু ফটোখন সম্পৰ্কে বিতং তথ্য নোপোৱাত আমি গুগলত প্ৰাসংগিক কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। আমি ইয়োচেমাইট (Yosemite)ৰ জলপ্ৰপাতৰ কেইবাখনো ফটো গুগলত উপলব্ধ বিভিন্ন প্ৰবন্ধত পালোঁ। সেই জলপ্ৰপাতৰ ফটো আৰু ভাইৰেল ফটোখনত থকা জলপ্ৰপাতৰ ফটোৰ বহুখিনি সাদৃশ্য আমি দেখিলোঁ।

অনুগ্ৰহ কৰি ইয়াত, ইয়াত আৰু ইয়াত চাওক।

আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰি ২০১৭ চনৰ জুলাই মাহৰ ২৬ তাৰিখে ইনষ্টাগ্ৰামত rsvn নামৰ প্ৰ'ফাইল এটাৰ পৰা আপলোড কৰা এখন ফটো পালোঁ যি আছিল ভাইৰেল ফটোখনৰ সৈতে সাইলাখ একেই। ফটোখনৰ বিৱৰণত লিখা আছিল এইদৰে," La Luna

.OP: Waterfall by @markian.b & Moon by @NASA via @unsplash (CC0)

Edited by Me"।

Archived Link

ফটোখনৰ বিৱৰণত স্পষ্টকৈ লিখা আছিল যে ফটোখন সম্পাদনা কৰা হৈছে।

জলপ্ৰপাতৰ ফটোখন লোৱা হৈছিল markian.b নামৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলটোৰ পৰা। সেয়া ইয়োচেমাইটৰ হৰ্চটেইল জলপ্ৰপাত বুলি বিৱৰণত উল্লেখ কৰা হৈছে।

Archived Link

আনহাতে জোনৰ ফটোখন লোৱা হৈছিল nasa ৰ ইনষ্টাগ্ৰামৰ পৰা।

Archived Link

দুয়োখন ফটো একেলগ কৰি সম্পাদনা কৰা হৈছিল আৰু সেয়া ভাইৰেল হৈছে ইয়োচেমাইটৰ জলপ্ৰপাতৰ প্ৰকৃত দৃশ্য হিচাপে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল ফটোখন দুখন বেলেগ বেলেগ ফটো একেলগ কৰি সম্পাদনা কৰা হৈছে।ফটোত থকা জলপ্ৰপাতৰ নাম হ'ল হৰ্চটেইল জলপ্ৰপাত আৰু জোনৰ ফটোখন লোৱা হৈছে নাছাৰ ইনষ্টাগ্ৰামৰপৰা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জলপ্ৰপাতৰ ওপৰেৰে পূৰ্ণিমাৰ জোনৰ এই সুন্দৰ দৃশ্য সঁচা হয়নে?

Written By: Debanjana Baishya

Result: False