জেএনইউৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদী আন্দোলনত প্ৰদৰ্শন কৰা হৈছিল নেকি ‘আৰএছএছ মুর্দাবাদ’ প্লেকাৰ্ড?

False Political

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে  । ফটোখনত এগৰাকী মহিলাক হাতত এখন “আৰএছএছ মুর্দাবাদ” বুলি প্লেকাৰ্ড লৈ এক আন্দোলনত ভাগ লোৱা দেখা গৈছে ।

এই ফটোখন বৰ্তমান জেএনইউ’ত (জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি) মাচুল বৃদ্ধিৰ প্ৰতিবাদত হৈ থকা আন্দোলনৰ সময়ৰ হয় বুলি দাবী কৰা হৈছে আৰু লগতে ফটোখনৰ সৈতে লিখা হৈছে যে যদি এইয়া মাচুল বৃদ্ধিৰ প্ৰতিবাদত হৈ থকা আন্দোলন হয় তেন্তে ‘আৰএছএছ মুর্দাবাদ’ বুলি লিখাৰ কি প্ৰয়োজন আছে? 

সঁচাকৈ এই ভাইৰেল ফটোখন জেএনইউ’ত মাচুল বৃদ্ধিৰ প্ৰতিবাদত হৈ থকা আন্দোলনৰ সময়ৰ হয় নেকি? আৰএছএছৰ লগত কোনো সম্পৰ্ক নথকা এক আন্দোলনত ‘আৰএছএছ মুর্দাবাদ’ বুলি প্লেকাৰ্ড প্ৰদৰ্শন কৰা হৈছিল নেকি? সত্যতা কি? জানোঁ আহক । 

প্ৰণালী

আমি ভাইৰেল ফটোখনলৈ গুগলত ৰিভাৰছ ইমেজ চাৰ্চ কৰিলোঁ আৰু পালোঁ যে উক্ত ফটোখন আচলতে বহুত পুৰণি আৰু জেএনইউ’ত মাচুল বৃদ্ধিৰ প্ৰতিবাদত হৈ থকা আন্দোলনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । আমি ৰিভাৰছ ইমেজ চাৰ্চৰ জৰিয়তে কেটৰ্চ নিউজয়ে ফেব্ৰুৱাৰী ২০১৭ চনতে উক্ত ফটোখন ব্যৱহাৰ কৰি এক বাতৰি প্ৰকাশ কৰা দেখা পালোঁ । 

jnu new 1.png

নিউজ ৰিপৰ্টটোৰ মতে এদল শিক্ষাৰ্থীয়ে দিল্লীত অৱস্থিত আৰএছএছ হেডকোৱাৰ্টাৰৰ বাহিৰত ৰোহিৎ ভেমুলা নামৰ এজন শিক্ষাৰ্থীৰ অস্বাভাৱিক মৃত্যুৰ প্ৰতিবাদত আন্দোলন কৰি থকাৰ সময়ত এই ভাইৰেল ফটোখন তোলা হৈছিল । 

আমি এই বিষয়ে আন মিডিয়া ৰিপোৰ্টছও দেখা পালোঁ য’ত একেই ফটো ব্যৱহাৰ কৰি একেটা বাতৰিকে পৰিবেশন কৰা হৈছে । 

ফলাফল

ভাইৰেল ফটোখন তিনিবছৰ মান পুৰণি আৰু জেএনইউ’ত মাচুল বৃদ্ধিৰ প্ৰতিবাদত হৈ থকা আন্দোলনৰ লগত কোনো সম্পৰ্ক নাই । কোনোবাই যদি উক্ত ফটোখন বর্তমানৰ জেএনইউ আন্দোলনৰ লগত জড়িত কৰিছে তেন্তে তেওঁ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে । 

Avatar

Title:জেএনইউৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদী আন্দোলনত প্ৰদৰ্শন কৰা হৈছিল নেকি ‘আৰএছএছ মুর্দাবাদ’ প্লেকাৰ্ড?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *