আৰ এছ এছৰ কৰ্মীসকলে কৰা উদ্ধাৰ অভিযানৰ পুৰণি ফটো ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বুলি ভাইৰেল।

কেৰেলাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন উদ্ধাৰ আৰু সাহাৰ্য অভিযানত জড়িত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত কেইখনমান বিশেষ ফটোৰ এখন ক’লাজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকে সাহাৰ্য বিতৰণ কৰা আৰু বানাক্ৰান্ত এলেকালৈ যোৱা দেখা গৈছে। […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দলটো মৰি গৈছে, শেষ হৈ গৈছে বুলি সঁচাকৈ কৈছিল নেকি? সত্যতা জনক। 

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এটা মন্তব্য আপলোড কৰি প্ৰচাৰ কৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে মাল্লিকাৰ্জুন খাৰ্গেই কৈছে যে “কংগ্ৰেছ পাৰ্টী শেষ হৈ গ’ল, কংগ্ৰেছ পাৰ্টী মৰি গ’ল,কংগ্ৰেছক এতিয়া আৰু কোনেও বচাব নোৱাৰে।” সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকৰ্তাই কেপছন লিখিছে- এইটো আকৌ কি কলে Facebook Link । Archived […]

Continue Reading

পুৰণি ভিডিঅ’ ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ডুবাইত ২৪ ঘণ্টাৰ ভিতৰত ১৪২ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। এই পৰিপ্ৰেক্ষিতত চ’ছিয়েল মিডিয়াত বহু ভিডিঅ’ আৰু ফটো ভাইৰেল হৈ পৰিছে। ফেচবুকত তেনে ভিডিঅ’ শ্বেয়াৰ কৰি সেয়া ডুবাইত হোৱা বানপানীৰ দৃশ্য বুলি দাবী কৰা হৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত […]

Continue Reading

২০১৫ চনৰ সূৰ্যগ্ৰহণৰ দৃশ্যকে শেহতীয়া ৮ এপ্ৰিলৰ সূৰ্যগ্ৰহণৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ বাৰুকৈয়ে চৰ্চিত হৈছে। যোৱা ৮ এপ্ৰিলত এই বছৰটোৰ এক বিৰল মহাজাগতিক পৰিঘটনা হিচাপে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সংঘটিত হৈছিল। সেই দৃশ্য দক্ষিণ আমেৰিকা, মেক্সিকো, কানাডা আদিৰ পৰা খালি চকুৰেও দেখা পোৱা গৈছিল। তাৰ পাছতেই অসমৰ ফেচবুকতো সূৰ্যগ্ৰহণৰ দৃশ্য বুলি কিছুমান দৃশ্য প্ৰচাৰ হোৱা দেখা গৈছে। তাৰে ভিতৰত এটা দৃশ্য অসমৰ এটা […]

Continue Reading

এই ভিডিঅ’টো শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়।

৮ এপ্ৰিল ২০২৪ ৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণক লৈ সমগ্ৰ বিশ্ব উৎসুক আৰু এনে সময়তে চ’ছিয়েল মিডিয়াত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সাগৰতীৰত কিছুসংখ্যক লোকক হাতে হাতে ম’বাইল ফোন লৈ সূৰ্যৰ ফালে চাই থকা দেখা গৈছে আৰু কিছুসময়ৰ পাছতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হোৱা দেখা গৈছে।  ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে,”সূৰ্যগ্ৰহণৰ ভয়ানক দৃশ্য মূহুৰ্ততে […]

Continue Reading

সুৰা বিতৰণৰ এই ভিডিঅ’টো শেহতীয়া নহয় বৰং ২০২১ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে বিজেপি দলৰ নিৰ্বাচনী প্ৰতীক থকা গেৰুৱা টুপী আৰু স্কাৰ্ফ পৰিহিত কিছুসংখ্যক ব্যক্তিয়ে সুৰা বিতৰণ কৰি আছে। দাবী কৰা হৈছে যে বিজেপি দলৰ নৱনিযুক্ত সদস্যসকলৰ মাজত এইদৰে সুৰা বিতৰণ কৰা হৈছে। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বিজেপিৰ কাৰ্য্যকৰ্তা দলৰ […]

Continue Reading

মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

দেশত কা বলৱৎ হোৱাৰ পিছতে আইনখনৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এনে সময়তে মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ চেপ্তেম্বৰৰ প্ৰাৰ্থনা সভাত কৰা বক্তব্য বুলি ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত লিখা আছে এইদৰে,”মহাত্মা গান্ধীৰ ২৬ ছেপ্তেম্বৰ ১৯৪৭ চনৰ এখন প্ৰাৰ্থনা সভাৰ বক্তব্যত কৈছিল -‘যি সকল হিন্দু আৰু শিখ পাকিস্তানত […]

Continue Reading

২০১৬ চনতে পেলেট গানত আহত কাশ্মীৰৰ লোকৰ ফটো বৰ্তমানৰ কৃষক আন্দোলনকাৰীৰ বুলি প্ৰচাৰ কৰা হৈছে মিছাকৈ। 

দেশত চলি থকা কৃষক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন মিছা খবৰ, তথ্য বিয়পি পৰিছে। কৃষকৰ প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে হাৰিয়ানা আৰু পঞ্জাৱৰ শম্ভু আৰু খানাউৰী সীমান্তত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগো বিভিন্ন মাধ্যমত উত্থাপন হৈছে। আনহাতে হাৰিয়ানাৰ ডিজিপি শত্ৰুজীত কাপুৰে এই অভিযোগ খণ্ডন কৰিছে যদিও আহত প্ৰতিবাদকাৰীসকলৰ চিকিৎসা পৰীক্ষাত পেলেট ব্যৱহাৰৰ প্ৰমাণো পোৱা গৈছে। ইয়াৰ মাজতে এজন […]

Continue Reading

এই ভিডিঅ’টোত সঁচাকৈয়ে শিৰচ্ছেদ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে নেকি?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে এক শ্ৰেণীকোঠা সদৃশ পৰিবেশ আৰু তাত এজন ব্যক্তিয়ে প্ৰত্যেকৰে ওচৰলৈ গৈ প্ৰত্যেকৰে ডিঙিত এক তৰোৱাল সদৃশ অস্ত্ৰেৰে আঘাত কৰাৰ নিচিনা কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ট্ৰেনিং চেণ্টাৰ গল কাটিবলৈ  ট্ৰেনিং দি থকা হৈছে । আৰু আমাৰ মূৰ্খ হিন্দু সকলে বাবে অহিংসয় পৰম ধৰ্ম […]

Continue Reading

এই ভিডিঅ’টো স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্যৰ নহয়।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত স্বামী বিবেকানন্দৰ চিকাগো ভাষণ বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত স্বামী বিবেকানন্দৰ নিচিনা পোছাক পৰিহিত এজন ব্যক্তিয়ে ভাষণ আৰম্ভ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে ভিডিঅ’টো স্বামী বিবেকানন্দই চিকাগোত দিয়া ভাষণৰ দৃশ্যৰ। ভিডিঅ’টো ফেচবুকতো আমি পালোঁ। Facebook Link | Archived Link কিন্তু সঁচাকৈয়ে সেয়া স্বামী বিবেকানন্দৰ চিকাগো ভাষণৰ প্ৰকৃত দৃশ্য হ‌য়নে? […]

Continue Reading