পেজাৰ,লেবাননত পেজাৰ বিস্ফোৰণ আৰু আক্ৰমণ। এক সবিস্তাৰ আলোচনা।

পেজাৰ হৈছে এনেকুৱা এক যন্ত্ৰ,যাৰ জৰিয়তে মূলতঃ বাৰ্তা প্ৰেৰণ কৰা হয়। সম্প্ৰতি বিশ্বত এই যন্ত্ৰ বা ডিভাইচটোৰ ব্যৱহাৰ তেনেই তাকৰ যদিও কোনো কোনো প্ৰান্তত এতিয়াও পেজাৰ ব্যৱহাৰ কৰা হয়।

Update: 2024-09-27 11:06 GMT

পেজাৰ কি?

পেজাৰ হৈছে এনেকুৱা এক যন্ত্ৰ,যাৰ জৰিয়তে মূলতঃ বাৰ্তা প্ৰেৰণ কৰা হয়। সম্প্ৰতি বিশ্বত এই যন্ত্ৰ বা ডিভাইচটোৰ ব্যৱহাৰ তেনেই তাকৰ যদিও কোনো কোনো প্ৰান্তত এতিয়াও পেজাৰ ব্যৱহাৰ কৰা হয়। এক নিৰ্দিষ্ট নম্বৰৰ জৰিয়তে এটাৰ সৈতে আনটো পেজাৰে সংযোগ স্থাপন কৰে আৰু নিৰ্দিষ্ট বাৰ্তা প্ৰেৰণ কৰে।


 



হিজবুল্লাহৰ পেজাৰ ব্যৱহাৰ

বিংশ শতিকাৰ শেষৰ ফালে পেজাৰ জনপ্ৰিয় আছিল যদিও তেতিয়াৰ পৰাই ইয়াৰ ঠাইত চেল ফোন ব্যৱহাৰ কৰা আৰম্ভ হয়। তথাপিও ৭ অক্টোবৰ ২০২৩ৰ আক্ৰমণৰ পূৰ্বে বছৰ বছৰ ধৰি হিজবুল্লাহৰ কিছুমান সদস্যই পেজাৰ ব্যৱহাৰ কৰিছিল যদিও ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পাছত অধিক সদস্যই ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত হিজবুল্লাহৰ সচিব প্ৰধান হাছান নাছৰল্লাই ইজৰাইলে তেওঁলোকৰ চেল ফোন নেটৱৰ্কত অনুপ্ৰৱেশ কৰা বুলি দাবী কৰে আৰু তেওঁলোকৰ গোটটোৰ সদস্যসকলক চেল ফোনৰ পৰিৱৰ্তে পেজাৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছত হিজবুল্লাহে বিস্ফোৰণৰ আগৰ মাহকেইটাত লেবাননলৈ পেজাৰসমূহ আমদানি কৰে।আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিস্থান ৰয়টাৰৰ সূত্ৰ মতে পৰীক্ষা কৰাৰ পাছতো বিস্ফোৰকসমূহ ধৰা পৰা নাছিল আৰু আক্ৰমণৰ ঠিক আগতেই পেজাৰসমূহ বিতৰণ কৰা হৈছিল। বিস্ফোৰক পেজাৰসমূহ আছিল টাইৱানৰ কোম্পানী গোল্ড এপ'ল'ৰ AR924 মডেল। গোল্ড এপলে পেজাৰসমূহ নিৰ্মাণ কৰা বুলি অস্বীকাৰ কৰে আৰু কয় যে এইবোৰ বুডাপেষ্টস্থিত বিএচি কনছালটিং কেএফটিয়েহে নিৰ্মাণ আৰু বিক্ৰী কৰিছিল। বিএচি কনছালটিঙৰ চিইঅ' ক্রিষ্টিয়ানা বাৰ্চনি-আৰ্চিডিয়াকোনোৱে গোল্ড এপ'ল'ৰ সৈতে কাম কৰা বুলি স্বীকাৰ কৰে আৰু কয় যে "আমি পেজাৰবোৰ বনাওঁ।" নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা অনুসৰি ইজৰাইলী চোৰাংচোৱা সংস্থাই বিএচি কনছালটিং পৰিচালনা কৰিছিল আৰু তেওঁলোক জড়িত হৈ থকা কথা লুকুৱাবলৈ আন দুটা নাম প্ৰকাশ নকৰা শ্বেল কোম্পানী(Shell Company) গঠন কৰিছিল। হিজবুল্লাহৰ বাবে প্ৰস্তুত কৰা পেজাৰবোৰৰ বেটাৰীত ৩ গ্ৰাম (০.১১ আউন্স) বিস্ফোৰক পিইটিএনক এনেদৰে সংলগ্ন কৰিছিল যে ইয়াক ধৰা পেলোৱাটো অত্যন্ত কঠিন। স্কাই নিউজে লেবাননৰ নিৰাপত্তা বিষয়াসকলৰ উদ্ধৃতি দি কয় যে হিজবুল্লাহে ৫,০০০টা পেজাৰ অৰ্ডাৰ দিছিল।

