ব্যংগ: দ্য নিউয়ৰ্ক টাইমছে তেওঁলোকৰ ২৬ ছেপ্টেম্বৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰী মোডীৰ ছবি প্ৰকাশ কৰা নাছিল

প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ২৫ ছেপ্টেম্বৰত ইউনাইটেড ষ্টেটছ অৱ আমেৰিকালৈ তেওঁৰ চৰকাৰী ভ্ৰমণ সমাপ্ত কৰিছে। তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৬ তম অধিৱেশনত ভাষণ দিছিল আৰু কোৱাড (QUAD) নেতাসকলৰ সন্মিলনতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ ভ্ৰমণকালত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰে। ইয়াৰ মাজতে, নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাত প্ৰধানমন্ত্ৰী মোডীক “পৃথিৱীৰ […]

Continue Reading

FACT CHECK: মোডী বিৰোধী পোষ্টাৰ দেখুওৱা ভাইৰেল ছবিবোৰ শেহতীয়াকৈ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ সৈতে সাক্ষাৎ কৰাৰ সময়ৰ নহয়!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ সৈতে সাক্ষাৎ কৰাৰ সময়ত মোডীক এডল্ফ হিটলাৰৰ সৈতে তুলনা কৰা প্লেকাৰ্ড হাতত লৈ থকা মোডী বিৰোধী প্ৰদৰ্শনকাৰীৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।  মোডীৰ শেহতীয়া ভ্ৰমণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰত মোডী বিৰোধী প্ৰতিবাদ অনুষ্ঠিত হৈছিল বুলি দাবী কৰি একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এই ছবিসমূহ […]

Continue Reading

FACT CHECK: সম্পৰ্কহীন ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনৰ ফটো দিল্লীত অনুষ্ঠিত হোৱা বিশ্বৰ শীৰ্ষ চোৰাংচোৱা সংস্থাসমূহৰ বৈঠক বুলি ভাইৰেল

শেহতীয়াকৈ এখন বৈঠকৰ ফটো ছ’চিয়েল মিডিয়াত কেপশ্বনৰ সৈতে শ্বেয়াৰ কৰা হৈছে য’ত দাবী কৰা হৈছে যে ভাৰতৰ ৰ’, ইজৰাইলৰ মোচাদ, আমেৰিকাৰ চিআইএ, ৰাছিয়াৰ কেজিবি আৰু ইংলেণ্ডৰ এমআই6 কে ধৰি ৫ খন দেশৰ চোৰাংচোৱা সংস্থাই শেহতীয়াকৈ দিল্লীত মিলিত হৈছে। ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, যাৰ ফলত বহুতো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিশ্বাস কৰিছিল যে নতুন দিল্লীত […]

Continue Reading

FACT CHECK: বাংলাদেশৰ ২০২০চনৰ ফেৰী দুৰ্ঘটনাৰ ফটো নিমাতীঘাটৰ নাওঁ দুৰ্ঘটনাৰ ফটো বুলি প্ৰচাৰ!

যোৱা বুধবাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলীৰ কমলাবাৰীৰ পৰা যাত্ৰা কৰা এখন ফেৰী আৰু যোৰহাটৰ নিমাতীঘাটৰ পৰা যাত্ৰা কৰা এখন নাওৰ মাজত খুন্দা লগাৰ ফলত এক শোকাবহ নাওঁ দুৰ্ঘটনা ঘটে । উক্ত দূৰ্ঘটনাৰ পাছত ৮৭গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানলৈ চৰকাৰী তথ্যৰ মতে দুগৰাকী সন্ধানহীন হৈ থকাৰ লগতে পৰিমিতা দাস নামৰ এগৰাকী যুৱতীৰ কালি মৃত্যু […]

Continue Reading

FACT CHECK: বিয়াৰ দিনা গুটখা চোবাই থকাৰ বাবে কইনাই দৰাক মাৰপিট কৰা ভিডিঅ’টোৰ আঁৰৰ কাহিনী

বিভিন্ন সংবাদ মাধ্যমে এটা ভাইৰেল ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি পৰিবেশন কৰা এটা বাতৰিত দাবী কৰা হৈছে যে এখন বিয়াত এজনী কইনাই গুটখা চোবাই থকা বাবে দৰাক মাৰপিট কৰিছে। বাতৰিসমুহ এটা ভাইৰেল ভিডিঅ’ সম্পৰ্কত ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি কৰা হৈছে।  Facebook Post | Archived Link Facebook Post | Archived Link ভাইৰেল ভিডিঅ’টোত দেখা […]

Continue Reading

FACT CHECK: এইয়া তালিবানে হেলিকপ্টাৰ উৰুৱাই আফগান লোকক ফাঁচী দিয়াৰ দৃশ্য নহয়!

শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰিছে আৰু  কেইবাটাও মূলসুঁতিৰ মিডিয়া সংস্থায়েও উক্ত ভিডিঅ’ প্ৰচাৰ কৰা দেখা গৈছে । উক্ত ভাইৰেল ভিডিঅ’টোত এজন লোকক এখন হেলিকপ্টাৰৰ পৰা ওলমি থকা দেখা গৈছে আৰু এই ভিডিঅ’টো আফগানিস্তানৰ কান্দাহাৰৰ হয় বুলি কোৱা গৈছে । দাবী কৰা গৈছে যে এইয়া শেহতীয়াকৈ আফগানিস্তান তালিবানে দখল কৰাৰ পাছত […]

Continue Reading

FACT CHECK: ভাইৰেল ফটোত দেখা ছোৱালীজনী আইপিএছ বিষয়া নহয়!

ইউনিফৰ্ম পৰিহিত বহুকেইজন ব্যক্তিৰ মাজত হিজাব পিন্ধা এগৰাকী ছোৱালীয়ে পিছফালে মহাৰাষ্ট্ৰ পুলিচৰ বোৰ্ড লগোৱা এখন মেজত বহি থকা এখন ফটো এই দাবীৰে ভাইৰেল কৰা হৈছে যে তেওঁ প্ৰথম মুছলমান আইপিএছ বিষয়া, যি উৰ্দূ মাধ্যমৰ পৰা নিৰ্বাচিত হৈছে।  অসমত এই ফটোখন সেই দাবীৰে সৈতে এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল,যিটো বহুবাৰ শ্বেয়াৰ কৰা হৈছিল আৰু ভাইৰেল হৈ […]

Continue Reading