
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ২০ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু ভাৰতত এতিয়ালৈকে কেইবাশ ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
এনে এক ফেচবুক পোষ্ট সম্প্ৰতি অসমত ভাইৰেল হব ধৰিছে আৰু বিভিন্নজনে শ্বেয়াৰ কৰি আছে । পোষ্টটোত পৰ্ণগ্ৰাফী ভালপোৱা সকলক অভিনন্দন জনোৱা হৈছে আৰু টুইটাৰৰ এক স্ক্ৰীনশ্বট আপলোড কৰা হৈছে য’ত লিখা আছে যে ক’ৰনা ভাইৰাছ ৰোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে পৰ্ণ ৱেবচাইটবোৰৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে আৰু এই বিষয়ে এক নাটিফিকেছন গেজেট অফ ইণ্ডিয়াত খুব সোনকালেই প্ৰকাশ পাব । নিউজ গোষ্ঠী এএনআই’ৰ ল’গ’ থকা এখন ফটোও উক্ত টুইটাৰ পোষ্টটোৰ সৈতে আপলোড কৰা হৈছে ।
মান্না বৰভূঞা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা উক্ত ফেচবুক পোষ্টটো যোৱা ২৬ মাৰ্চ, ২০২০ তাৰিখে আবেলি ৬:৩৫ বজাত আপলোড কৰা হৈছে আৰু ১০ বাৰতকৈ অধিক শ্বেয়াৰ হৈছে আৰু ধীৰে ধীৰে ভাইৰেল হব ধৰিছে ।
কিন্তু এইয়া কিমান দূৰ সত্য? জানোঁ আহক
প্ৰণালী
প্ৰথমে আমি ভাইৰেল পোষ্টটোত থকা ফটোখন ভালকৈ লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে এইয়া নিউজ গোষ্ঠী ‘এএনআই’ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা কৰা টুইট নহয় । যদিয়ো আপলোড হোৱা ফটোখন টুইটাৰ নিউজ ফ্লেছ বুলি আছে, টুইটাৰ হেণ্ডেলটোৰ নাম ANIৰ ঠাইত AIN বুলি লিখা আছে আৰু @ANIৰ ঠাইত @rohitadhikari92 বুলি লিখা আছে ।

আমি @rohitadhikari92 নামৰ টুইটাৰ হেণ্ডেলটো টুইটাৰত বিচাৰিলোঁ আৰু দেখিলোঁ যে এই টুইটাৰ হেণ্ডেলটোৰ পৰা ইতিমধ্যে এই বিষয়ে ক্ষমা খোজা হৈছে । তেওঁ ধেমালি কৰিছিল বুলি উল্লেখ কৰিছে । এতিয়া অৱশ্যে তেওঁ AIN বুলি লিখা নামটো সলনি কৰি বেলেগ দি থৈছে কিন্তু আমি @rohitadhikari92 দেখি একেটাই যে প্ৰফাইল ধৰিব পাৰিলোঁ ।

আমি লগতে নিউজ গোষ্ঠী এএনআই’ৰ টুইটাৰ হেণ্ডেলটো চালোঁ আৰু ইয়াত এনে কোনো বাতৰি বা টুইট দেখা নাপালোঁ ।
ফলাফল
ভাইৰেল পোষ্টটো মিছা যিহেতু নিউজ গোষ্ঠী ‘এএনআই’য়ে এনে কোনো টুইট কৰা নাই । আন এক টুইটাৰ হেণ্ডেলৰ পৰা ধেমালি কৰিবলৈহে এই টুইটটো কৰিছিল আৰু ইতিমধ্যে ক্ষমা খুজিছে ।

Title:ক’ৰনা ভাইৰাছ ৰোগৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পৰ্ণচাইটৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে বুলি ‘এএনআই’য়ে টুইট কৰিছে নেকি?
Fact Check By: Manjori BorkotokyResult: False