লেবাননৰ পেজাৰ বিষ্ফোৰণ

২০২৪ চনৰ ১৭ আৰু ১৮ ছেপ্টেম্বৰত ইজৰাইলী আক্ৰমণত হিজবুল্লাহৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত হাজাৰ হাজাৰ হেণ্ডহেল্ড পেজাৰ আৰু শ শ ৱাকি-টকি একেলগে লেবানন আৰু ছিৰিয়াত বিস্ফোৰণ ঘটে। ২০২৪ চনৰ ২২ ছেপ্টেম্বৰলৈকে ৪২ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰে ভিতৰত কমেও ১২ জন সাধাৰণ নাগৰিক আছিল। ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইল-হিজবুল্লাহ সংঘাত আৰম্ভ হোৱাৰ পাছত এই কাণ্ডক হিজবুল্লাহৰ আটাইতকৈ ডাঙৰ নিৰাপত্তাৰ সুৰুঙা বুলি অভিহিত কৰা হৈছে। ১৭ ছেপ্টেম্বৰত স্থানীয় সময়মতে প্ৰায় ৩:৩০ বজাত বিস্ফোৰণৰ প্ৰথমটো ঢৌ সংঘটিত হয়, য'ত হিজবুল্লাহৰ দুজন সদস্য আৰু দুটা শিশুকে ধৰি কমেও ১২ জন লোকৰ মৃত্যু হয় আৰু ইৰাণৰ সদস্যকে ধৰি ২,৭৫০ জনতকৈ অধিক লোক আহত হয়। দ্বিতীয়টো ঢৌ ১৮ ছেপ্টেম্বৰত সংঘটিত হয়, য'ত কমেও ৩০ জন লোকৰ মৃত্যু হয় আৰু ৭৫০ জনতকৈ অধিক লোক আহত হয়। প্ৰথম ঢৌত লক্ষ্য কৰা ডিভাইচসমূহ আছিল পেজাৰ, আনহাতে দ্বিতীয় ঢৌত সেইবোৰ আছিল আইচিঅ'এম ৱাকি-টকি।

