পশ্চিমবঙ্গৰ ভিডিঅ’ বাংলাদেশৰ বুলি সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কিছুসংখ্যক লোকে  মা কালীৰ এক প্ৰতিমাৰ  ক্ষতিসাধন কৰি আছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত উগ্ৰপন্থীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মা কালিৰ প্ৰতিমা” Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

গোৰখপুৰৰ পুৰণি ভিডিঅ’ সম্ভলৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

উত্তৰ প্ৰদেশৰ সম্ভলৰ ষোল্ল শতিকাৰ জামা মছজিদত আদালতৰ নিৰ্দেশত হোৱা এক সমীক্ষাৰ পাছত যোৱা ২৪ নৱেম্বৰ, দেওবাৰে সম্ভলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতে প্ৰতিবাদকাৰী দল এটাৰ ওপৰত পুলিচৰ লাঠী ছাৰ্জৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া সম্ভলৰ শেহতীয়া ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “জেহাদীবোৰক দীৰ্ঘদিনীয়া […]

Continue Reading

ৱাকফ ব’ৰ্ডৰ মাটিকালি পাকিস্তানৰ মুঠ মাটিকালিতকৈ বেছি নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

ৱাকফ (সংশোধনী) ২০২৪ক লৈ দেশত ৱাকফ ব’ৰ্ড সম্পৰ্কে বিতৰ্কৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহতো এই সম্পৰ্কে আলোচনা হোৱা দেখা গৈছে। এটা পক্ষই এই সংশোধনীৰ পক্ষ লৈছে আৰু আনটোৱে ইয়াৰ বিৰোধিতা কৰি দাবী কৰিছে যে ইয়াৰ ফলত ৱাকফ ব’ৰ্ডৰ ক্ষতি হ’ব। এই বিতৰ্কৰ মাজতে এটা ভাইৰেল ফেচবুক পোষ্টত দাবী কৰা হৈছে যে ৱাকফ ব’ৰ্ডৰ ৯.৯ লাখ […]

Continue Reading

মহাৰাষ্ট্ৰৰ লাটুৰত মিলাদ-উন-নৱী উপলক্ষে আয়োজিত বাইক ৰেলীৰ দৃশ্য‌ কংগ্ৰেছ দলৰ নিৰ্বাচনী ৰেলীৰ বুলি ভাইৰেল।

মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। তেনে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এক বাইক ৰেলীৰ ভিডিঅ’ দেখুওৱা হৈছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এয়া মহাৰাষ্ট্ৰৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সাজিদ খান মাস্তানৰ নিৰ্বাচনী ৰেলী আৰু এই ৰেলীত বিভিন্ন ৰাষ্ট্ৰৰ মুছলমান সন্ত্ৰাসবাদীৰ পতাকা ব্যৱহাৰ […]

Continue Reading

এখন চেলুনত গ্ৰাহক পক্ষাঘাতগ্ৰস্ত হোৱা এই ভিডিঅ’টো দৰাচলতে চিত্ৰনাট্যযুক্ত।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন চেলুনৰ এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে এজন গ্ৰাহকে নাপিতৰ পৰা মালিচ লৈছে, আৰু মূৰৰ মালিচৰ কিছু সময়ৰ পাছত গ্ৰাহকজন পক্ষাঘাতগ্ৰস্ত হৈ পৰে।  ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “আপুনি চেলুনত মালিচ লয় নেকি ? যদি লয়, তেন্তে সাৱধান হওঁক আপুনি !” Facebook Link | Archived […]

Continue Reading

আহত পেলেষ্টাইনী কিশোৰৰ ফটো হামাছ সন্ত্ৰাসবাদী বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত এজন ব্যক্তিক দেখা গৈছে যাৰ দুয়োখন হাত কটা আৰু বেণ্ডেজ লগোৱা। তদুপৰি দেহৰ আন অংশতো বেণ্ডেজ লগোৱা আছে। ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ফটোখনৰ ব্যক্তিজন হামাছ সন্ত্ৰাসবাদী যাৰ দুয়োখন হাত ইজৰাইলী সেনাই কাটি পেলায় আৰু লগতে শৰীৰৰ আন অংগ‌ও কাটি […]

Continue Reading

সম্পাদিত ভিডিঅ’ চৌদি আৰৱৰ কন্ঠশিল্পীয়ে কৃষ্ণ ভজন গোৱা বুলি  ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক সংগীতানুষ্ঠানৰ দৃশ্যাংশ দেখুওৱা হৈছিল। অনুষ্ঠানত উপস্থিত দৰ্শকৰ সৰহ সংখ্যকেই আৰবৰ পোছাক পৰিধান কৰিছিল আৰু কন্ঠশিল্পীগৰাকীয়েও  একেই পোছাক পৰিধান কৰিছিল। ভিডিঅ’টোত “হৰে কৃষ্ণা হৰে ৰামা” শীৰ্ষক গীতটি গোৱা শুনা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”চৌদি আৰৱত সনাতন ধৰ্মৰ জয় জয় কাৰ”। Facebook Link […]

Continue Reading

গাজাৰ এবছৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰত হিজবুল্লাহৰ শেহতীয়া ড্ৰোণ আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল।

অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে কোনো এক অঞ্চলত বিশাল অট্টালিকা ৰকেটেৰে বিস্ফোৰণ কৰি ধ্বংস কৰা হৈছিল। ভিডিঅ’টোত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ঘৰত হিজবুল্লাহৰ শেহতীয়া ড্ৰোণ আক্ৰমণৰ দৃশ্য দেখুওৱা হোৱা বুলি দাবী কৰা হৈছিল। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ইজৰাইলৰ ওপৰত হেজবুল্লাহৰ আক্ৰমণ।। ইজৰাইলৰ প্ৰধানমন্ত্ৰী […]

Continue Reading

ভাইৰেল ভিডিঅ’টোৰ বাহৰাইচৰ শেহতীয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।

উত্তৰ প্ৰদেশৰ বাহৰাইচত যোৱা ১৩ অক্টোবৰত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত ৰামগোপাল মিশ্ৰ নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত বাহৰাইচ সম্পৰ্কীয় বহুতো পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনে এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছিল। পোষ্টটোত এটা ভিডিঅ’ আপলোড কৰা হৈছিল য’ত কোনো এলেকাৰ ধ্বংসাৱশেষ দেখুওৱা হৈছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “উত্তৰ প্ৰদেশৰ […]

Continue Reading

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এটা মিছাইল উৎক্ষেপণৰ কিছু সময়ৰ পাছতে পুনৰ উৎক্ষেপণস্থলীলৈ ঘূৰি আহি বিস্ফোৰিত হৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  […]

Continue Reading