আতচবাজী ভৰ্তি আনাৰস খোৱাৰ ফলত গৰ্ভৱতী হাতীৰ মৃত্যু হোৱা ঘটনাটো মলপ্পুৰমৰ আছিলনে? মলপ্পুৰম কেৰালাৰ শেহতীয়া ভূমিস্খলনত বিধ্বস্ত হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

কেৰালাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। এই ঘটনাৰ পাছত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভাইৰেল পোষ্টটোত উল্লেখ কৰা হৈছে যে চাৰিবছৰ আগেয়ে এজনী গৰ্ভৱতী হাতীৰ মৃত্যু হৈছিল আচজবাজী ভৰ্তি আনাৰস খোৱা ফলত। সেই ঘটনাটো সংঘটিত হৈছিল কেৰালাৰ মলপ্পুৰমত আৰু […]

Continue Reading

মুছলমান টুপী পৰিহিত লোকে এখন তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এই ভিডিঅ’টো বাংলাদেশৰ নহয়। তদুপৰি ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।

মুছলমান টুপী পৰিহিত কিছু লোকে এখন পকী তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে বাংলাদেশত এইদৰে মুছলমানে হিন্দুৰ মন্দিৰ ভাঙিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত এফালৰ পৰা জ্বলাই বা ভাঙি দিয়া হৈছে হিন্দুৰ মন্দিৰ।হিংসাত্মক প্ৰতিবাদৰ মাজতে চলিছে হিন্দুৰ ওপৰত অত্যাচাৰ”। Facebook Link | […]

Continue Reading

ভিডিঅ’টোত বাংলাদেশৰ হিন্দু মন্দিৰত জুই লগা দেখা গৈছে নেকি?

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত এটা ভৱনত জুই লগা দেখা গৈছে। দাবী কৰা হৈছে যে এইটো বাংলাদেশৰ এটা হিন্দু মন্দিৰ আৰু মুছলমানে সেই মন্দিৰটো জ্বলাই দিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত মন্দিৰ জ্বলাই দিয়া হল । হিন্দুৰ অস্তিত্ব বিপন্ন । সমগ্ৰ বিশ্বত৫৮খন ইছলামিক ৰাষ্ট্ৰ থকা পিছত শ্বেখ হাচিনা শেষ আশ্ৰয় […]

Continue Reading

বাংলাদেশৰ এই ভিডিঅ’টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ।

হিংসাজৰ্জৰ বাংলাদেশৰ এটা খুব আমনিদায়ক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মৃতপ্ৰায় ব্যক্তিক এটা মূৰ্তিত ওলোমাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কিছুমান লোকে। দাবী কৰা হৈছে এই ব্যক্তিজন হিন্দু আৰু তেওঁক মুছলমান লোকে বাংলাদেশত এইদৰে অত্যাচাৰ কৰিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত অশান্তিৰ ধৰ্মৰ মুছলমানে হিন্দু পুৰুষ এজনক মজিবৰ ৰহমানৰ […]

Continue Reading

জলমগ্ন পথত এখন তোছকৰ ওপৰত শুই আগবাঢ়ি গৈ থকা ব্যক্তিজনৰ এই ভিডিঅ’টো অসমৰ নহয়।

পানীৰে ভৰা এটি পথত এজন ব্যক্তিয়ে এখন তোছকৰ ওপৰত শুই শুই পানীত ওপঙি আগবাঢ়ি গৈ থকা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এই ভিডিঅ’টো অসমৰ।  Facebook Link | Archived Link  কিন্তু এই ভিডিঅ’টো সঁচাকৈয়ে অসমৰ হয়নে? আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে […]

Continue Reading

বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। পোষ্টটোত সংলগ্ন ক’লাজখনৰ এখন ফটোত দেখা গৈছে জুইত জ্বলি থকা এটা ঘৰৰ কাষত একাংশ লোক থিয় হৈ আছে আৰু আনখন ফটোত বাংলাদেশৰ ক্ৰিকেট খেলুৱৈ লিটন দাসক দেখা গৈছে। দাবী কৰা হৈছে যে বাংলাদেশৰ ক্ৰিকেট দলৰ খেলুৱৈ লিটন দাসৰ ঘৰ এইটো আৰু প্ৰতিবাদকাৰীয়ে তেওঁৰ […]

Continue Reading

আৰ এছ এছৰ কৰ্মীসকলে কৰা উদ্ধাৰ অভিযানৰ পুৰণি ফটো ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বুলি ভাইৰেল।

কেৰেলাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন উদ্ধাৰ আৰু সাহাৰ্য অভিযানত জড়িত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত কেইখনমান বিশেষ ফটোৰ এখন ক’লাজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকে সাহাৰ্য বিতৰণ কৰা আৰু বানাক্ৰান্ত এলেকালৈ যোৱা দেখা গৈছে। […]

Continue Reading

পানীৰ গিলাচত থু পেলোৱা ব্যক্তিজনৰ এই ভিডিঅ’টো পুৰণি আৰু ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।

এজন ব্যক্তিয়ে এগিলাচ পানীত থুৱাই দিয়া এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী আলিগড় কোৰ্টত‌ কৰ্মৰত এজন মুছলমান পিয়ন আৰু “থু জেহাদ”ৰ অংশ হিচাপে তেওঁ ন্যায়াধীশৰ পানীৰ গিলাচত থু পেলাই ন্যায়াধীশগৰাকীক খাবলৈ দিছিল। এই ভিডিঅ’টো আমাৰ 24*7 হোৱাটচ‌এপ নম্বৰলৈ (9049053770) প্ৰেৰণ কৰা হৈছিল আৰু কেপশ্বনত লিখা […]

Continue Reading

আশীৰ্বাদ আটাৰ হালাল ল’গ’ থকা পেকেট সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আশীৰ্বাদ আটাৰ পেকেট (Aashirvaad Atta With Multigrains) এটাৰ ফটো ভাইৰেল হৈছে য’ত হালাল চাৰ্টিফাইড ল’গ’ আছে। দাবী কৰা হৈছে যে এই হালাল চাৰ্টিফাইড আশীৰ্বাদ আটা ভাৰতত বিক্ৰী হয়। ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “থু মিহলোৱা হালালা প্ৰডাক্ট আৰ্শীবাদ আটা আমি মৰ্খ হিন্দু ৱে  হিন্দু ৰ আৰ্শীবাদ  শব্দ টো চায় খাই […]

Continue Reading