পৃষ্ঠভূমি

২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ চলোৱাৰ এদিন পাছত হিজবুল্লাহে শ্বেবা ফাৰ্মছ,ছাফেদ,নাহাৰিয়া আৰু ইজৰাইলৰ অন্যান্য স্থানত গুলীচালনা কৰি "পেলেষ্টাইনীসকলৰ সৈতে সংহতি" সংঘাতত যোগদান কৰে। তেতিয়াৰ পৰাই হিজবুল্লাহ আৰু ইজৰাইল “সীমা অতিক্ৰমী সামৰিক সংঘাতত“ জড়িত হৈ পৰিছে যিয়ে ইজৰাইল আৰু লেবাননৰ সমগ্ৰ সম্প্ৰদায়ক স্থানচ্যুত কৰি পেলাইছে। সীমান্তৱৰ্তী অঞ্চলৰ বিভিন্ন অট্টালিকা আৰু ভূমিৰ যথেষ্ট ক্ষতিসাধন হৈছে। ইজৰাইলৰ ৯৬,০০০ৰো অধিক লোক আৰু লেবাননৰ ১১১,০০০ৰো অধিক লোক স্থানচ্যুত হৈছে। ২০২৪ চনৰ ২৪ আগষ্টলৈকে লেবাননত ১৩৩ জন সাধাৰণ নাগৰিককে ধৰি ৫৬৪ জন লোকৰ মৃত্যু হোৱাটো নিশ্চিত হৈছে। ইজৰাইল আৰু হিজবুল্লাহে নিজৰ আক্ৰমণ এনে এটা স্তৰত ৰাখিছে যে ই অতি ক্ষতিকাৰক স্তৰত এখন পূৰ্ণাংগ যুদ্ধৰ ৰূপ লাভ নকৰে। হিজবুল্লাহে কয় যে ইজৰাইলে গাজাত,(৪০,০০০তকৈ অধিক পেলেষ্টাইনী নিহত হৈছিল) আক্ৰমণ বন্ধ নকৰালৈকে তেওঁলোকে ইজৰাইলক আক্ৰমণ কৰা বন্ধ নকৰে। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত বিস্ফোৰণৰ মাত্ৰ কেইঘণ্টামান আগতে ইজৰাইলৰ নিৰাপত্তা মন্ত্ৰীসভাই যুদ্ধৰ এক নতুন লক্ষ্য স্থাপন কৰিছিল। সেয়া হৈছে স্থানচ্যুত বাসিন্দাসকলক উত্তৰ দিশলৈ নিৰাপদে ঘূৰাই অনা। এই লক্ষ্যটো বৰ্তমানৰ দুটা উদ্দেশ্যৰ সৈতে সংযোজন কৰা হৈছিল:- হামাছক ভাঙি পেলোৱা আৰু ৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত পণবন্দীসকলক মুকলি কৰি দিয়াটো নিশ্চিত কৰা। ইজৰাইলৰ ঘৰুৱা নিৰাপত্তা সংস্থা শ্বিন বেটে বিস্ফোৰক যন্ত্ৰ ব্যৱহাৰ কৰি এজন প্ৰাক্তন জ্যেষ্ঠ প্ৰতিৰক্ষা বিষয়াক হত্যা কৰাৰ বাবে হিজবুল্লাহে কৰা ষড়যন্ত্ৰ বিফল কৰা বুলি ঘোষণা কৰে আৰু দ্য জেৰুজালেম পোষ্টে অনুমান কৰে যে পেজাৰ বিস্ফোৰণৰ প্ৰতিশোধৰ বাবেই এয়া হ'ব পাৰে।

প্ৰথম লানি বিস্ফোৰণ

২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত স্থানীয় সময় মতে প্ৰায় ৩:৩০ত সমগ্ৰ লেবানন আৰু ছিৰিয়াৰ বহুতো পেজাৰে অভাৱনীয়ভাৱে হিজবুল্লাহৰ সদস্যসকলৰ হাতত বিস্ফোৰণ ঘটে। ফলত বহুতেই গুৰুতৰভাৱে আহত হয়। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, চিকিৎসালয়সমূহত ভৰ্তি কৰা অধিকাংশ লোকেই অসামৰিক পোচাকত আছিল আৰু তেওঁলোক হিজবুল্লাহৰ সদস্য বুলি নিশ্চিত নাছিল। মুখ আৰু চকুৰ আঘাতেই এই বিস্ফোৰণৰ মূল প্ৰভাৱ আছিল আৰু বিশেষজ্ঞৰ মতে সেই পেজাৰবোৰ ব্যৱহাৰকাৰীসকলে মূখৰ সমুখত তুলি ল'বলৈ বাধ্য কৰোৱা এক শব্দ নিৰ্গত হৈছিল সেই সময়ত। আন কিছুমান প্ৰতিবেদনত কোৱা হৈছে যে সেই ডিভাইচটোৱে কম্পন সৃষ্টি কৰিছিল আৰু পৰ্দাত এটা ভুল বাৰ্তা দেখুৱাইছিল আৰু ব্যৱহাৰকাৰীয়ে ভুলটো আঁতৰাবলৈ এটা বুটাম টিপিলেহে বিস্ফোৰণ কৰিছিল। এই বিস্ফোৰণসমূহ এনেকুৱা কেইবাটাও অঞ্চলত সংঘটিত হৈছিল য'ত হিজবুল্লাহৰ শক্তিশালী উপস্থিতি আছে। প্ৰায় ১৫০খন চিকিৎসালয়ে এই আক্ৰমণৰ বলি হোৱা লোকক চিকিৎসা প্ৰদান কৰিছিল।


 



