FACT CHECK: বিয়াৰ দিনা গুটখা চোবাই থকাৰ বাবে কইনাই দৰাক মাৰপিট কৰা ভিডিঅ’টোৰ আঁৰৰ কাহিনী

Satire Social

বিভিন্ন সংবাদ মাধ্যমে এটা ভাইৰেল ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি পৰিবেশন কৰা এটা বাতৰিত দাবী কৰা হৈছে যে এখন বিয়াত এজনী কইনাই গুটখা চোবাই থকা বাবে দৰাক মাৰপিট কৰিছে। বাতৰিসমুহ এটা ভাইৰেল ভিডিঅ’ সম্পৰ্কত ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি কৰা হৈছে। 

Facebook Post | Archived Link

Facebook Post | Archived Link

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে কইনাই প্ৰথমে দৰাৰ সৈতে তৰ্কত লিপ্ত হৈছে আৰু তাৰ পিছতে সকলো মানুহৰে আগত গুটখা খাই থকা বাবে প্ৰহাৰ কৰিছে। 

আমি, ফেক্ট ক্ৰেছেণ্ডোৱে, জানিব পাৰিলো যে বিয়াত সংঘটিত হোৱা এই ঘটনাটো সঁচা নহয়, বৰং সেয়া এক অভিনয় হে হয়। 

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি প্ৰাসংগিক কী-ৱৰ্ডছ কিছুমান লৈ গুগলত ছাৰ্চ কৰি চালো আৰু ২০২০ৰ ৪এপ্ৰিলত চন্দন মিশ্ৰা নামৰ চেনেল এটাত ইউট্যুৱত সেই মূল ভিডিঅ’টো আপলোড হৈ থকা দেখিলো। সেই ১১মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’টোৱে সকলো কথা স্পষ্ট কৰি দিলে। 

YouTube link

ভিডিঅ’টোৰ আৰম্ভনীৰে পৰা আমি দেখা পালো যে এজন ব্যক্তিয়ে সাজি কাচি নিজৰ ঘৰৰ পৰা ওলাই আহিছে আৰু বিয়াৰ বাবে গুণগুনাই সাজু হৈছে। তেওঁ আহি মণ্ডপত বহিছে। কিছুসময় পিছত সেই দৰাজনে গুটখা চবোৱা আৰম্ভ কৰিছে। আনকি বিয়াৰ অনুষ্ঠান চলি থকাতো তেওঁ চোবাই আছে। সেই কথা দেখি কইনাই মাকক খঙত কৈছে যে তেওঁ সেই দৰাজনৰ লগত বিয়াত নবহে আৰু আহি দৰাৰ সৈতে তৰ্ক কৰি মাৰপিট কৰিছে। কইনাৰ নিৰ্দেশত মুখৰ পৰা গুটখা পেলাবলৈ বাধ্য হৈছে দৰা আৰু বিয়াৰ অনুষ্ঠান আকৌ আৰম্ভ হৈছে।  

‘মৈথেলী কমেডী চুপাৰষ্টাৰ ৰামলালৰ কমেডী উপভোগ কৰক’ বুলি শ্বেয়াৰ কৰা ভিডিঅ’টোত কেপছন দিয়া হৈছে। 

আমি ফেচবুকত ৰামলাল মৈথেলী কমেডী চাৰ্ছ কৰি চালো আৰু ভাইৰেল হোৱা ভিডিঅ’টোৰ দৰে আন কমেডী ভিডিঅ’ কিছুমান থকা এটা একাউন্ট দেখা পালো। ভাইৰেল হোৱা ফটো আৰু ভিডিঅ’ত থকা দৰাজনৰ মুখখন আৰু ফেচবুক একাউন্টটোৰ প্ৰফাইল ফটোখন একেই। ই এই কথাকে স্পষ্ট কৰি দিলে যে ভাইৰেল ভিডিঅ’টোত সকলোৱে অভিনয় কৰি আছিল আৰু দৰাজন নিজেই সেই কমেডিয়ানজন।  

Facebook Link

আপোনালোকে তলত চাব পাৰে যে সেই ভাইলেৰ ভিডিঅ’ৰ দৰাজন আৰু ফেচবুক প্ৰফাইলটোৰ গৰাকীজনৰ ফটোখন একেই । 

ফলাফল

আমাৰ অনুসন্ধানে প্ৰমান কৰিলে যে ভাইৰেল ভিডিঅ’টো আচলতে এক হাস্যৰসাত্মক দৃশ্যহে, আচল ঘটনা নহয়। কমেডী ভিডিঅ’টো মিছা এটা দাবীৰে ভাইৰেল কৰা হৈছে।

Avatar

Title:বিয়াৰ দিনা গুটখা চোবাই থকাৰ বাবে কইনাই দৰাক মাৰপিট কৰা ভিডিঅ’টোৰ আঁৰৰ কাহিনী

Fact Check By: Manjori Borkotoky 

Result: Satire

Leave a Reply

Your email address will not be published. Required fields are marked *