গৌৰৱ গগৈৰ এই বক্তব্যটো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈক দেখা গৈছে আৰু তাত গৌৰৱ গগৈয়ে এইদৰে কোৱা বুলি উল্লেখ কৰা হৈছে,” মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুৰ দৰে হিন্দু আজিলৈকে আমাৰ দেশৰ ইতিহাসত নাই”। Facebook Link | Archived Link  কিন্তু গৌৰৱ গগৈয়ে সঁচাকৈয়ে তেনেদৰে কৈছিলনে? আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

ভাইৰেল ফটোখনত যশোদাবেন মোদীয়ে নৰেন্দ্ৰ মোদীক ঠাট্টা কৰা পোষ্টাৰ লৈ থকা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেনৰ এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। এই ছবিখনত আমি যশোদাবেনক হাতত কাগজ এখন লৈ থিয় হৈ থকা দেখিবলৈ পাওঁ। তাত লিখা আছে যে “যেতিয়া মোৰ স্বামী মোৰ হ’ব নোৱাৰে, তেতিয়া আপোনাৰ বা দেশবাসীৰ বাবে কেনেকৈ হ’ব পাৰিব? এয়া নাৰী সবলীকৰণ নেকি? – যশোদাবেন মোদী” এই ছবিখনৰ সৈতে দাবী কৰা হৈছে […]

Continue Reading

অশোক গেহলটৰ ৰেলীত জনতাই মোদী-মোদী শ্লোগান দিছিল নেকি?

নিৰ্বাচনী পৰিৱেশত অশোক গেহলটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ পটভূমিত শুনা গৈছে মোডীক সমৰ্থন কৰা শ্ল’গান। শ্লোগানৰ মাজতে অশোক গেহলটৰ লগতে তেওঁৰ লগত থিয় হৈ থকা এজন ব্যক্তিয়ে জনসাধাৰণক শান্ত কৰোৱা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোৰ লগতে ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰেলীত মোদী-মোদী শ্লোগান উত্থাপন কৰা হৈছিল। ফেচবুকত […]

Continue Reading

সঁচাকৈয়ে ষ্টেডিয়ামৰ দৰ্শকে হনুমান চালিচা পাঠ কৰিছিলনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন ষ্টেডিয়ামৰ দৃশ্য দেখুওৱা হৈছে আৰু তাত হনুমান চালিচা পাঠ কৰা শুনা গৈছে। ফেচবুকত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ১.৫ লাখ লোকে হনুমান চালিচা জপ কৰা বুলি দাবী কৰা হৈছে।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

গ্লেন মেক্সৱেলে শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা নাছিল।

শেহতীয়াকৈ ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত আফগানিস্তানৰ বিৰুদ্ধে দল অষ্ট্ৰেলিয়াই অলৌকিকভাৱে জয়লাভ কৰিছিল।এটা সময়ত অষ্ট্ৰেলিয়াৰ বাবে লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ যেন লাগিছিল যদিও গ্লেন মেক্সৱেলৰ দ্বৈত শতকেৰে অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেলত স্থান নিশ্চিত হৈছিল। এই পটভূমিত গ্লেন মেক্সৱেলে শচীন টেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে জয়ৰ পিছত অষ্ট্ৰেলিয়াৰ […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎকাৰত হিন্দুত্বক তেওঁলোকৰ নিৰ্বাচনী কাৰ্ড বুলি কৈছিল নে সঁচাকৈ?     

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বহুবছৰ পুৰণি সাক্ষাৎকাৰৰ কিয়দংশ দেখা গৈছে, য’ত তেওঁ হিন্দুত্ব তেওঁলোকৰ বাবে তাছৰ পাতৰ দৰে বুলি কোৱা শুনা গৈছে। দাবী কৰা হৈছে যে মোদীয়ে এইদৰে হিন্দুত্বক তেওঁলোকৰ এক নিৰ্বাচনী সুবিধা লাভৰ বিষয় হিচাপে অভিহিত কৰিছিল।   Archived Link  আমাৰ 24*7 ফেক্টলাইন নম্বৰ […]

Continue Reading

এই ফটোখনত মণিপুৰৰ ছাত্ৰ -ছাত্ৰী দুগৰাকীৰ হত্যাকাৰী হাতত বটল আৰু বন্দুক লৈ সঁচাকৈয়ে বহি আছেনে?