দ্বিতীয় লানি বিস্ফোৰণ

প্ৰথম আক্ৰমণৰ প্ৰায় ২৪ ঘণ্টাৰ পাছত ১৮ ছেপ্টেম্বৰত স্থানীয় সময় মতে প্ৰায় ৫:০০ বজাত হেণ্ডহেল্ড ৰেডিঅ'ক লক্ষ্য কৰি দ্বিতীয়টো বিস্ফোৰণৰ ঢৌ আৰম্ভ হয়। বেইৰুট, বেকা উপত্যকা আৰু দক্ষিণ লেবাননত বিস্ফোৰণৰ বাতৰি পোৱা যায়। বিস্ফোৰণৰ ফলত কমেও দুটা ঘৰতো জুই লাগিছিল। বেইৰুটত হিজবুল্লাহৰ তিনিজন সদস্য আৰু প্ৰথম বিস্ফোৰণত নিহত হোৱা এটা শিশুৰ অন্ত্যেষ্টিক্ৰিয়াত আন বিস্ফোৰণ সংঘটিত হয়। লেবাননৰ অসামৰিক প্ৰতিৰক্ষাই কয় যে কমেও ৭১টা ঘৰ আৰু দোকানত জুই লাগে। মাজডেল চেলমৰ এটা লিথিয়াম বেটাৰীৰ দোকানৰ লগতে ১৫খন গাড়ী আৰু অসংখ্য মটৰ চাইকেলকে ধৰি বিভিন্ন স্থানত এই ঘটনা ঘটে। এই আক্ৰমণত লক্ষ্য হিচাৰে লোৱা যন্ত্ৰসমূহ আইকম আইচি-ভি৮২ ভিএইচএফ ৱাকি-টকী বুলি নিশ্চিত কৰা হৈছে। এইবোৰ হিজবুল্লাহে ব্যৱহাৰ কৰা বুলি জনা যায়। ২০১৪ চনত আইচি-ভি৮২ মডেলৰ নিৰ্মাণ বন্ধ হৈ যায় আৰু আইকমে ইয়াৰ পূৰ্বে আইচি-ভি৮২কে ধৰি নকল ৰেডিঅ'ৰ বিষয়ে পৰামৰ্শমূলক সতৰ্কবাণী জাৰি কৰিছিল। কোম্পানীটোৱে ১৯ ছেপ্টেম্বৰত কয় যে তেওঁলোকে তদন্ত চলাই আছে আৰু দুদিন পাছত ঘোষণা কৰে যে ৰেডিঅ'বোৰ তেওঁলোকৰ দ্বাৰা নিৰ্মিত হোৱাৰ সম্ভাৱনা নাই"। আন ইলেক্ট্ৰনিক যন্ত্ৰ যেনে ফিংগাৰপ্ৰিণ্ট বায়'মেট্ৰিক ডিভাইচসমূহো বিস্ফোৰণ হোৱা বুলি কোৱা হৈছে যদিও সেই যন্ত্ৰসমূহ অন্য বিস্ফোৰণৰ পৰা হোৱা জুই লাগিছিল নে নিজাকৈ বিস্ফোৰণ হৈছিল সেয়া স্পষ্ট হোৱা নাই।

হতাহতৰ পৰিমাণ

২০২৪ চনৰ ২২ ছেপ্টেম্বৰলৈকে এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৪২ জন, ইয়াৰ ভিতৰত কমেও ১২ জন অসামৰিক লোকৰ মৃত্যু হৈছে। ৩৫০০ৰো অধিক লোক আহত হয়।খবৰ মতে১৫০০ হিজবুল্লাহ সদস্যক আঘাতৰ বাবে আঁতৰাই দিয়া হৈছিল। তেওঁলোকৰ বহুতেই অন্ধ হৈ পৰিছিল বা হাত হেৰুৱাইছিল। প্ৰথম আক্ৰমণৰ ঢৌত কমেও ১২ জন লোক নিহত হয়, য'ত দুজন স্বাস্থ্যকৰ্মী, এগৰাকী ৯ বছৰীয়া ছোৱালী আৰু এজন ১১ বছৰীয়া ল'ৰাৰ দৰে সাধাৰণ নাগৰিকৰ মৃত্যু হয়। হিজবুল্লাহৰ সংসদৰ সদস্য আলী আম্মাৰৰ প্ৰাপ্তবয়স্ক পুত্ৰকো এই আক্ৰমণত হত্যা কৰা হয়। মাউণ্ট লেবানন বিশ্ববিদ্যালয় হাস্পতালৰ এজন চকুৰ চিকিৎসকে জনোৱা মতে, আহতসকলৰ কেইবাজনৰো মুখত পোনপটীয়াকৈ আঘাত গৈছে, কিছুমানে এটা বা দুয়োটা চকু হেৰুৱাইছে, আনহাতে আন কিছুমানৰ মগজুত আঘাত আছিল। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে কৰিছে যে পেজাৰ আক্ৰমণৰ ফলত ৩০০ লোকৰ দুয়োটা চকু আৰু ৫০০ লোকৰ এটা চকু নষ্ট হৈছে। আন চিকিৎসকে হাত, কঁকাল আৰু মুখৰ গুৰুতৰ আঘাত দেখিছিল, আঙুলি ফাটি যোৱা, হাত কাটি পেলাব লগীয়া হোৱা আদি অৱস্থা হৈছিল।

