এই ভিডিঅ’টোত সঁচাকৈয়ে শিৰচ্ছেদ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে নেকি?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে এক শ্ৰেণীকোঠা সদৃশ পৰিবেশ আৰু তাত এজন ব্যক্তিয়ে প্ৰত্যেকৰে ওচৰলৈ গৈ প্ৰত্যেকৰে ডিঙিত এক তৰোৱাল সদৃশ অস্ত্ৰেৰে আঘাত কৰাৰ নিচিনা কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ট্ৰেনিং চেণ্টাৰ গল কাটিবলৈ  ট্ৰেনিং দি থকা হৈছে । আৰু আমাৰ মূৰ্খ হিন্দু সকলে বাবে অহিংসয় পৰম ধৰ্ম […]

Continue Reading

পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া হিংসাত্মক ঘটনাৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ উত্তৰাখণ্ড চৰকাৰে হালদ্বানীত অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ ফলত চহৰখনত অশান্তিৰ সৃষ্টি হয়। অঞ্চলটোত দুষ্কৃতিকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা আৰু বাহনত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে। এই ঘটনাত বহু আৰক্ষী বিষয়া আহত হয়। এই সম্পৰ্কে বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তদুপৰি শেহতীয়াকৈ উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল ক’ড বলৱৎ হোৱাৰ […]

Continue Reading

কৰ্ণাটকত মন্দিৰ প্ৰাংগনতে মুছলমানে আক্ৰমণ কৰিছে নেকি হিন্দু লোকক? সত্যটো জানক।

শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। এক নিৰ্দিষ্ট স্থানত দুটা দলৰ মাজত দুৰ্বাদল কাজিয়া, হতাহতি,তৰ্কা-তৰ্কি দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কৰ্ণাটকৰ দৃশ্য। কৰ্ণাটকত একাংশ মুছলমান লোকে কেইগৰাকীমান হিন্দু লোকক মন্দিৰ প্ৰাংগনতে প্ৰহাৰ কৰা বুলি দাবী কৰি ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো আপলোড কৰি কেপছন লিখিছে এইদৰে- হিন্দুৱে এতিয়া মন্দিৰৰ সমুখতো সুৰক্ষিত […]

Continue Reading

এই ফটোখনৰ নুহৰ শেহতীয়া হিংসাত্মক ঘটনাৰ লগত সম্পৰ্ক নাই।

হাৰিয়ানাৰ নুহত হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে সংঘৰ্ষকাৰীক দমন কৰিবলৈ প্ৰশাসনে বুলডজাৰ ব্যৱহাৰ কৰাৰ লগতে প্ৰায় ৭৫৩টা নিৰ্মাণকাৰ্য ভাঙি পেলায়। কিন্তু সোমবাৰে উচ্চ ন্যায়ালয়ে হাৰিয়ানা চৰকাৰক ধমক দি বুলডজাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে। ইফালে এখন ছবি শ্বেয়াৰ কৰি নুহত হোৱা বেদখলৰ কথা কৈ ভাইৰেল কৰা হৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে – अगली शोभायात्रा के लिए […]

Continue Reading

এই ভিডিঅ’টো হাৰিয়ানাত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ নহয়।

শেহতীয়াকৈ হাৰিয়ানাৰ নুহ জিলাত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হয় য’ত ভিএইচপি আৰু বজৰংগ দলৰ উদ্যোগত আয়োজিত এক শোভাযাত্ৰাত আন এটা সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে অস্ত্ৰ-শস্ত্ৰ লৈ অহা বুলিও খবৰ পোৱা গৈছে। ইয়াৰ পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এজন মুছলমান লোকক ৰাইজে খেদি খেদি মাৰপিট কৰা ভিডিঅ’। এই ভিডিঅ’টো হাৰিয়ানাৰ বুলি দাবী […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ থকা ফটোফ্ৰেমখনত সঁচাকৈয়ে পাকিস্তানক ধ্বংস কৰাৰ বিষয়ে লিখা আছেনে?

অলপতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ফটো ফ্ৰেম লৈ থকা দেখা গৈছে য’ত হিন্দী ভাষাত লিখা আছিল এইদৰে,”প্ৰজাপতি মে ইতনি তাকত হ্যে কি য়ে অকেলে হি পুৰে পাকিস্তান কো তবাহ কৰ চকতা হ্যে”। অৰ্থাৎ প্ৰজাপতিৰ ইমান শক্তি আছে যে ই অকলেই সমগ্ৰ পাকিস্তানক […]

Continue Reading

ম্যানমাৰৰ পুৰণি ফটো মণিপুৰৰ বুলি ‘আমাৰ অসম’ কাকতত প্ৰকাশ। চ’ছিয়েল মিডিয়াত ভাইৰেল বাতৰি।

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি বৰ্তমানো উত্তপ্ত আৰু অশান্ত। মূলতঃ জনজাতিকৰণক কেন্দ্ৰ কৰি প্ৰায় ডেৰ মাহ আগতেই আৰম্ভ হোৱা গোষ্ঠীসংঘৰ্ষৰ অৱসান এতিয়াও ঘটা নাই। নিতৌ নতুন হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰি থকা হৈছে। কুকী আৰু মেইটেই জনগোষ্ঠীৰ মাজৰ এই সংঘৰ্ষই কেতিয়া এক সমাধানৰ পথ দেখিব, সেই কথা এই মুহুৰ্ততে ক’ব পৰা হোৱা নাই। তেনে এক […]

Continue Reading

কেৰালাত এইদৰে মুছলিম যুৱকে আইছিছৰ টি-ছাৰ্ট পিন্ধি ফটো উঠিছে নেকি?

শেহতীয়াভাৱে সুদীপ্ত সেনৰ চিনেমা ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ মুক্তিৰ পাছতেই ছ’চিয়েল মিডিয়াত কেৰালাৰ বিষয়ে ভুল ধাৰণা বিয়পাই বহু কথা প্ৰচাৰিত হৈছে। বিশেষকৈ টুইটাৰত বিভিন্ন ধৰণৰ ভুল তথ্য তথা বিভ্ৰান্তিকৰ প্ৰচাৰ চলা দেখা গৈছে। সেইধৰণৰ টুইটবোৰে অসমৰ ৰাইজকো প্ৰভাৱিত কৰা দেখা গৈছে। ৭ মে’ ২০২৩ত কৰা তেনেকুৱা এটা টুইট আমাৰো চকুত পৰিছে। টুইটটোত দেখা গৈছে যে ক’লা […]

Continue Reading

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি টুনিশা শৰ্মা গৰ্ভৱতী নাছিল

টেলিভিছন ধাৰাবাহিক আলিবাবা: দস্তান-ই-কাবুল আৰু ফিতুৰ আদিৰ দৰে চিনেমাত কাম কৰা অভিনেত্ৰী টুনিশা শৰ্মা (২০)ই যোৱা ২৪ ডিচেম্বৰত আত্মহত্যা কৰে।  এইগৰাকী যুৱ শিল্পীৰ আত্মহত্যাই সকলোকে স্তম্ভিত কৰি তুলিলে। অৱশ্যে মৃত অভিনেত্ৰীগৰাকীৰ মাতৃয়ে টুনিশা শৰ্মাৰ প্ৰাক্তন প্ৰেমিক তথা সহ অভিনেতা শ্বীজান খানে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ অভিযোগৰ পিছতে মুম্বাই আৰক্ষীয়ে খানক জিম্মাত […]

Continue Reading