মণিপুৰৰ পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত। শেহতীয়াকৈ দুগৰাকী নিখোজ মেইটেই ছাত্ৰ- ছাত্ৰীৰ মৃতদেহৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে সকলো স্তম্ভিত হৈ পৰিছে। এই ছাত্ৰ – ছাত্ৰী দুগৰাকী হ’ল ১৭ বছৰীয়া লুৱাংগবি লিনথৈংগাম্বি হিজাম আৰু ২০বছৰীয়া  ফিজাম হেমনজিৎ সিং। এনে সময়তে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- The two teenager was killed by Arambai Tengol […]

Continue Reading

বিজেপিৰ কৰ্মীসকলে কানাড়া বেংকৰ সমুখত প্ৰতিবাদ কৰা নাই, ফটোখন সম্পাদনা কৰা হৈছে।

ভাৰত আৰু কানাডাৰ মাজত শেহতীয়াকৈ চলি থকা কূটনৈতিক সংঘাতৰ মাজতে চ’চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ ফটো ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এখন ফটো ভাইৰেল হৈছে য’ত একাংশ লোকক বিজেপিৰ পতাকা লৈ কিছুমান দোকানৰ সমুখত প্ৰতিবাদ কৰি থকা দেখা গৈছে। প্ৰতিবাদকাৰীসকলৰ পিছফালে কানাড়া বেংকৰ এখন ব’ৰ্ড দেখা গৈছে। দাবী কৰা হৈছে যে কানাডাত আৰ […]

Continue Reading

জৱানৰ ট্ৰেইলৰ দেখি এইদৰে উল্লাসত ফাটি পৰিছিল নে অনুৰাগীসকল?

শ্বাহৰুখ খানে ব্লকবাষ্টাৰ চিনেমা পাথান মুক্তি দিয়াৰ পাছত ২০২৩ চনৰ তেওঁৰ দ্বিতীয়খন চিনেমা জৱানৰ সৈতে পুনৰ আহিছে দৰ্শকৰ মাজলৈ আৰু চিনেমাখন মুক্তিৰ আগে আগে দেখা দিয়া আকৰ্ষণ আৰু উত্তেজনাই স্পষ্ট কৰি দিছিল যে বক্স অফিচত এই চিনেমাখনে ডাঙৰ অভিলেখ গঢ়িব। শ্বাহৰুখ খানৰ শেহতীয়া চিনেমা জৱানৰ ট্ৰেইলাৰ এখন ডাঙৰ পৰ্দাত বাজি থকাৰ সময়তে এক বৃহৎ ৰাইজে […]

Continue Reading

ভাৰতবিৰোধী শ্লোগান শুনি গৌতম গম্ভীৰে দেখুৱাইছিল নেকি অশ্লীল ইংগিত? জানক সত্যতা।  

শেহতীয়াভাৱে সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে দৰ্শকক উদ্দেশ্যি অশ্লীল ইংগিত দিয়া এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমৰ বহুতেও সেই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।  আমি কিছুমান ফেচবুক ব্যৱহাৰকাৰীয়ে গৌতম গম্ভীৰৰ সেই ইংগিতৰ ভিডিঅ’ আপলোড কৰা দেখিলোঁ। Facebook Link আন এজন ব্যৱহাৰকাৰীয়ে গৌতম গম্ভীৰ সম্পৰ্কত এই সম্পৰ্কে লিখি ভিডিঅটো আপলোড কৰিছে। লিখিছে- গৌতম গম্ভীৰৰ এই […]

Continue Reading