এই ঘটনাৰ প্ৰভাৱ

লেবাননৰ স্বাস্থ্য মন্ত্ৰী ফিৰাছ আবিয়াদে কয় যে এই আক্ৰমণৰ পৰিসৰ ২০২০ চনৰ বেইৰুট বিস্ফোৰণতকৈ অধিক, যিটো এতিয়ালৈকে আটাইতকৈ ডাঙৰ কৃত্ৰিম অপাৰমাণৱিক বিস্ফোৰণৰ ভিতৰত অন্যতম বুলিব লাগিব। লেবাননৰ দুৰ্যোগ সঁহাৰি সমিতিৰ মুৰব্বীয়ে পেজাৰ আক্ৰমণক বেইৰুট বিস্ফোৰণৰ সৈতে তুলনা কৰিছিল। আহতসকলৰ চিকিৎসা কৰি থকা বহু লেবাননৰ চিকিৎসকে কয় যে বিস্ফোৰণৰ তুলনাত আঘাতৰ মাত্ৰা অধিক। ১৮ ছেপ্টেম্বৰত লেবাননত বিদ্যালয় বন্ধ কৰা হয়। ১৯ ছেপ্টেম্বৰত লেবাননৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই বেইৰুট–ৰফিচ হাৰিৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানত পৰীক্ষা কৰাল লগতে লাগেজ আৰু কেৰী অন সামগ্ৰীৰ ভিতৰত পেজাৰ আৰু ৱাকি-টকি কঢ়িয়াই নিয়াত অনিৰ্দিষ্টকালীন নিষেধাজ্ঞা আৰোপ কৰে। আক্ৰমণৰ ফলত সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ উদাহৰণ দি এয়াৰ ফ্ৰান্স আৰু লুফথানছাই বেইৰুটলৈ (টেল আভিভ আৰু তেহৰাণৰ সৈতে) বিমান সেৱা বন্ধ কৰি দিয়ে।

আক্ৰমণৰ দায়িত্ব

আক্ৰমণৰ কিছু সময়ৰ পিছতে হিজবুল্লাহে আক্ৰমণৰ বাবে ইজৰাইলক দোষাৰোপ কৰি এক বিবৃতি প্ৰকাশ কৰে। ইজৰাইলৰ বিষয়াসকলে এই আক্ৰমণৰ সন্দৰ্ভত তাৎক্ষনিক কোনো মন্তব্য নকৰিলেও, অন্ততঃ দুজন আমেৰিকান বিষয়া আৰু মধ্যপ্ৰাচ্যৰ এজন জ্যেষ্ঠ কূটনীতিবিদে এনবিচিৰ সাংবাদিকক জনাইছিল যে ১৮ ছেপ্টেম্বৰত এই আক্ৰমণৰ আঁৰত ইজৰাইল আছে। পাছত নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰিছিল যে ইজৰাইলে এই আক্ৰমণত কোনো ভূমিকা লোৱা নাই বুলি অস্বীকাৰ কৰি থাকিলেও এই আক্ৰমণৰ বিষয়ে অৱগত কৰা বৰ্তমান আৰু প্ৰাক্তন প্ৰতিৰক্ষা আৰু চোৰাংচোৱা বিভাগৰ বাৰজন বিষয়াই কয় যে ইয়াৰ আঁৰত ইজৰাইল আছে।

আন্তঃৰাষ্ট্ৰীয়  আইন আৰু প্ৰভাৱ

ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমা আৰু নিৰাপত্তা নীতিৰ প্ৰতিনিধি জোচেপ বৰেলে শিশুৰ মৃত্যুকে ধৰি সাধাৰণ নাগৰিকৰ ক্ষতিৰ বাবে এই আক্ৰমণৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰে। ৰাষ্ট্ৰসংঘৰ লেবাননৰ বিশেষ সমন্বয়ক জিনিন হেনিছ-প্লাছচাৰ্টেও এই আক্ৰমণৰ বৈধতাক লৈ উদ্বেগ প্ৰকাশ কৰে। বেলজিয়ামৰ উপ-প্ৰধানমন্ত্ৰী পেট্ৰা ডি ছাটাৰে আৰু এঢাপ আগবাঢ়ি গৈ ইয়াক "সন্ত্রাসবাদী আক্ৰমণ" বুলি অভিহিত কৰে। চিআইএৰ প্ৰাক্তন পৰিচালক লিঅ'ন পেনেটাইও এই আক্ৰমণক "সন্ত্রাসবাদৰ এক প্ৰকাৰ" বুলি অভিহিত কৰিছে। এই সম্প্ৰৰ্কীয় বৈধ আইনগত প্ৰশ্নসমূহে এই আক্ৰমণে পাৰ্থক্যৰ নীতি (বুবি ট্ৰেপ ব্যৱহাৰ কৰাত নিষেধাজ্ঞাকে ধৰি) আৰু সমানুপাতিকতাৰ নীতি উলংঘা কৰিছে নেকি সেইটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদকৰ এটা বৃহৎ দলেও কয় যে এই আক্ৰমণসমূহ এই ভিত্তিতেযুদ্ধাপৰাধ হ’ব পাৰে যে এই আক্ৰমণসমূহ “সামৰিক লোকৰ মাজত সন্ত্ৰাস বিয়পোৱাৰ উদ্দেশ্যেৰে কৰা হৈছে”, লগতে সুৰক্ষিত সাধাৰণ নাগৰিকক ইয়াৰ পৰা আঁতৰাই ৰখাত আৰু বুবি ট্ৰেপ ব্যৱহাৰৰ ওপৰত থকা নিষেধাজ্ঞাক উলংঘা কৰাত ব্যৰ্থ হৈছে। তেওঁলোকে ইয়াৰ সঠিক তদন্তৰ আহ্বান জনায়।

বিভিন্ন পাৰ্থক্য:-

নিৰ্বিচাৰ আক্ৰমণ

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিশেষজ্ঞসকলে কয় যে এই আক্ৰমণ নিৰ্বিচাৰ প্ৰকৃতিৰ কাৰণ একেলগে হাজাৰ হাজাৰ যন্ত্ৰ বিস্ফোৰণ কৰি আক্ৰমণকাৰীয়ে সাধাৰণ নাগৰিক আৰু যুঁজাৰুৰ মাজত পাৰ্থক্য ৰখাত ব্যৰ্থ হয়। লণ্ডন স্কুল অৱ ইকনমিক্সৰ এল’নছ’ গুৰমেণ্ডি-ডাংকেলবাৰ্গেও কয় যে, পাৰ্থক্যৰ নীতি পূৰণ কৰিবলৈ হ’লে ইজৰাইলে প্ৰতিটো ব্যক্তিগত যন্ত্ৰ অসামৰিক লোকৰ হাতত নে সামৰিক লোকৰ হাতত আছে সেই কথা পৰীক্ষা কৰিবলগীয়া আছিল। তেওঁ কয় যে ইজৰাইলে তেনে কৰাৰ সম্ভাৱনা নাই, যিহেতু একেলগে হাজাৰ হাজাৰ যন্ত্ৰ বিস্ফোৰণ কৰা হৈছিল। অধ্যাপক উইলিয়াম বুথবিয়ে লিবাৰ ইনষ্টিটিউট ফৰ ল এণ্ড ৱাৰফেয়াৰৰ বাবে লিখিছিল যে লক্ষ্য কৰা ব্যক্তিসকলক পেজাৰসমূহ প্ৰদান কৰা যেন লাগে আৰু পেজাৰসমূহ তেওঁলোকৰ ব্যৱহাৰকাৰীৰ হাতত থাকিব বুলি ধৰি লোৱাটো এক "সম্ভাৱ্য যুক্তি"হে। হিউমেন ৰাইটছ ৱাৰচৰ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ সঞ্চালক লামা ফাকিহে কয় যে, “যিটো বিস্ফোৰক যন্ত্ৰৰ সঠিক স্থান নিৰ্ভৰযোগ্যভাৱে জানিব পৰা নাযায়, সেইটো বেআইনীভাৱে নিৰ্বিচাৰে কৰা কামেই হ’ব।

