মণিপুৰৰ পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত। শেহতীয়াকৈ দুগৰাকী নিখোজ মেইটেই ছাত্ৰ- ছাত্ৰীৰ মৃতদেহৰ ফটো চ'চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ লগে লগে সকলো স্তম্ভিত হৈ পৰিছে। এই ছাত্ৰ - ছাত্ৰী দুগৰাকী হ'ল ১৭ বছৰীয়া লুৱাংগবি লিনথৈংগাম্বি হিজাম আৰু ২০বছৰীয়া ফিজাম হেমনজিৎ সিং। এনে সময়তে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ হৈছে এই কেপশ্বনেৰে- The two teenager was killed by Arambai Tengol after their video viral.

Proof : the man who wear black shirt holding water bottle & gun was Meetei Arambai Tengol

Source: Eramdam E-Pao Meitei Facebook page"।

কোৱা হৈছে যে এই ফটোত দেখা ছাত্ৰ - ছাত্ৰী দুগৰাকীৰ পিছফালে হাতত এটা বটল আৰু বন্দুক লৈ বহি থকাজন হ'ল আৰাম্বাই টেংগল যিয়ে দুয়োগৰাকীক হত্যা কৰিছিল।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ'ৰ্ড চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

আমি দ্য ছিয়াছত ডেইলীৰ এক প্ৰতিবেদন পালোঁ য'ত নিখোজ মেইটেই ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ মৃতদেহৰ ফটো ভাইৰেল হোৱাৰ বিষয়ে লিখা আছিল। প্ৰতিবেদনত সংলগ্ন ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে একেই কিন্তু পিছফালে হাতত বটল আৰু বন্দুক লৈ থকা ব্যক্তিজন নাছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

মণিপুৰ টাইমছ নামৰ ফেচবুক পেজতো একেখন ফটো আমি পালোঁ, তাতো পিছফালে হাতত বটল আৰু বন্দুক লৈ থকা ব্যক্তিজন নাছিল।

দুয়োখন ফটোৰ তুলনা তলত চাব পাৰিব।

ছাত্ৰ - ছাত্ৰী দুগৰাকীৰ হত্যা সন্দৰ্ভত চিবিআই তদন্ত আৰম্ভ হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই সম্পৰ্কে ফেচবুকত কৰা এটা পোষ্ট আমি পালোঁ।

Facebook Link | Archived Link

মুখ্যমন্ত্ৰীগৰাকীৰ এক্সতো (পূৰ্বৰ টুইটাৰ) এই সম্পৰ্কে কৰা এটা টুইট আমি পালোঁ আৰু গম পালোঁ যে এই হত্যাকাণ্ডৰ অপৰাধী চিনাক্তকৰণৰ বাবে অনুসন্ধান চলি আছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল ফটোখনত ছাত্ৰ -ছাত্ৰী দুগৰাকীৰ পিছফালে হাতত বটল আৰু বন্দুক লৈ থকা ব্যক্তিজন নাছিল। তদুপৰি হত্যাকাৰীৰ সম্ভেদ বিচাৰি অনুসন্ধান চলাই থকা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখনত মণিপুৰৰ ছাত্ৰ -ছাত্ৰী দুগৰাকীৰ হত্যাকাৰী হাতত বটল আৰু বন্দুক লৈ সঁচাকৈয়ে বহি আছেনে?

Written By: Debanjana Baishya

Result: Altered