মক্কাত সঁচাকৈয়ে তুষাৰপাত হৈছেনে?

False International

শেহতীয়াকৈ মক্কাত তুষাৰপাত হোৱা বুলি দাবী কৰা এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। তুষাৰপাতৰ সময়ত মক্কাৰ কাবা শ্বৰীফত হোৱা জনসমাগম ভিডিঅ’টোত দেখুওৱা হৈছে।

Facebook Link | Archived Link

এই একেটা ভিডিঅ’ আন আন চ’চিয়েল মেডিয়া প্লেটফৰ্মতো ভাইৰেল হোৱা দেখা গৈছে।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কীৱ’ৰ্ড চাৰ্চ কৰি ছৌদি আৰব ৱেদাৰৰ টুইটাৰ হেণ্ডেলত এটা টুইট পালোঁ য’ত একেটা ভিডিঅ’পোষ্ট কৰা হৈছিল। ভিডিঅ’টোৰ লগতে জনোৱা হৈছিল যে সেই ভিডিঅ’টো ভুৱা। “দিচক্লেইমাৰ:মক্কাত প্ৰথমবাৰৰ বাবে বৰফ আল-মুকাৰামহ ১-১-২০২৩” শীৰ্ষক প্ৰচাৰিত ভিডিঅ’টো ফিল্টাৰ ব্যৱহাৰ কৰি কাৰিকৰীভাৱে পৰিৱৰ্তিত ভিডিঅ’, আজি মক্কাত তাপমাত্ৰা ৩০ ডিগ্ৰী চেলছিয়াছ হৈছে, আৰু এই জলবায়ু প্ৰস্তুত নহয় বৰফ পৰাৰ বাবে”।

কায়ৰোৰ এজন সাংবাদিকে মক্কাত বৰফ পৰাৰ ভাইৰেল ভিডিঅ’টোক ভুৱা আখ্যা দিয়ে।

চিয়াছাট ডেইলীৰ প্ৰতিবেদন অনুসৰি ছৌদি আৰৱৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই স্পষ্ট কৰি দিছে যে মক্কাৰ গ্ৰেণ্ড মছজিদত কোনো ধৰণৰ বৰফ পৰা নাই। কিছু ফিল্টাৰ আৰু ইফেক্ট যোগ কৰি ভাইৰেল ভিডিঅ’টো তৈয়াৰ কৰা হৈছে। অঞ্চলটোত বৰষুণৰ আগজাননীৰ সৈতে অস্থিৰ বতৰৰ পিছত এই ভিডিঅ’টো প্ৰচাৰ আৰম্ভ হয়।

আমি মক্কাৰ পৰা যোৱা কেইদিনমানৰ বতৰৰ প্ৰতিবেদনো পৰীক্ষা কৰিলোঁ। আমি দেখিলোঁ যে মক্কাৰ উষ্ণতা বৰফ পৰাৰ বাবে নূন্যতম উষ্ণতাৰ বহু ওপৰত। ২০২৩ চনৰ ১ জানুৱাৰীত মক্কাৰ সৰ্বনিম্ন তাপমাত্ৰা ১৭ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ ২৯ ডিগ্ৰী চেলছিয়াছ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে মক্কাত কোনো ধৰণৰ তুষাৰপাত হোৱা নাই। ভাইৰেল ভিডিঅ’টো কিছুমান ফিল্টাৰ ব্যৱহাৰ কৰি পৰিৱৰ্তন কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মক্কাত সঁচাকৈয়ে তুষাৰপাত হৈছেনে?

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *