ভাৰত আৰু কানাডাৰ মাজত শেহতীয়াকৈ চলি থকা কূটনৈতিক সংঘাতৰ মাজতে চ'চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ ফটো ভিডিঅ' ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এখন ফটো ভাইৰেল হৈছে য'ত একাংশ লোকক বিজেপিৰ পতাকা লৈ কিছুমান দোকানৰ সমুখত প্ৰতিবাদ কৰি থকা দেখা গৈছে। প্ৰতিবাদকাৰীসকলৰ পিছফালে কানাড়া বেংকৰ এখন ব'ৰ্ড দেখা গৈছে। দাবী কৰা হৈছে যে কানাডাত আৰ এছ এছক নিষিদ্ধ কৰা হৈছে আৰু সেইবাবে বিজেপিৰ কৰ্মীসকলে কানাড়া বেংকৰ সমুখত প্ৰতিবাদ কৰিছে।

Facebook Link | Archived Link

এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

আমি maalaimalar নামৰ এটা তামিল ৱেবছাইটত ২০২০ চনৰ আগষ্ট মাহৰ ৩০ তাৰিখে প্ৰকাশিত এটা প্ৰতিবেদন পালোঁ। প্ৰতিবেদন অনুসৰি এই ছবিখন উটিৰ নীলগিৰি অঞ্চলৰ। বিজেপিয়ে পৌৰসভাৰ মালিকানাধীন মাটিত নিজৰ দলৰ পতাকা উত্তোলন কৰিবলৈ পতাকা দণ্ড পুতিছিল। উটি চিটিৰ কেন্দ্ৰীয় থানাত অভিযোগ দাখিল কৰাৰ পিছত পৌৰসভাৰ কৰ্মচাৰীয়ে আৰক্ষীৰ সৈতে পতাকা দণ্ড আঁতৰাই পেলায় কাৰণ ইয়াক অনুমতি অবিহনে পোতা হৈছিল। সেয়ে অঞ্চলটোত বিজেপি দলৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

ওপৰৰ ফটোখনত স্পষ্টকৈ দেখা গৈছে যে কানাড়া বেংকৰ কোনো হ'ৰ্ডিং বা ব'ৰ্ড তাত নাই। গতিকে, এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে প্ৰকৃত ফটোখন সম্পাদনা কৰা হৈছিল আৰু তাত কানাড়া বেংক লিখা থকা ব’ৰ্ডখন যোগ কৰা হৈছিল। আমি এইটোও দেখিলোঁ যে বাকী অস্পষ্ট পটভূমিৰ তুলনাত কানাড়া বেংকৰ ব’ৰ্ডৰ ফটোখন অতি স্পষ্ট।

তলত দুয়োখন ফটোৰ তুলনা চাব পাৰিব।

তদুপৰি দাবী কৰা ধৰণে কানাডাত আৰ এছ এছক নিষিদ্ধ কৰা হোৱা নাই। এই সম্পৰ্কে আমাৰ এক ফেক্ট চেক ইয়াত চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল ফটোখনত কানাড়া বেংকৰ ব'ৰ্ড নাছিল। প্ৰকৃত ফটোখন ২০২০ চনত উটিত পৌৰসভাই বিজেপি দলৰ পতাকা উত্তোলন কৰিবলগীয়া পতাকা দণ্ড আঁতৰোৱাৰ পিছত বিজেপিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰহে দৃশ্য, এই ফটোখনৰ ভাৰত কানাডাৰ সংঘাতৰ লগত কোনো সম্পৰ্ক নাই। তদুপৰি কানাডাত আৰ এছ এছক নিষিদ্ধ কৰা হোৱা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিজেপিৰ কৰ্মীসকলে কানাড়া বেংকৰ সমুখত প্ৰতিবাদ কৰা নাই, ফটোখন সম্পাদনা কৰা হৈছে।

Written By: Debanjana Baishya

Result: Altered