ভাইৰেল ভিডিঅ'টোৰ বাহৰাইচৰ শেহতীয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।

By :  Debanjana
Update: 2024-10-23 11:51 GMT

উত্তৰ প্ৰদেশৰ বাহৰাইচত যোৱা ১৩ অক্টোবৰত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত ৰামগোপাল মিশ্ৰ নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে ছ'চিয়েল মিডিয়াত বাহৰাইচ সম্পৰ্কীয় বহুতো পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনে এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছিল। পোষ্টটোত এটা ভিডিঅ' আপলোড কৰা হৈছিল য'ত কোনো এলেকাৰ ধ্বংসাৱশেষ দেখুওৱা হৈছিল। ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "উত্তৰ প্ৰদেশৰ বাহৰাইচৰ ৰামগোপাল মিশ্ৰৰ হত্যাকাৰী মুছলমান অপৰাধী বোৰৰ ঘৰৰ নাম নিচান নহোৱা কৰিলে"।

Full View

Facebook Link | Archived Link.

কিন্তু সঁচাকৈয়ে এই ভিডিঅ'টোৰ বাহৰাইচৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে সম্পৰ্ক আছেনে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ'টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া যোৱা ১৯ অক্টোবৰত এটা ইউটিউব চেনেলত এই একেটা ভিডিঅ'ৰ ১৪ ছেকেণ্ডৰ এটা অংশ আপলোড হোৱা দেখিলোঁ।

Full View

ভিডিঅ'টোৰ বিৱৰণত একো লিখা হোৱা নাছিল কিন্তু ভিডিঅ'টোৰ ওপৰত থকা টেক্সত অ'ভাৰলেত লিখা আছিল এইদৰে, "गम में डूबा वजीरगंज, @altaf.studio"।


এইবাৰ আমি "altaf.studio" বুলি ছাৰ্চ কৰাত একে নামৰ এটা ইনষ্টাগ্ৰাম প্ৰ'ফাইল দেখিলোঁ। এই ইনষ্টাগ্ৰাম প্ৰ'ফাইলটোত ভাইৰেল ভিডিঅ'টো ২০২৪ চনৰ ২৬ চেপ্তেম্বৰত আপলোড কৰা হৈছিল।

Instagram Link | Archived Link

বাহৰাইচৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল যোৱা ১৩ অক্টোবৰত। গতিকে ভাইৰেল ভিডিঅ'টো বাহৰাইচৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আগৰেই বুলি আমি নিশ্চিত হ'লোঁ।

যিহেতু ইনষ্টাগ্ৰামৰ ভিডিঅ'টো ৱজীৰগঞ্জৰ বুলি উল্লেখ কৰা হৈছিল, ঘটনা সম্পৰ্কে জানিবলৈ আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ডেক্কান হেৰাল্ডত যোৱা ২৬ চেপ্তেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশমৰ্মে বাহৰাইচ জিলা প্ৰশাসনে যোৱা ২৫ চেপ্তেম্বৰত স্থানীয় বাসিন্দাসকলৰ প্ৰতিবাদ স্বত্তেও কাইচৰগঞ্জৰ এখন গাঁৱৰ ২৩ টা অবৈধ নিৰ্মাণ বুলডোজাৰেৰে ভাঙি পেলায়।


TV9 ইউটিউব চেনেলত আপলোড হোৱা এক ভিডিঅ' প্ৰতিবেদন তলত চাব পাৰিব।

Full View

আমি পুনৰ কী-ৱ'ৰ্ড ছাৰ্চ কৰি বাহৰাইচ পুলিচৰ এটা টুইট পালোঁ। হিন্দী ভাষাত লিখা টুইটটো অসমীয়ালৈ কৰা অনুবাদ এনেধৰণৰ,"প্ৰদৰ্শিত ভিজুৱেলসমূহ আদালতৰ নিৰ্দেশত বাহৰাইচ জিলাৰ ফাখৰপুৰ অঞ্চলত ২৫.০৯.২৪ তাৰিখে চলোৱা বেদখল বিৰোধী অভিযানৰ আৰু শেহতীয়াকৈ সংঘটিত হোৱা মহাৰাজগঞ্জ কাণ্ডৰ নহয়। বিভ্ৰান্তিকৰ পোষ্টৰ জৰিয়তে সম্প্ৰীতি আৰু আইন-শৃংখলা বিঘ্নিত কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব"।


Archived Link

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টোৰ বাহৰাইচৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে কোনো সম্পৰ্ক নাই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ'টো যোৱা ২৫ চেপ্তেম্বৰত আদালতৰ নিৰ্দেশত বাহৰাইচ জিলাৰ ফাখৰপুৰ অঞ্চলত চলোৱা অবৈধ দখল বিৰোধী অভিযানৰহে। বাহৰাইচৰ শেহতীয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ সৈতে ভিডিঅ'টোৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ



Claim :  ভিডিঅ'টোত উত্তৰ প্ৰদেশৰ বাহৰাইচত যোৱা ১৩ অক্টোবৰৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত অভিযুক্তৰ ঘৰ এইদৰে ধ্বংস কৰি পেলোৱা হৈছে।
Claimed By :  Social Media User
Fact Check :  MISLEADING
Tags:    

Similar News