লক্ষ্যৰ ক্ষেত্ৰত বৈধতা

বহু সূত্ৰই সতৰ্ক কৰি দিছে যে আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন (আই এইচ এল)ৰ অধীনত কেৱল যুঁজাৰুসকলকহে লক্ষ্য কৰি লোৱা ল’ব পাৰে;যিকোনো শত্ৰুতাত অংশগ্ৰহণ নকৰা যিকোনো ব্যক্তিক লক্ষ্য কৰি ল’ব নোৱাৰিব। হিজবুল্লাহৰ সামৰিক শাখা আছে যদিও ই এটা ৰাজনৈতিক দলো। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱ অধিকাৰ অধিবক্তা হুৱাইদা আৰাফে আঙুলিয়াই দিছে যে চৰকাৰী কৰ্মচাৰীসকলক আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি অসামৰিক বুলি গণ্য কৰা হয় যদিহে তেওঁলোকে শত্ৰুতাত অংশগ্ৰহণ কৰা বুলি প্ৰমাণ নাপায়। অধ্যাপক উইলিয়াম বুথবিয়ে লিখিছে যে পেজাৰৰ ওপৰত আক্ৰমণ অবৈধ হ'ব যদিহে জনা যায় যে পেজাৰ হিজবুল্লাহৰ অযুদ্ধবিহীন সদস্যসকলকো জাৰি কৰা হয়: উদাহৰণস্বৰূপে, ইয়াৰ কূটনৈতিক, ৰাজনৈতিক বা প্ৰশাসনিক কৰ্মচাৰীসকলক।

বুবি ট্ৰেপ

বুবি ট্ৰেপসমূহৰ বেছিভাগকেই কিছুমান গতানুগতিক অস্ত্ৰ সন্ধিৰ প্ৰট'কল অন মাইন, বুবি-ট্ৰেপ আৰু অন্যান্য (সংশোধিত প্ৰট'কল) আইনৰ অধীনত নিষিদ্ধ কৰা হৈছে। যুক্তৰাজ্যৰ দৰে কিছুমান দেশৰ নিয়মত নিৰাপদ বস্তুৰ বেশত বিস্ফোৰক যন্ত্ৰৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ যুদ্ধ আইন মেনুৱেলত ঘড়ী, কেমেৰা, ধঁপাতৰ পাইপ আৰু হেডফোন আদি বস্তুৰ উদাহৰণ হিচাপে দিয়া হৈছে। যিবোৰ চৌপাশে বিয়পি যোৱা ৰোধ কৰিবলৈ আৰু বৃহৎ পৰিমাণৰ বিপজ্জনক বস্তুৰ উৎপাদন ৰোধ কৰিবলৈ নিষিদ্ধ কৰা হৈছে। কিস্তু এইবোৰ সাধাৰণ নাগৰিকৰ বাবে আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ শিশুৰ বাবে। আন্তঃৰাষ্ট্ৰীয় সংকট গোটৰ উপদেষ্টা আৰু এন ৱাই ইউ স্কুল অৱ ল'ৰ নন-ৰেচিডেণ্ট চিনিয়ৰ ফেলো ব্রায়ান ফিনুকেনে কৈছে যে ল অৱ ৱাৰ মেনুৱেলত নিষিদ্ধ বুবি ট্ৰেপৰ এটা নিৰ্দিষ্ট উদাহৰণ হিচাপে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিস্ফোৰণ ঘটোৱা যোগাযোগত ব্যৱহৃত হেডছেট লোৱা হৈছে। যুদ্ধ আইন অধ্যাপক উইলিয়াম এইচ বুথবিয়ে লিবাৰ ইনষ্টিটিউট ফৰ ল এণ্ড ৱাৰফেয়াৰৰ আৰ্টিকেলছ অৱ ৱাৰত লিখিছে যে "এবাৰ অস্ত্ৰ সংকেত প্ৰেৰণ কৰাৰ পিছত লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে ব্যৱহাৰ কৰা যন্ত্ৰসমূহ ৭(২) অনুচ্ছেদৰ ভিতৰত পৰে আৰু সেয়েহে সেই ভিত্তিত নিষিদ্ধ কৰা হৈছে।" হিউমেন ৰাইটছ ৱাচৰ মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ সঞ্চালক লামা ফাকিহে কয় যে, “প্ৰথাগত আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন অনুসৰি বুবী ট্ৰেপৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে – যিবোৰ বস্তু সাধাৰণ নাগৰিকৰ প্ৰতি বিপজ্জ্বনক হোৱাৰ সম্ভাৱনা থাকে বা সাধাৰণ অসামৰিক লোকে দৈনন্দিন ব্যৱহাৰৰ কৰে।”

এই ঘটনাৰ প্ৰতিক্ৰিয়া

লেবাননৰ এক উচ্চস্তৰৰ নিৰাপত্তা সূত্ৰই জনাইছে যে ইজৰাইলে ব্যক্তিগত যন্ত্ৰৰ যোগাযোগ ব্যৱস্থাত অনুপ্ৰৱেশ কৰিছিল, যাৰ ফলত ইয়াৰ বিস্ফোৰণ ঘটিছিল। প্ৰধানমন্ত্ৰী মিকাটিৰ কাৰ্যালয়ে কয় যে এই কাণ্ড ইজৰাইলৰদ্বাৰা এক অপৰাধমূলক "লেবাননৰ সাৰ্বভৌমত্ব উলংঘা"ৰ ঘটনা। হিজবুল্লাহে ইজৰাইলৰ আক্ৰমণক "অপৰাধমূলক আগ্ৰাসন" বুলি অভিহিত কৰিছিল আৰু "ন্যায্য প্ৰতিশোধ"ৰ প্ৰতিশ্ৰুতি দিছিল। ১৯ ছেপ্টেম্বৰত দিয়া ভাষণত প্ৰধান সচিব নাছৰল্লাই এই আক্ৰমণক "তীব্ৰ আঘাত" বুলি অভিহিত কৰি হিজবুল্লাহ, লেবানন আৰু সম্ভৱতঃ অঞ্চলটোৰ বাবে ইয়াক "অভূতপূৰ্ব" বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ইজৰাইলে সকলো "সীমা ৰেখা" অতিক্ৰম কৰিছে।

আনফালে এক্সিয়াছৰ মতে ইজৰাইলৰ বিষয়াসকলে কয় যে তেওঁলোকে উত্তৰ সীমান্তত বৃহৎ তীব্ৰতা বৃদ্ধিৰ আশংকাৰ বিষয়ে অৱগত আৰু হিজবুল্লাহৰ প্ৰতিশোধৰ বাবে আইডিএফ উচ্চস্তৰত সতৰ্ক হৈ আছে। ইজৰাইলৰ বাতৰি ৱেবছাইট ৱালাই নাম প্ৰকাশ নকৰা বিষয়াসকলৰ উদ্ধৃতি দি কৈছে যে: "ইজৰাইলৰ চোৰাংচোৱা সংস্থাই অভিযানৰ পূৰ্বে মূল্যায়ন কৰিছিল যে হিজবুল্লাহে ইজৰাইলৰ বিৰুদ্ধে ওভট আক্ৰমণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্টে সংঘাতৰ "নতুন পৰ্যায়" আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে হিজবুল্লাহৰ সৈতে, আৰু আইডিএফে বাহিনী আৰু সম্পদসমূহ উত্তৰ দিশলৈ পুনৰ নিৰ্দেশিত কৰিছিল।

উপসংহাৰ

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অধ্যয়ন আৰু বিশ্লষণত এই কথা স্পষ্ট যে এয়া আক্ৰমণৰ এন নতুন ৰূপ। কোনোধৰণৰ পাৰমানৱিক আৰু স্বাভাৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰাকৈ আন্তঃৰাষ্ট্ৰীয় স্তৰত নিষিদ্ধ এক পন্থাৰে কৰা এই আক্ৰমণ সমগ্ৰ মানৱ জাতিৰ বাবেই নীতি বিৰুদ্ধ। এই ঘটনাক বিশ্বসমাজে গৰিহণা দিছে। কিন্তু এই আক্ৰমণে নিয়ম পালনত অনিচ্ছুক কোনো দেশ বা শাসকক অপৰাধৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ সম্ভাৱনা নথকা নহয়। এই ঘটনাৰ ফলত এতিয়া অসামৰিক সাধাৰণ লোকৰ মাজত যিকোনো ডিভাইচ বা নিত্য ব্যৱহাৰ্য্য যন্ত্ৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক অজান আতংকৰ জন্ম দিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Tags:    

Similar News